আহিনৰ ক্ষণ-সুৰজিৎ শইকীয়া

©Admin
0
কহুৱা  ফুলিছে , শেৱালী ফুলিছে ,
আহিন আহিল আপোন বাটেৰে চিনাকি পথেৰে ।
আহিনে আনে শৰত ,
আনে শেৱালীৰ মাদকতা ।
শেৱালীৰ গোন্ধত নিয়ৰসনা জোনাকত,
নিশা নিজান আন্ধাৰত 
ভাঁহি আহে স্মৃতিপটত ,
অতীতৰ সুমধুৰ ৰুমন্থন।
আহিনৰ আবেলিয়ে ৰং সানিছে শাৰদীয় মেলাৰ বতৰা লৈ 
পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ,
বিদায় মাগিছে পাৰ হৈ যোৱা আহিনৰ দিনবোৰে ।
আকৌ আহিব আহিনৰ প্ৰতিটো সুমধুৰ নিশা , প্ৰতিটো পোৱা ।
আকৌ ফুলিব পদূলিত শেৱালী জোপা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)