ৰাধা কৃষ্ণৰ কথাৰে- শ্ৰীমতী লিছাপৰ্ণা শইকীয়া

©Admin
0
কৃষ্ণ : এতিয়াও অভিমানে আৱৰি আছে নে?পাৰা যদি অলপমান ভগাই লওঁ আহা!!অভিমানৰ বৰষুণত দুয়ো একেলগে তিতিম। 
ৰাধা: সমস্ত হৃদয়খনেই তোমাক সপি দিছিলোঁ, প্রতিদান হিচাপেটো মই আজিও আধৰুৱা!!এতিয়া স্বপ্নটো তোমাৰ সংগ কামনা নকৰোঁ।।
কৃষ্ণ: ইমান ঘৃণা?
ৰাধা: ঘৃণাটো নিজৰ শত্ৰুলৈ উপজি নুঠে,তেনে ক্ষেত্ৰত তুমিটো মোৰ প্ৰেম আছিলা? 
কৃষ্ণ: তেন্তে ইমান অৱজ্ঞা কিয়?
ৰাধা: অৱজ্ঞা নহয়, মাথোঁ হৃদয়খনক বুজাইছোঁ তুমি যে আনৰ!!
কৃষ্ণ: কৃষ্ণ সদায় ৰাধাৰ।
ৰাধা: তেনেহ'লে তোমাৰ নামৰ স্বীকৃতি ৰুক্মিণীৰ শিৰত কিয়?
কৃষ্ণ:-..........!!
ৰাধা:নিমাত কিয়?
কৃষ্ণ: ক্ষমাৰো যোগ্য নহ'ম চাগে মই?
ৰাধা:ক্ষমা মোক নহয় ৰুক্মিণীক বিচাৰিবা,যাৰ আপোন হৈয়ো তুমি আপোন কৰিব নোৱাৰিলা।যি তোমাৰ নামৰ সেন্দুৰৰ বোলেৰে পূৰ্ণ হৈয়ো তোমাৰ অনুপস্থিতিত শূণ্য হৃদয়ৰ গৰাকী।।
ৰাধাটো কৃষ্ণৰ ভাৱনাতে সুখী, হৃদয়ত যে আঁকি ল'লে তাই প্রিয়জনক।ৰাধাৰ উশাহতো নিগৰে কৃষ্ণ,প্ৰাৰ্থনাতো মাথোঁ কৃষ্ণ, সেয়ে সমস্ত সংসাৰে চিৰদিন সুৱঁৰি আহিছে মাথোঁ 'ৰাধা-কৃষ্ণ'
কৃষ্ণ: ইমান ত্যাগ কেনেকৈ বুকুত সামৰি ৰাখা?
ৰাধা: কাৰণ তুমি যে মোৰ প্ৰেম আছিলা আৰু সদায়েই থাকিবা।
কৃষ্ণ:( এটি প্রসন্ন হাঁহিৰে সহাঁৰি)
ৰাধা: শুনাছোন!
কৃষ্ণ: কোৱা
ৰাধা: ময়ূৰ পাখিটি সযতনে ৰাখিছোঁ আজিও,তোমাৰ অনুপস্থিতিত সংগ পাওঁ কেতিয়াবা,আৰু কেতিয়াবা বুকুখন বৰকৈ বিষাই অ' ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)