অহংকাৰৰ পৰিণতি কি ?
ভাৱি চোৱানে এবাৰ
নাভাৱা ন!!!
ময়ো নাভাৱোঁ
কিন্তু দেখিছোঁ
অহংকাৰী সকলে কি পাইছে !
কি লাভ হৈছে তেওঁলোকৰ ?
কেনে অৱস্থা হৈছে?
অহংকাৰৰ পৰিণতি অতি ভয়ংকৰ জানানে ,
আমি সকলো অহংকাৰী,
আত্মগৌৰৱী ।
কিয়নো
কিয়নো আমি মানু্হ ।
আমি জীৱশ্ৰেষ্ঠ প্ৰাণী ।
আমাৰ চিন্তা কৰিব পৰা শক্তি আছে ।
আমি যি মন যায় তাকেই কৰিব পাৰোঁ
ভাল বেয়া সৎ অসৎ
প্ৰয়োজনীয়-অপ্ৰয়োজনীয় সকলো ।
কেৱল মানুহ হোৱাৰ
বাবে যে অহংকাৰ
তেনে নহয় ,
আমি আমাৰ শিক্ষা-দীক্ষা ৰূপ-সৌন্দৰ্য্য, সা-সম্পত্তিকলৈ
অহংকাৰ কৰোঁ
গৌৰৱ কৰোঁ ।
উচ্চ শিক্ষা থাকিলে
শিক্ষিত বুলি দম্ভালি মাৰি ফুৰোঁ ।
টকা-পইছা ধন-সোন থাকিলে অহংকাৰ !
আমাৰ সকলো আছে
আমি আঢ্যৱন্ত লোক ।
ধন-সোন নাথাকিলে অহংকাৰ আমাৰ একোৱে নাই
আমি পেটে-ভাতে খায় থকা লোক ।
সকলোতেই অহংকাৰ আমাৰ,
সকলোৰেই অহংকাৰ
হয়তো কাৰোবাৰ কম
আন কাৰোবাৰ বেছি ।
কিন্তু
কিন্তু কি লাভ হৈছে আমাৰ ?
আমিতো অহংকাৰত ওফন্দি
পাহাৰৰ সমান উচ্চতা
লাভ কৰিব নোৱাৰোঁ
নাইবা সাগৰৰ সমান গভীৰতা ।
জীৱ শ্ৰেষ্ঠপ্ৰাণী আমি মানু্হে
নিজৰ স্বাৰ্থৰ বাবে
সকলো কৰিব পাৰোঁ ।
কিন্তু
কিন্তু কি কৰিব পাৰিছো আমি
পাৰিছো জানো সকলোকে
হিংসা মুক্ত কৰিব ?
আপোনজন হেৰুৱাৰ বাবে দুখ কৰিছোঁ
হিয়া ঢাকুৰি কান্দিছো
কিন্তু পাৰিছো জানো
সেই মৃতকজনক
জীৱন দিব ?
নাই পাৰা ন !
তেতিয়াহ'লে,
তেতিয়াহ'লে কিহৰ বাবে ইমান অহংকাৰ?
কি লাভ হৈছে আমাৰ অহংকাৰৰ?
আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ
আমাৰ শিক্ষা আছে ।
কিন্তু সেই শিক্ষা জানো আমি কামত লগাব পাৰিছো ?
পাৰিছো জানো সমাজখন আগুৱাই নিব?
সমাজৰ অন্ধবিশ্বাস, কু সংস্কাৰ দূৰ
কৰিব ?
আজিও চোন সুৰক্ষিত নহয়
নাৰীসকল,
আজিও চোন সমাজত বহুলোক
শিক্ষা থাকিও অজ্ঞানী,
বহুলোক উচ্চ শিক্ষিত হৈয়ো নিবনুৱা;
আৰু শিক্ষাও সেই নামৰহে
কামৰ নহয় ।
আজি আমি আমাৰ ৰূপ - লাৱণ্য; সা-সম্পত্তিকলৈও
অহংকাৰ কৰিছোঁ
গৌৰৱ কৰিছোঁ ।
কিন্তু
কিন্তু কাইলৈ চোন সেই মাটিৰ মানুহ আমি
মাটিতেই মিলিত হব লাগিব ।
জন্ম-মৃত্যুৰ নিয়ন্ত্ৰণৰ ক্ষমতা
নেদেখাজনৰ হাতত,
ৰূপ সৌন্দৰ্য্য; সা-সম্পত্তিৰ অধিকাৰী মানুহৰ হাতত নহয়।
তেনেহ'লে আমাৰ অহংকাৰ কিহৰ বাবে ?
কি লাভ হৈছে আমাৰ অহংকাৰৰ?
আমাৰ এই অহংকাৰৰ পৰিণতি কি?
✍🏻আৰ্জিনা বেগম, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ