মই এতিয়াও ৰৈ আছো ।
কিজানি ঘূৰি আহিব ,
আঁতৰি যোৱাৰ বাটেৰে ।
মদ খাইছো,
নিচা নিচা
কেৱল নিচা কৰিছো ,
অতিতৰ স্মৃতি ৰোমন্থন কৰি ।
জীৱনত এতিয়া কি বিচাৰি ফুৰিছো
মই নিজেই নাজানো
হেজাৰ প্ৰশ্নৰ ছুনামীত
থৰকা ছুটি হেৰুৱাইছে ,
মোৰ হৃদয় খনে ।
আচলতে নজনা হ'লেই
ভাল আছিলে
তাইৰ ঠিকনা
নোকোৱা হ'লেই
ভাল আছিলে
তোমাক ভাল পাওঁ বুলি ।
এনেকৈ প্ৰাপ্তি-অপ্ৰাপ্তিৰ
গভীৰ সাগৰত
বঠা বিহীন হৈ
নিজকে ডুবাই
মাৰিব নালাগিলে হেতেন ।
প্ৰয়োজন নহ'ল হয়
জীয়াই থাকিবলৈ
বিলাতী সুৰা আৰু
সহাৰিৰ বাবে কেইজন মান প্ৰেমিক বন্ধু ।
দুটা আঙুলিৰ ফাকত
এটা জলন্ত চিগাৰেট লৈ
এতিয়াও বহি আছো
তুমি এৰি সেই অচিন ডিভাইদাৰৰ এমূৰত
তুমি ঘূৰি অহাৰ আশাত !
তুমি হাঁহিলে
গালত ডিম্পল উঠে ,
আসঃ বৰ মৰম লাগে
তুমি হাঁহিলে !
উফ বৰ কষ্ট হয় এতিয়া
বৰ কষ্ট হয়
তুমি অবিহনে
জীয়াই থকাৰ প্ৰতিটো পল
কিয় বাৰু ভাল পাইছিলো
সেই জোনাক ভাল-পোৱা ছোৱালী জনীক ?
কিয় কিয় কিয়?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ