ইতিবাচক চিন্তা -নিবেদিতা হাজৰিকা

©Admin
0
এজন ব্যক্তিৰ চিন্তাধাৰাৰ পৰাই তেখেতৰ বিষয়ে কিছু কথা পূৰ্বানুমান কৰিব পাৰি। ইতিবাচক চিন্তাৰ গৰাকীজনে নিজেও সকাৰাত্মক চিন্তা কৰে আৰু আনকো সেই ধৰনৰ বাট দেখুৱায়। ইয়াতেই প্ৰমাণ পোৱা যায় মনৰ পৰিধিৰ কথা। এনে ব্যক্তিৰ সান্নিধ্যত আনেও নতুন ,ভাল ,কামত অহা কথা শিকিবলৈ সুবিধা পায়। মনৰ সংকীৰ্ণতা এনে লোকৰ সান্নিধ্যত পলকতে নোহোৱা হয়। চিন্তাৰ পৰিধি এনেলোকৰ ইমানেই বিশাল যে ইয়াৰ সুপ্ৰভাৱে সকলোৰে  মনৰ মলিনতা দূৰ কৰাত সহায় কৰে। ইতিবাচক চিন্তাই এটা কথাই প্ৰমাণ কৰে  - আপোন ভালেই জগত ভাল। ভাল সংগত থাকিলে তাৰ ভাল প্ৰভাৱ অৱশ্যেই পৰিব। আমাৰ জীৱনত এনে ইতিবাচক চিন্তাৰ গৰাকীৰ খুবেই প্ৰয়োজন। যিয়ে নিজৰ ইতিবাচক চিন্তাৰ জৰিয়তে প্ৰথমে নিজে সফলতা আৰু মানসিক আনন্দ লাভ কৰিছে আৰু সেই আনন্দৰ প্ৰতি, সেই ধৰনৰ চিন্তাৰ প্ৰতি আনকো আকৰ্ষিত কৰি মানসিকতাৰ পৰিৱৰ্তন ঘটাবলৈ সক্ষম হৈছে । এজন আদৰ্শনীয় ব্যক্তি হিচাপে নেতিবাচক চিন্তাৰ পৰা আনক মুক্ত কৰি ইতিবাচক চিন্তাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হোৱাটো এক গৌৰৱৰ কথা তথা এক আদৰণীয় পদক্ষেপ। যি পদক্ষেপে সকলোৰে মংগল আৰু মানসিকতাৰ উন্নতি সাধন কৰাত সহায় কৰাৰ লগতে  জীৱনত সফলতা আৰু মানৱীয় গুণ সমূহ আয়ত্ব কৰাৰ ক্ষেত্ৰতো বিশেষ সহায়ক হৈ পৰে। সেয়ে আমি সকলোৱে ইতিবাচক চিন্তাৰে মনৰ পৰিধি বহল কৰিবলৈ প্ৰয়াস কৰা উচিত।
    
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)