সকলোতে আছে মোৰ প্ৰান
জীৱন যুঁজত সকলো বনুৱা,
খাদ্য বাসস্থানৰ বাবে কৰে কাম নহয় ধৰুৱা
বহু পুৰণি আমাৰ অসম ভূমি
জংঘলৰ মাজত আছিল মানুহ জমি
জংঘল কাটি মাটি কৰে মুক্ত
খেতি বাতি কৰি জীৱন কৰে তুষ্ট
পুৱাতেই ব্যস্থ নাঙল যুৱলি লৈ
গৰু হালক লৈ যায় হাললৈ
খেতি বাতিৰ মাজেৰে জীৱন গঢ়ে
এনেদৰেই সকলোৱে আগবাঢে
ইঘৰ সিঘৰ মিলি মধুৰ গীত গাই
জীৱন বাটত এনেকৈ আগবাঢ়ি যায়
বেলি মাৰ গলে সকলোৱে কাম সুজায়
শেষত আহি নিজ নিজ ঘৰত সোমায়
আন্ধাৰৰ মাজত চাকিৰ সামান্য পোহৰত
সকলোৱে ৰন্ধা বঢ়া কৰে পাক ঘৰৰ আৰত
ৰাতি হলে টোপনিত উঠি যায়
সপোনত তেওঁলোক বহু ঠাই ফুৰিবলৈ পায়
নাই ডাক্তৰ নাই চিকিৎসালয়
সাধাৰণ বেমাৰ হলে মৃত্যুক আঁকোৱালি লয়।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ