ছলনাময়ী নাৰীৰ মায়াবী প্ৰেম-হাফিজ গিয়াছউদ্দিন আহমেদ

©Admin
0
বন্ধু বিক্ৰম ঠিকেই আছিল। সি এজন শান্ত- শিষ্ট,নম্ৰ- ভদ্র, গুণী-জ্ঞানী ল'ৰা আছিল। নষ্টালজি মায়াবী নাৰীৰ প্ৰেমত মোহিত হৈ লাহে লাহে স্বভাৱবোৰ সলনি হ'বলৈ ধৰিলে। মায়াবী নাৰীৰ মায়াজালত মোহিত হৈ শান্ত- শিষ্ট বিক্ৰমে উগ্র মনৰ ল'ৰাৰ নিচিনা হৈ গ'ল। নম্ৰ- ভদ্র বিক্রমে অভদ্র আচৰণ কৰিবলৈ আৰম্ভ কৰিলে। গুণী - জ্ঞানী ল'ৰা জন এতিয়া মায়াবী নাৰীৰ কথাত হে উঠা বহা কৰে। বন্ধু বিক্রম ঠিকেই আছিল মায়াবী নাৰীজনীয়ে প্ৰলোভন দি বিক্রমক মায়াজালত আৱদ্ধ কৰিলে। কোনে দিনেই ছোৱালীৰ মুখৰফালে চাই কথা নোকোৱা বিক্রমে আজি দিনে দিনে ছোৱালীৰ ফালে আসক্ত হ'বলৈ ধৰিছে। লাহে লাহে পঢ়া শুনাত মন নবহা হৈ গ'ল। কেৱল মাত্র মনত এটাই কল্পনা মায়াবী নাৰীৰ মায়াৰ স্পৰ্শৰ কথা মনলৈ আহে। খোৱা- লোৱাও সময়মতে নকৰে, খেলা - ধুলাও কৰিব নোৱাৰে, কিতাপ মেলি পঢ়াত বহিলেও পঢ়িব নোৱাৰে, বন্ধু বৰ্গৰ সৈতেও ভালদৰে কথাও নকয়। দিন- ৰাতি ফোনত কথা পতাতে ব্যস্ত হৈ থাকে। ঘন্টাৰ পিছত ঘন্টা কথা পতাৰ পিছতো অপেক্ষা কৰি থাকে কেতিয়া আকৌ মায়াবী নাৰীজনীৰ মিছ্কল আহিব। হঠাৎ এদিন বন্ধু বিক্রমে উপলব্ধি কৰিলে আগৰ সহজ- সৰল ব্যক্তিৰ পৰা মই কি হ'লো, পঢ়া শুনাত মন ন'বহা, খোৱা- লোৱা সময় মতে কৰিব ইচ্ছা নোযোৱা, ভাল টোপনি নোহোৱা , মায়াবী নাৰীৰ মায়াজালত কিয় মোহিত হ'লো এইবোৰ কথা চিন্তা কৰি কান্দি আছিল আৰু মনে মনে সিদ্ধান্ত ল'লে পঢ়া শুনা বাদ দি বৰ্হিঃৰাজ্যলৈ কাম কৰিবলৈ যাম। যি মা-বাবায়ে সন্তানৰ ভৱিষ্যতৰ কাৰণে ৰাতি- দিনে কষ্ট কৰি বন্ধু বিক্ৰমৰ পঢ়া শুনাৰ খৰচ বহন কৰিছিল সেই মা- বাবাৰ সপোন চূৰ্ণ- বিচ্চূৰ্ণ কৰি মায়াবী নাৰীৰ কথাত পঢ়া শুনা বাদ দিবলৈও প্ৰস্তুত হৈছিল। সেই সময়তে বিক্রমৰ বন্ধু এজনে বিক্রমৰ সেই কথাখিনি উপলব্ধি কৰিব পাৰি বিক্রমৰ ওচৰলৈ আহি কলে বন্ধু তোমাক এতিয়া বুজালেও তুমি বুজি নাপাবা কিয়নো তুমি এতিয়া মায়াবীজালত আৱদ্ধ হৈ আছা , তুমি প্ৰলোভনৰ প্ৰতাৰিত প্ৰেমত মুগ্ধ হৈ আছা । সেই মায়াবীজালত যিজনে আৱদ্ধ হৈছে তেওঁ কেতিয়াও নিজৰ সপোন বাস্তবায়ন কৰিব পৰা নাই। সেই বুলি কয় বিক্রমৰ বন্ধু জনে। বিক্রমক কলে বন্ধু তুমি তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈ দুমাহৰ প্ৰেমৰ কাৰণেই পঢ়া শুনা বাদ দিবা।ইমান বছৰ যে তোমাৰ মা- বাবাই  ইমান কষ্ট কৰিলে তোমাৰ কাৰণে তেওঁলোকৰ সপোনটো কি হ'ব। বন্ধু লোভে পাপ ,পাপে মৃত্যু। লোভ নকৰিবা তুমি তোমাৰ সপোন বাস্তবায়ন কৰা: তোমাৰ বাবা মাৰ সপোনো বাস্তবায়ন হ'ব।সময় থাকোঁতে তুমি তোমাৰ জীৱনটো গঢ়ি লোৱা। সময় নৈৰ সোঁতৰ দৰে বৈ গৈয়ে থাকে। সেই কথাখিনি উপলব্ধি কৰি বিক্রমে লাহে লাহে মায়াবীজালৰ পৰা মুক্ত হৈ পঢ়া শুনাত মনোযোগ দিলে। বন্ধু বিক্রম বৰ্তমান চৰকাৰী উচ্চপদস্থ বিষয়া। প্ৰকৃত প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে মানুহৰ জীৱনৰ ৰোগ নিৰাময় কৰে, প্ৰেমে সাহস প্ৰেৰণা দিয়ে। মায়াবী প্ৰতাৰিত প্ৰেমে মানুহৰ জীৱন ধ্বংস কৰে।
   আমি আমাৰ সপোন বাস্তবায়ন কৰিবলৈ হ'লে আমি মায়াবী নাৰীৰ মায়াজালৰ পৰা দূৰত্ব বজায় ৰাখিবই লাগিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)