শান্তি- ৰেণু শৰ্মা

©Admin
0
মানুহক জীয়াই থাকিবলৈ লাগে 
অকণমান ভৰিৰ তলৰ মাটি, ভোকৰ ভাত, পিয়াহৰ পানী, এখনি বস্ত্ৰ গাত, এষাৰি মৰমৰ মাত, আৰুনো লাগে কি? 
লাগে বহুত কিবা কিবি
এখন সমাজ, এটা ঘৰ, মাটি- বাৰী, সা-সম্পত্তি, দাস -দাসী, আ-অলংকাৰ, টকা - পইচা থাকিলে যিবোৰ কিনি ল'ব পাৰি। কিন্তু ঐশ্বৰিক বিভূতিৰে আহৰণ কৰিব নোৱাৰা এটাই বস্তু আছে, সেইটো হৈছে শান্তি। লোভ, মোহ, মায়াৰে আবৃত সংসাৰ, পাই হেৰুৱাৰ বেদনা, নোপোৱাক পোৱাৰ লালখান, মনৰ পৰা কাঢ়ি নিয়ে
শান্তিৰ নিলয়
যিজনে ছয় ৰিপু জয় কৰে, লোভে মোহে নোৱাৰে টলাব, একান্ত মনেৰে যদি পাৰে জিলিকাব 
জ্যোতিৰ্ময় জীৱনৰ বাট, শান্তিৰ পাৰযুৰি ৰুণ দিয়ে তাত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)