স্মৃতি-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
স্মৃতি মানে,
তোমাৰ লগত প্ৰথম পৰিচয়।
স্মৃতি মানে,
তোমাৰ লগত নতুন অধ্যায়।
স্মৃতি মানে,
তোমাৰ লগত প্ৰথম কথোপকথন।
স্মৃতি মানে,
তুমি মোৰ ৰঙীণ সপোন।
স্মৃতি মানে,
তুমি মোৰ শিল্পীৰ অঁকা ছবি।
স্মৃতি মানে,
তুমি মোৰ প্ৰভাতৰ কুঁৱলী।
স্মৃতি মানে,
তুমি মোৰ জোনৰ পোহৰ।
স্মৃতি মানে,
কিছু সময় একে লগে চলা।
স্মৃতি মানে,
পাৰ্কৰ সেই পৰিচিত বেঞ্চ।
স্মৃতি মানে,
বাদাম ভজা আৰু চকলেট।
স্মৃতি মানে,
তুমি মোৰ ৰঙীণ গোলাপ ফুল।
স্মৃতি মানে,
তোমাৰ আমাৰ প্ৰেমৰ আলিঙ্গন।
স্মৃতি মানে,
উদাসীন হোৱা বিৰহৰ সংগীত।
স্মৃতি মানে,
মই এতিয়া তোমাৰ অতীত।

▪️আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)