চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা:এটি পৰ্যালোচনা - মোঃজহিৰুল ইছলাম

©Admin
0
চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা:এটি পৰ্যালোচনা; বিশেষকৈ -
"ধুবুৰী জিলাৰ চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা আৰু শৈক্ষিক সচেতনতা"-এক পৰ্যালোচনাৰ বিষয়।

            মহাবাহু ব্ৰহ্মপুত্ৰ।নামেই যাৰ পৰিচয়। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ সোমাজেদি নিৰবিচ্ছিন্ন যাৰ গতি। প্ৰায় ৮৬০ কিঃমিঃ দৈৰ্ঘ্যৰ এই ব্ৰহ্মপুত্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ দুয়োপাৰে ভঙা-গঢ়াৰ খেলখনৰ একমাত্ৰ সাক্ষী হিচাপে সৃষ্টি কৰিছে যুগে যুগে বহু চৰ।এক পৰিসংখ্যা মতে সমগ্ৰ অসমত দুহেজৰতকৈ অধিক সৰু-ডাঙৰ চৰ গাঁও আছে।য'ত বিশ লাখতকৈও অধিক মানুহ বসবাস কৰে।যাৰ গৰিষ্ঠসংখ্যক লোকেই ইছলাম ধৰ্মাৱলম্বী যদিও সংখ্যাত কম হ'লেও নেপালী, মিছিং,আহোম তথা অন্যান্য সম্প্ৰদায়ৰ মানুহও নথকা নহয়।
মূল আলোচনা:
            ধুবুৰী জিলাত থকা চৰৰ সংখ্যা ৪৮০ খন। ই হ'ল অসমৰ সবাতোকৈ বেছি চৰ থকা জিলা। ধুবুৰী জিলাৰ মুঠ জনসংখ্যা ২০১১চনৰ লোকপিয়ল মতে ১৯,৪৯,২৫৮ জন তাৰে চৰৰ মুঠ জনসংখ্যা ৬,৮৯,৯০৯ জন।এই বিশাল চৰাঞ্চলৰ ৬৯% পৰিয়ালেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। আটাইতকৈ বেছি সমস্যাৰ কথাটো হৈছে ধুবুৰীৰ চৰাঞ্চলৰ মাত্ৰ ১৪.৪৬ শতাংশ লোকহে শিক্ষিত বা স্বাক্ষৰ।[১,৫]
               অসমৰ চৈধ্যখন জিলাত অৱস্থিত চৰ গাঁওসমূহৰ ভিতৰত নামনি অসমৰ ধুবুৰী জিলাত সৰ্বাধিক চৰাঞ্চল আৰু সৰ্বাধিক চৰ গাঁও দৃষ্টি গোচৰ হয়। ধুবুৰী জিলাত তিনিশৰো অধিক সৰু-ডাঙৰ চৰ গাঁও আছে। জনবসতিৰ ঘনত্ব আন আন জিলাতকৈ বহু বেছি। যোগাযোগ ব্যৱস্থা, বানপানী,গৰাখহনীয়া, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাস, জনবিস্ফোৰণ,ধৰ্মীয় গোড়ামী তথা ৰক্ষণশীল মনোভাৱ আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই চৰাঞ্চলসমূহ ।তাৰোপৰি সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক দিশত অৱহেলিত,লাঞ্চিত, বঞ্চিত, অনাদৃতৰ লগতে উল্লেখিত বিষয়সমূহৰ বিষয়ববীয়াৰ দূৰ্নীতিৰ এক ৰম্যভূমি হিচাপে বিবেচিত হৈছে বিগত দিনবোৰত।যাৰ ফলত অসমৰ ভিতৰতে অনুন্নতাৰ উচ্চ শিখৰত উপনীত হৈছে ধুবুৰী জিলাৰ চৰাঞ্চলসমূহ।
          আজিৰ এই আলোচনাত চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা আৰু শৈক্ষিক সচেতনতা বিশেষকৈ ধুবুৰী জিলাৰ চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা আৰু শৈক্ষিক সচেতনতা সম্পৰ্কে পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। তাৰোপৰি চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা, শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা, শিক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিক, সামাজিক আৰু অৰ্থনৈতিক বাধা বা সমস্যা সম্পৰ্কে আলোকপাত কৰাৰ ওপৰিও শৈক্ষিক সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সম্পৰ্কেও মতামত ব্যক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।
          দেশ এখন কিমান উন্নত তাক বিচাৰ কৰিবলৈ ৰাজপথৰ দাঁতি,চহৰৰ গলি,খাটিখোৱা মানহৰ সপোনৰ পঁজালৈ লক্ষ্য কৰিলেই আমি যেনেকৈ অনুভৱ কৰিব পাৰোঁ ঠিক তেনেকৈ ৰাজ্য এখনৰ প্ৰকৃত উন্নয়নৰ ছবি প্ৰত্যক্ষ কৰিব পাৰি চৰাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ফালে দৃষ্টিপাত কৰিলে হে।
          এইখিনিতে ধুবুৰী জিলাৰ ভৌগোলিক অৱস্থান সম্পৰ্কে অলপ ধাৰণা দিয়াটো সমীচিন বুলি মোৰ ধাৰণা।
            " অবিভক্ত গোৱালপাৰা জিলাৰ অন্তৰ্গত এখন ঠাই হ'ল বৰ্তমানৰ ধুবুৰী জিলা। আনহাতে অসম-বাংলা সীমান্ত জিলা হিচাপেও জনাজাত।যিখন জিলা ১৮৭৬ চনতে বৃটিছ চৰকাৰে স্থাপন কৰিছিল। ১৯৮৩ চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাৰ সৃষ্টি কৰা হয়। ধুবুৰী জিলা ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলাসমূহৰ ভিতৰত অন্যতম। জিলাখনত বাস কৰা মুছলমান লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ পিছতে ধুবুৰী জিলা অসমৰ দ্বিতীয় জনবহুল জিলা"।[২]
       চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নয়নত চৰকাৰৰ ভূমিকা:
     চৰকাৰ হৈছে জনগণৰ দ্বাৰা নিৰ্বাচিত জনগণৰ বাবে। কথাটো পঢ়িবলৈ বা ভাবিবলৈ ভাল; কিন্তু কাৰ্যত সেয়া কিমান দূৰ সঁচা সেয়া ভাবিবলগীয়া বিষয়। অসমৰ চৰ অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ নামত বোৰ্ড এখন আছে; কিন্তু সেয়া উন্নয়নৰ নামত কিমান উন্নয়ন কৰিলে বিগত দশকবোৰত, এবাৰ জুকিয়াই চোৱাৰ প্ৰয়োজন আহি পৰিছে। এই ক্ষেত্ৰত ধুবুৰী জিলাৰ উন্নয়ন পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰে চৰাঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সমান্তৰালকৈ শিক্ষাৰ মান উন্নয়নৰ লক্ষ্যতো সময়ে সময়ে বিভিন্ন আঁচনি প্ৰস্তুত কৰি সেইমতে কাম কৰাত গুৰুত্ব আৰোপ কৰা দেখা যায় যদিও সেয়া চৰাঞ্চলত কিমানদূৰ সফল হৈছে সেয়া চিন্তাৰ বিষয়। "সৰ্বশিক্ষা মিছন" সমগ্ৰ শিক্ষা নীতি,গুণোৎসৱ আদি আঁচনি এইক্ষেত্ৰত লেখত ল'বলগীয়া। 
     সৰ্বশিক্ষা অভিযান হৈছে ভাৰতত প্ৰচলিত এক শৈক্ষিক আঁচনি। নিৰ্দিষ্ট "সময় সীমাৰ ভিতৰত" প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই আঁচনিখনৰ আধাৰত এক মৌলিক অধিকাৰ (অনুচ্ছেদ-২১ ক) হিচাপে ভাৰতৰ সংবিধানৰ ৮৬ তম সংশোধনীয়ে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিছে (২০০১ চনত ২০৬ নিযুত শিশু বুলি অনুমান কৰা হৈছে)। এই কাৰ্যসূচীটো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শুভাৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছে ২০১০ চনৰ ভিতৰত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুক শিক্ষিত কৰা। অৱশ্যে, সময়সীমাক অনিৰ্দিষ্ট কাললৈ আগুৱাই নিয়া হৈছে।২০১৮ চনত, সৰ্ব শিক্ষা অভিযানৰ লগতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰম্ভ কৰি সমগ্ৰ শিক্ষা অভিযান গঠন কৰা হৈছিল।[৩]    

শিক্ষা বিভাগৰ এক যুগান্তকাৰী পদক্ষেপ "গুণোৎসৱ"। যাৰ উদ্দেশ্য আছিল চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষাগত মান নিৰীক্ষণ আৰু উন্নয়ন। কিন্তু প্ৰকৃততে সেয়া হৈছে নে? এয়াও এক লাখটকীয়া প্ৰশ্ন।
    চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা অনুন্নত হৈ থকা এটা মুখ্য কাৰণ হ'ল ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ। অৱশ্যে টেট শিক্ষকৰ নিযুক্তিয়ে শিক্ষকৰ সমস্যা কিছু পৰিমাণে কমিছে যদিও এতিয়াও বহু বিদ্যালয় এজন বা দুজনে শিক্ষকে পাঠদান কৰিবলগা হৈছে । তাৰোপৰি মধ্যাহ্ন ভোজনৰ যোগাৰতেই দিনটোৰ বেছিভাগ সময় পাৰ হয়।যি অলপ সময় থাকে সেয়া পাঠদানৰ বাবে যথেষ্ট নহয়।
 এফালে শিক্ষকৰ অভাৱ আনফালে অন্য জিলাৰ পৰা কৰ্ম সূত্ৰে অহা শিক্ষকে বিদ্যালয়ৰ ওচৰত থাকিব নোৱাৰি প্ৰতিদিনেই ধুবুৰী চহৰৰ পৰা অহা-যোৱা বাবদ ৫০-১০০ টকা ভূট-ভূটী নাও ভাৰা আৰু ১ ৰ পৰা চাৰি ঘণ্টা সময়ৰ খৰচ কৰা এক ডাঙৰ প্ৰত্যাহ্বান হিচাবে চিহ্নিত হৈছে।এই ক্ষেত্ৰত চৰকাৰে প্ৰতিখন বিদ্যালয় চৌহদত এখনকৈ স্থায়ী শিক্ষকৰ আৱাস স্থাপন কৰি উপযুক্ত পৰিবেশ এটা দিলে নিশ্চয় চৰ অঞ্চলৰ দুখীয়াৰ ল'ৰা ছোৱালীও এদিন অসম,ভাৰত তথা বিশ্বদৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ'ব।
 এইখিনিতে গুণোৎসৱৰ মূল্যায়ক হিচাপে প্ৰত্যক্ষ কৰা অভিজ্ঞতা অলপ আলোচনাৰ মজিয়ালৈ টানি আনিছো।গুণোৎসৱৰ তিনিটা দিন মোৰ বাবে যেন তিনিটা দিন নহয়; তিনিটা যুগৰ অতীতৰ পৃষ্ঠা আৰু অনাদি ভৱিষ্যতৰ এক নিষ্ঠুৰ বাস্তৱ চিত্ৰ। য'ত দৃশ্যায়িত হৈছে প্ৰজন্মৰ ইতিহাস,অৱহেলাৰ ইতিহাস, শোষণৰ আৰ্তনাদ।
                ২০২২ চনৰ জুন মাহৰ দ্বিতীয় দিন।মুঠাখোৱা চৰত একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয় ।যাৰ চাৰিওফালে আগুৰি ৰাখিছে ব্ৰহ্মপুত্ৰ নামৰ নদীখনে। যাৰ ব্যাসাৰ্ধ প্ৰায় এক কিলোমিটাৰ যদিও প্ৰায় দহ-বাৰ কিলোমিটাৰৰ ভিতৰত নাই দ্বিতীয়খন মধ্য ইংৰাজী বিদ্যালয়,নাই হাইস্কুল অথবা হায়াৰ চেকেণ্ডেৰী স্কুল। মহাবিদ্যালয় বুলি ক'লে মৰুভূমিত পানী বিচৰা ধৰণৰ কথাহে। অৱশ্যে ধুবুৰী জিলাত মহাবিদ্যালয়ৰ সংখ্যা লেখত ল'বলগীয়া ধৰণৰ নহ'লেও কম বুলিও ক'ব নোৱাৰি যদিও চৰ অঞ্চলসমূহত নাই এখনো মহাবিদ্যালয়।প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়। মুঠাখোৱা চৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰত মহামায়াৰ চৰ য'ত এখনো মধ্য ইংৰাজী বিদ্যালয় নাই।এখন ভেঞ্চাৰ মধ্য ইংৰাজী বিদ্যালয় আছে যদিও বছৰ বছৰ ধৰি পেটত গামোচা বান্ধি এটা প্ৰজন্মক আগুৱাই লৈ যোৱাটোও হৈ পৰিছে অতি কষ্টকৰ। ঠিক সেইদৰে নিলখীয়া,মন্ত্ৰীৰীৰ চৰ,ছুতৰাপাৰা চৰ,কাটিয়াৰ আলগা,বংশীৰ চৰ, চকীৰ চৰ,বাইলাৰ চৰ,খেৰেৰ চৰ,গাই খাঁওৱা চৰ,ইলশামাৰী চৰ,থাৰিগ্ৰাম চৰ,কলাপাকানী চৰ,পাটামাৰী চৰ ইত্যাদিৰ শিক্ষা ব্যৱস্থা ঠিক ওপৰত উল্লেখ কৰা ধৰণৰে। অৱশ্যে বিৰসিং,জৰুৱাৰ চৰ ভোগডোহৰ চৰ আদি দুই চাৰিখন চৰৰ শিক্ষা ব্যৱস্থা অলপ উন্নত যদিও পৰ্য্যাপ্ত পৰিমানে বুলি ক'ব নোৱাৰি।
                এফালে যাতায়ত ব্যৱস্থা উন্নতকৰণ আনফালে শিক্ষকৰ অভাৱ দূৰীকৰণৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষকৰ থকা খোৱাৰ সু-ব্যৱস্থা কৰি দিলে নিশ্চয় আগন্তক এটা দশকত আশানুৰূপ ফলাফল পোৱা যাব বুলি মোৰ বিশ্বাস।
              
শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা:
যুগে যুগে শিক্ষাৰ গুৰুত্ব সম্পৰ্কে বিভিন্ন মনীষীয়ে বিভিন্ন উক্তি দি থৈ গৈছে আমাৰ সন্মুখত। উদাহৰণ স্বৰূপে দুটামান উক্তি দাঙি ধৰিব পাৰি-

"মোক এগৰাকী শিক্ষিত নাৰী দিয়া প্ৰতিদানত মই এটা শিক্ষিত জাতি দিম"

'শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ'। - চক্রেটিজ।
                ' শিক্ষা হৈছে সঞ্জীৱনী অমৃত '- জাকিৰ হুচেইন।
                   মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । - বুদ্ধদেৱ।
        তুমি আমাকে শিক্ষিত মা দাও, আমি তোমাকে শিক্ষিত জাতি দিবো।” সুভাষ চন্দ্ৰ বসু।
      শিক্ষাই শক্তি, জ্ঞানই আলো, শিক্ষাই জাতির মেরুদন্ড।“ছক্ৰেটিছ।
     "শিক্ষাৰ কাৰণে যদি সদূৰ চীন দেশলৈ যাব লগা হয়,যোৱা"-হজৰত মহম্মদ (ছঃ)।
     উক্ত উক্তিসমূহৰ পৰা শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আমাৰ অনুধাৱন কৰা নিশ্চয় একো কষ্ট নহয়!
             মানুহ এজনৰ মন অসংযত আৰু বিবেকহীন হ'লে অধঃপতন নিশ্চিত আৰু অধঃপতনৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষাই মূল ভেটি, শিক্ষাই মানুহক সংযত আৰু বিবেকী হ’বলৈ শিকায়৷ সেয়েহে প্লেটোৱে কৈছিল, "A good decision is based on knowledge and not on numbers.”
             
         শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড। গুণগত শিক্ষাই জাতি একোটাক উন্নতিৰ শিখৰলৈ আগবঢ়াই লৈ যায়। হয়তো যাৰ বাবেই আজি সমগ্ৰ বিশ্বতে শিক্ষাৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আৰম্ভ হৈছে প্ৰতিখন দেশতে স্বাক্ষৰতা অভিযান।
     শিক্ষা হৈছে পোহৰৰ প্ৰতীক। য'ত পোহৰ থাকে তাত এন্ধাৰৰ অৱকাশ নাথাকে। যি দৰে সূৰ্য্যৰ আগমনে ৰাতিৰ এন্ধাৰ আঁতৰি যায়। ঠিক শিক্ষাইহে এটা জাতিক আগবঢ়াই নিব পাৰে; কিন্তু চৰাঞ্চলত পোহৰ বিচৰা মানে অমাবস্যাৰ ৰাতি জোন বিচৰাৰ দৰে কথা। ধুবুৰী চহৰৰ নিচেই কাষৰ দুই এটা চৰ বাদ দি বাকী চৰৰ শিক্ষা ব্যৱস্থা এপাচি শাকত এটা জলকীয়া সদৃশ। এফালে বছৰ-বছৰ ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই চৰুৱা সকলক কৰা আৰ্থিক জুৰুলা অৱস্থা আৰু আনফালে যোগাযোগৰ বিছিন্নতাই শিক্ষাৰ প্ৰতি আগ্ৰহ থাকিলেও সেয়া কাৰ্যত পৰিণত কৰিবলৈ অক্ষম হৈ পৰিবলগা হয় তাৰ জনসাধাৰণে লগতে সঘনে বিদ্যালয়ৰ স্থান পৰিৱৰ্ত্তনৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে পৰিবৰ্তনীয় স্থানত গৈ শিক্ষা গ্ৰহণ কৰাৰ উপযোগী উপযুক্ত যোগাযোগৰ ব্যৱস্থা নথকাত শিক্ষা জীৱন আৰম্ভ হোৱাৰ আগতেই সামৰিব লগা হয় প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে। ফলত এই অঞ্চলত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিৰক্ষৰ হিচাপে থাকিবলগীয়া হৈছে আজিৰ যুগতো। শিক্ষিত হোৱাৰ নামত চৰকাৰী আঁচনি, চৰকাৰী ব্যৱস্থাৰ একো একোজন হিতাধিকাৰী হে সৃষ্টি হৈছে।এনে প্ৰেক্ষাপটত চৰকাৰী শিক্ষা ব্যৱস্থা উন্নয়নৰ আঁচনি কেৱল কাগজে কলমে আৰু মধ্যভোগীৰ উন্নয়নৰ বাহিৰে একো নহয় যেন অনুভৱ হয়।
     নদী প্ৰধান জিলা হিচাপে ইয়াৰ বহলাংশই চৰাঞ্চলৰ অন্তৰ্গত। শিক্ষা-স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ ভিতৰতে একেবাৰে পিছপৰা আৰু অনুন্নত বুলি কোৱা হয় এইখন জিলাক। বছৰীয়া মহাবাহুৰ মহাপৰাক্ৰমী উৎসৱ"গৰাখহনীয়া"ই সৰ্বশান্ত কৰাৰ প্ৰতিযোগিতাত ভেটি হীন হয় শ শ পৰিয়াল। ভেটিহীন হোৱাৰ যন্ত্ৰণা আৰু ভোকৰ তাড়নাত জীয়াই থকাৰ বাসনাত, বাসস্থানৰ চাহিদাই বাধ্য কৰে সিহঁতক অনিচ্ছা সত্বেও মৰমৰ ওপজা গাঁওখন এৰি বনুৱা হিচাপে গুচি যাবলগীয়া হয় অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰলৈ। ফলত মিঞা,বাংলাদেশী, সন্দেহ যুক্ত নাগৰিক আদি বিভিন্ন অলংকাৰেৰে অলংকৃত কৰা হয় সময়ে সময়ে এই চৰুৱা সকলোক। যিটো কেৱল অমানৱীয়ই নহয় এক সুস্থ গণতান্ত্ৰিক দেশৰ বাবে পৰিতাপৰো বিষয়।এনে পৰিস্থিতিত শিক্ষা-দীক্ষাৰ প্ৰতি সচেতনতা এক নিৰৱ আখ্যান।
              
শিক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিক, সামাজিক আৰু অৰ্থনৈতিক বাধা বা সমস্যা :

      সমস্যা জৰ্জৰিত চৰুৱা সকলৰ শিক্ষাৰ ক্ষেত্ৰতো লগ এৰা নাই সমস্যাই।প্ৰাকৃতিক দুৰ্যোগৰ কথা এৰাই চলিব নোৱাৰি। প্ৰাকৃতিক দুৰ্যোগ হ’ল প্ৰকৃতিৰ জৰিয়তে স্বয়ংক্ৰিয় ভাৱে সংঘটিত হোৱা একপ্ৰকাৰৰ দুৰ্যোগ বা ঘটনা। মানুহৰ হঠকাৰি চিন্তাৰে কৰা কিছুমান ধ্বংসকাৰী কাৰ্যৰ ফলত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই বিভিন্ন তাণ্ডৱৰ সৃষ্টি কৰে। বানপানী,ভূঁইকপ আদি তাৰেই অন্যতম জ্বলন্ত উদাহৰণ। সংক্ষিপ্ত ভাৱে প্ৰকৃতিৰ এই তাণ্ডৱকেই মানুহৰ বাবে বিপজ্জনক প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰা হয়। উদাহৰণ স্বৰূপে বানপানী, ভূঁইকপ, ভূমিস্খলন, গৰাখহনীয়া, ধুমুহা,প্ৰৱল বতাহ আৰু শিলাবৃষ্টি আদি হ’ল প্ৰাকৃতিক দুৰ্যোগ। উপৰোক্ত কাৰক সমূহে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ থকা নাই।কাৰণ বছৰ-বছৰ হোৱা বানপানী এফালে ভঁৰাল শূণ্য কৰে কৃষিজীৱি চৰুৱাৰ আনফালে গৰাখহনীয়াই ভূমিহীন আৰু ভেটিহীন কৰি পৰিয়াল পোহপাল দিয়া এক প্ৰকাৰ জটিল সমস্যা হিচাপে লাগি থকা লঞ্চ,ফেৰী,নৌকা ঘাট বোৰত শিশু শ্ৰুমিকৰ সুলভ দৃশ্যৰ কথা উল্লেখ কৰিব পাৰি। লগতে চাহৰ দোকানবোৰত কম মজুৰিৰে শিশুসকলক প্ৰতিনিয়ত কাম কৰোৱা দৃশ্যৰ আমাৰ দৃষ্টি গোচৰ নোহোৱা নহয়। তাৰোপৰি ভূমি-ভেটিহীন হৈ চৰ অঞ্চলৰ অধিকাংশ মানুহ অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ তাগিদাত সপৰিবাৰে অসমৰ বিভিন্ন জিলাত গৈ কোনোমতে পেটে-ভাতে চলা কথা আমি সকলোৱে জ্ঞাত।এনে পৰিস্থিতিত শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ এক প্ৰকাৰ নিঃশেষ হৈ পৰে ক্ৰমান্বয়ে। অৱশ্যে আৰ্থিক ভাৱে স্বচ্ছল আৰু শিক্ষাৰ প্ৰতি সচেতন সকলে এই ক্ষেত্ৰত অলপ ব্যত্তিক্ৰম।
         শিক্ষাৰ ক্ষেত্ৰত সামাজিক সমস্যাৰ কথা ক'ব গ'লে এটা কথা ক'বই লাগিব যে চৰ অঞ্চলৰ অধিকাংশ সমাজ হৈছে মুছলমান (ইছলাম ধৰ্মাৱলম্বী)সমাজ। অপ্ৰিয় হ'লেও সত্য যে আমাৰ মুছলমান সমাজত এফালে জন্ম নিয়ন্ত্ৰণৰ প্ৰতি অমনোযোগিতা প্ৰকাশ আনফালে ৰক্ষণশীল মনোভাৱ। "সন্তান আল্লাহৰ দান"-কথাত বিশ্বাসীৰ বাবে জন্ম নিয়ন্ত্ৰণ এক পাপৰ বিষয়। অৱশ্যে এইক্ষেত্ৰত যোৱা এটা দশকত বিভিন্ন সংগঠন আৰু চৰকাৰৰ তৎপৰতাত জন্ম নিয়ন্ত্ৰণৰ প্ৰতি বহু পৰিয়ালেই আগ্ৰহী হোৱাটো এটা শুভ লক্ষণ বুলি ক'ব পাৰি। অৱশ্যে বাল্য বিবাহ নাৰী শিক্ষাৰ প্ৰতি এতিয়াও বহু কাম কৰিব লগা আছে। সন্তান, ল'ৰা-ছোৱালী যিয়েই নহওঁক সকলো ক্ষেত্ৰতে যে সম অধিকাৰ সেয়া প্ৰতিষ্ঠা কৰিব পাৰিলে শিক্ষাৰ ক্ষেত্ৰত এক আমুল পৰিবৰ্তন ঘটিব বুলি ক'ব পাৰি। কাৰণ সন্তানৰ বাবে ঘৰখনেই হৈছে প্ৰথম পাঠশালা আৰু পিতৃ মাতৃ হৈছে প্ৰথম গুৰু।
        চৰাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিক বাধা বা সমস্যা সম্পৰ্কে বহলভাৱে আলোচনা কৰিব গ'লে প্ৰৱন্ধটো দীঘলীয়া হোৱাটো নিশ্চিত।সেয়েহে চমুকৈ কেৱল অৰ্থনীনৈক সমস্যা সম্পৰ্কে আভাস আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কিছু উপায় আলোচনা কৰাৰ যত্ন কৰা হৈছে।
         চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা কেৱল পিছপৰাই নহয় পুতৌজনকো। ইয়াৰ মূখ্য কাৰণ সমূহৰ ভিতৰত অৰ্থনৈতিক সমস্যাও এক উল্লেখযোগ্য সমস্যা। চৰাঞ্চলৰ অৰ্থনৈতিক দুৰৱস্থাৰ ঘাইকাৰণসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু গৰাখহনীয়া, অনুন্নত কৃষি- ব্যৱস্থা,কৃষি-ভিত্তিক গ্ৰাম্য-শিল্পৰ অভাৱ, জনসংখ্যা বৃদ্ধি, শিক্ষাৰ সমস্যা, নিবনুৱা সমস্যা, গ্ৰাম্য ঋণ গ্ৰস্থতা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচেতনতাৰ অভাৱ, নিম্ন উন্নয়ন পুঁজিৰ আৱণ্টন,জন কল্যাণ আঁচনি সমূহৰ অপৰ্যাপ্ত ৰূপায়ন, পুঁজিৰ অপচয় আৰু আত্মসাৎ, গাঁও সমূহৰ হ্ৰস্ব-কালীন স্থায়িত্ব ইত্যাদি ৰ কথা আঙুলিয়াব পাৰি। উপৰোক্ত কাৰকসমূহে অৰ্থনৈতিক ভাৱে জুৰুলা কৰাৰ বাবেই  
কি পুৰুষ,কি মহিলা, দৰিদ্ৰতা, অনগ্ৰসৰতাই কোঙা কৰি পেলোৱা চৰাঞ্চলৰ জনজীৱন হৈ পৰিছে সিহঁতৰ বাবেই বোজা স্বৰূপ।যাৰ ফলত চৰাঞ্চলৰ শিক্ষিতৰ হাৰ ভাৰত তথা অসমৰ চৰবিহীন জিলা সমূহতকৈ বহু দুখ লগা ধৰণৰ।এই ক্ষেত্ৰত ধুবুৰী জিলাৰ চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা আটাইতকৈ পিছপৰা বুলি ক'ব পাৰি। গতিকে এই ক্ষেত্ৰত চৰকাৰ আৰু সচেতন পক্ষই যৌথ প্ৰচেষ্টাৰে শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে নিৰক্ষৰ সমাজক আগ্ৰহী কৰি অৰ্থনৈতিক ভাৱে স্বচ্ছল কৰি তুলিবলৈ চেষ্টা কৰিলে নিশ্চয় সুফল পোৱা যাব। এইক্ষেত্ৰত সন্তানক (ল'ৰা- ছোৱালী) সম্পদ হিচাপে গঢ় দিব পাৰিলে যে সম্পত্তিৰ প্ৰয়োজন নাই সেই কথা বুজি উঠিলেই শিক্ষাৰ প্ৰতি ধাৱিত হ'ব চৰুৱা খাটিখোৱা জনতাই।
                 এটা দশকৰো অধিক সময় ধৰি চৰ অঞ্চলসমূহৰ কোনো আৰ্থ-সামাজিক জৰীপ কৰা হোৱা নাই। অসম ৰাজ্যিক চৰ এলেকা উন্নয়ন কৰ্তৃপক্ষ আৰু চৰ এলেকা উন্নয়ন সঞ্চালকালয়, অসমৰ শেষৰটো উল্লেখযোগ্য আছিল ২০০২-০৩ চন। এই সমীক্ষাত দেখা গ’ল (তলৰ তালিকাখন চাওক) ১৯৯২-৯৩ চনৰ পৰিস্থিতিৰ তুলনাত চৰসমূহত সাক্ষৰতাৰ বিশেষ উন্নতি হোৱা নাছিল।

জিলাৰ নাম
চৰৰ সংখ্যা 
শিক্ষাৰ হাৰ ১৯৯২-৯৩
শিক্ষাৰ হাৰ ২০০২-০৩
দৰং
১২১
১০.১২%
১২.৩৪%
বৰপেটা 
৩৫১
১২.৯০%
১৭.৬৩%
কামৰূপ 
১৪৮
১৬.৮৫%
১৫.১৬%
নলবাৰী 
৫৮
৭.৯০%
১৬.২৪%
বঙাইগাঁও 
১৫০
১২.৮৫%
১২.৪৬%
গোৱালপাৰা 
১৮৭
৮.৩৮%
১৩.৬৫%
ধুবুৰী 
৩১৩
১৯.০৬%
১৪.৬০%
মৰিগাঁও 
৪১
৮.০২%
১৮.৫০%
নগাঁও 
২৯
৯.৪৪%
১৭.৫৯%
ধেমাজি 
৯৫
১৪.৪৪%
১৫.৬৯%
লক্ষীমপুৰ 
১৮২
১৪.০১%
১৮.৫০%
শোণিতপুৰ 
১১৮
১৩.৬৩%
১৬.৯৩%
তিনিচুকীয়া 
৮৬
১৪.২০%
১৪.০০%
যোৰহাট 
২১০
৩১.৯০%
৬০.৫৫%

 (আৰ্থ-সামাজিক জৰীপৰ প্ৰতিবেদন, চৰ এলেকা উন্নয়ন সঞ্চালকালয়, ১৯৯২-৯৩ আৰু ২০০২-০৩)[৪]
    উপৰোক্ত তালিকাৰ পৰা এটা কথা স্পষ্ট হৈছে যিটো সময়ত সমগ্ৰ বিশ্বতে শিক্ষাৰ ক্ষেত্ৰত যি অভাৱনীয় সফলতা লাভ কৰিছে তাৰ তুলনাত অসমৰ চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা অতিকৈ উদ্বেগ জনক।
             ১৯৯২-৯৩ চনৰ ভিতৰত চৰ অঞ্চলত সাক্ষৰতাৰ হাৰ ১৫.৪৫%ৰ পৰা ২০০৩-০৪ চনৰ ভিতৰত ১৯.৩১%লৈ বৃদ্ধি পালেও ২০০১ চনত অসমৰ সামগ্ৰিক হাৰ ৫৩.৭৯ আৰু ৫০.৪৮ ৰ তুলনাত ই বহু কম আছিল।এটা প্ৰশাসনিক একক হিচাপে লোৱা হ’লে… ৫৯টা উন্নয়ন খণ্ডৰ অধীনত থকা চৰ আৰু অসমৰ মুঠ জনসংখ্যাৰ ৯.৩৫% ভাৰতৰ আটাইতকৈ নিৰক্ষৰ অংশ। ২০১১ চনত দেশৰ সৰ্বনিম্ন সাক্ষৰ (৩৬.১০%) জিলা আছিল মধ্যপ্ৰদেশৰ আলিৰাজপুৰ আনহাতে ছত্তীশগড়ৰ বিজাপুৰ জিলাই ২০০১ চনত ৩০.৩৫% এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।[১,৫]

 সামৰণিত চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত ল'বলগীয়া কিছুমান বিশেষ পদক্ষেপৰ ভিতৰত -
১) পৰ্যাপ্ত পৰিমাণে প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষানুষ্ঠান স্থাপন কৰা;
২) ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা;
৩) বানপানী বা অন্যান্য প্ৰতিকুল পৰিস্থিতিৰ মোকাবিলা কৰি শিক্ষা গ্ৰহণৰ পৰীৱেশ সূচনা কৰা;এই ক্ষেত্ৰত বানপানী সময়ত ভাসমান বিদ্যালয়ৰ ব্যৱস্থা কৰিলে এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব।
৪)গৰাখহনীয়াৰ পৰা কৃষিজীৱি মানুহক সকাহ দি আৰ্থিক ভাৱে টনকিয়াল কৰা;
৫) বাল্য বিবাহ, জন্ম নিয়ন্ত্ৰণ, বহু বিবাহ,নাৰী শিক্ষাৰ গুৰুত্ব আদি বিষয় সমূহৰ ঋণাত্মক দিশসমূহ জনগণৰ মাজত ব্যাপক জনজাগৰণৰ সৃষ্টি কৰি ধনাত্মক দিশত ধাৱিত কৰা;
৫) যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ লগতে স্বাস্থ্য ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি জনমুখী আঁচনি প্ৰস্তুত কৰি তাৰ সঠিক বাস্তৱায়ন কৰা;
৬)সৰ্বশিক্ষাৰ আঁচনিৰ মধ্যাহ্ন ভোজনৰ সংস্কাৰ সাধন কৰি প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীক পাঠদানৰ উপযোগী পৰিৱেশ সৃষ্টি কৰা;
৭) অন্যান্য জিলাৰ পৰা অহা শিক্ষক সকলৰ থকা খোৱাৰ বাবে বিদ্যালয় প্ৰঙ্গণতে সু-ব্যৱস্থা কৰা;
এইক্ষেত্ৰত আমি সচেতন, শিক্ষিত আৰু আৰ্থিক ভাৱে স্বচ্ছল মানুহে আগবাঢ়ি আহি শিক্ষক সকলৰ এক উপযুক্ত পৰিবেশ দিব লাগিব।
৮)প্ৰতিজন অভিভাৱকক সিহঁতৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সচেতন কৰা। এইক্ষেত্ৰত বিদ্যালয় পৰিদৰ্শক চি,আৰ,চি, উপায়ুক্ত মহাশয়ক বিভাগীয় ভাবেৰ নিৰ্দেশ দিয়া ইত্যাদি পদক্ষেপ সমূহ যদি গুৰুত্ব সহকাৰে বিবেচনা কৰা হয় নিশ্চয় ইয়াৰ সুফল অচিৰেই আমাৰ দৃষ্টিগোচৰ হ'ব।

     গতিকে চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ হ'লে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, প্ৰাকৃতিক ইত্যাদি সকলো ফালৰ পৰা এক সুস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ প্ৰত্যেকৰে সহায় সহযোগ আৰু আন্তৰিকতাৰে একান্ত ভাৱে প্ৰয়োজন।
                                   
সহায়ক উৎস:
১) http://dhubri.gov.in/
২)Cencus2011.co.in 2011।আহৰণ কৰা হৈছে:2011-09-30.
৩) http://pib.nic.in/newsite/PrintRelease.aspx?relid=179528
৪) http://www.census2011.co.in/facts/lowdistrictliteracy.htmlLiteracy declining in Assam's char areas.
>Development>Rural Development
Anshuman Sarma
Date of publish:2015-11
৫)চৰ চাপৰিৰ সমাজ দৰ্পণ:
কৰিম ৰেজাউল: চৰাঞ্চলৰ জনবিস্ফোৰণ আৰু আৰ্থসামাজিক দিশত ইয়াৰ প্ৰভাৱ।

✍️মোঃজহিৰুল ইছলাম এম,এ
সহকাৰী অধ্যাপক ,অসমীয়া বিভাগ
হামিদাবাদ মহাবিদ্যালয, সাতশিয়া,
ম'বাইল নম্বৰ:-৭০০২২৮৮৪৩০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)