দুৰ্বাৰ সাহসৰ মূৰ্ত প্ৰতীক তুমি জৱাহৰলাল- শিৱানী বৰুৱা

©Admin
0
দুৰ্বাৰ সাহসৰ মূৰ্ত প্ৰতীক 
তুমি জৱাহৰলাল,
শান্তি দূত তুমি নিখিল বিশ্বৰ 
প্ৰণয়ৰ সুৰেৰে মানৱতাবোধৰ সুৰভি বিলাই,
অসীম আকাশৰ মুক্ত বুকুত 
শান্তিৰ চৰাইজাক উৰুৱালা।
স্বাধীনতা আন্দোলনৰ অবিসম্বাদী নেতা 
মহাত্মা গান্ধীয়ে 
তোমাৰ ওপৰতে অধিক আস্থা ৰাখি ,
বিশ্বাসী হৃদয়েৰে নিজৰ উত্তৰাধিকাৰী হিচাপে
অবিহিত কৰিলে।
পিতৃৰ পৰা দুৰ্বাৰ সাহসিকতা , স্পষ্টবাদিতা,সত্যপৰায়ণতা 
আৰু দেশপ্ৰেমৰ গুণ আৰু 
মাতৃৰ পৰা দয়া ,ক্ষমা ,শান্তি,স্নেহ-প্ৰীতি
আদি সুকুমাৰ গুণৰাজিৰ আহৰণ কৰি
মহাত্মা গান্ধীৰ দৃষ্টিভংগীৰে আকৃষ্ট হৈ
পশ্চিমীয়া সংস্কৃতি বৰ্জনেৰে,
মনে-প্ৰাণে ভাৰতীয় হোৱাৰ চেষ্টা কৰিলা।
শিক্ষা সমাপ্ত কৰি ,
স্বদেশলৈ ঘূৰি আহি 
আইন ব্যৱসায় কৰা ;  
তথাপিও তোমাৰ শৰীৰৰ প্ৰতি শিৰাই শিৰাই
স্বাধীনতাৰ উতপ্ত সুৰ চিৰপ্ৰভাৱিত,
স্বদেশ প্ৰেমৰ আকুল-আৱেগ
হৃদয়ৰৰ মৰ্মে -মৰ্মে
স্ৰোতস্বিনীৰ দৰে মূৰ্ত প্ৰভাৱিত।
১৯২০ চনত অসহযোগ আন্দোলনত, 
সক্ৰিয় অংশগ্ৰহণেৰে 
গান্ধীজীক পূৰ্ণ সহযোগিতা আগবঢ়ালা ,
দেশৰ স্বাধীনতা বাবে
বহু বাৰ কাৰাবাসো খাটিলা।
সেই কাৰাগাৰৰ সুৰুঙাইদি 
বোৱাই দিলা কলমেৰে
সাহিত্যৰ অক্ষয় কীৰ্তি,
আৰু সুকুমাৰ মনৰ ভাস্কৰ্য্যৰ প্ৰতিফলন।
আৰু আনফালে.. 
তেওঁৰ ঐতিহাসিক চেতনা ,
দাৰ্শনিক গভীৰ জ্ঞানৰ জীৱন্ত নিদৰ্শন।
স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী হিচাপে 
সোঁতৰ বছৰ কাল ভাৰতক নেতৃত্ব দিলা,
নিজে দেশৰ বাবে
ভৃত্যৰ দৰে কাম কৰি যাম বুলি 
প্ৰতিজ্ঞাবদ্ধ হ'লা।
ভাৰতক পুনৰ নিৰ্মাণৰ লক্ষ্যৰে..
২০০ বছৰ ইংৰাজৰ অধীনত থকা 
ভাৰতৰ বিধ্বস্ত অৰ্থনীতিক শূন্যৰ পৰা আৰম্ভ কৰি,
বহু দেশৰ লগত সু-সম্পৰ্ক স্থাপন কৰিলা।পৰাধীনতাৰ গ্লানিয়ে 
ভাৰতীয় সকলৰ মনত 
আত্মবিশ্বাস হেৰুৱাই পেলোৱাৰ পাছতো,
অশেষ কষ্ট কৰি 
এটা জাতিক পুনৰুজ্জীৱিত কৰাৰ মানসেৰে,
প্ৰগতিৰ পথত থিয় দিলা। 
প্ৰতিজন ভাৰতীয়ৰ হৃদয়ৰ অনুভূতিক,
বিপুল প্ৰেৰণাৰে ৰঞ্জিত কৰি 
প্ৰত্যেকৰে মন দিগন্তক, 
শান্তি আৰু প্ৰগতি জ্যোতিৰ ৰেঙণি বিলাই দিলা ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতক
এক সন্মান জনক পদত অধিস্থিত কৰিলা।
একাগ্ৰ কৰ্ম দক্ষতাৰ বাবে,
সৰ্বোচ্চ অসাময়িক সন্মান 'ভাৰতৰত্ন'ৰে বিভূষিত হ'লা।
বিশ্বৰ শত্‌ সহস্ৰ মুমূৰ্ষ জাতিৰ প্ৰাণত
সঞ্জীৱনী সঞ্চাৰ কৰি,
সকলোৰে বাবে হৈ পৰিলা একমাত্ৰ ভৰষা।
দেশৰ কোটি-কোটি 
সদ্য- প্ৰস্ফূৰ্টিত কমল সদৃশ, নিৰ্দোষ-নিটোল 
বিশাল প্ৰতিভাৰ সম্ভাৱনাময় শিশুৰ 
মংগলৰ হঁকে আগবঢ়োৱা অৱদানৰ বাবে,
তোমাৰ সেই শিশু সুলভ ধাৰাৰ
অকৃত্ৰিম মৰম ভালপোৱাবোৰৰ বাবে তুমি হৈ পৰিলা 
শিশুসকলৰ বাবে, 
চিৰকালৰ কাৰণেই নেহৰুখুড়া।
তোমাৰ হৃদয় কানন শুভি 
জাতিষ্কাৰ হোৱা পুষ্প
আজিও জ্যোতিৰূপে ফুলি,
শান্তিৰ সুৱাস বিলাই বিশ্ব কাননত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)