অমানিশাৰ কালৰাতি-মহীয়সী বড়া

0
আনদিনাৰ দৰেই আজিও...
খিৰিকীৰ সন্মুখত ৰৈ আছোঁ
আকাশখনলৈ বাৰে বাৰে চাইছোঁ
তৰাবোৰ আজি নাই 
জোনাকো নাই
 এনে লাগিছিল যেন 
আজি যেন মোৰ বাবে 
নামি আহিছে
অমানিশাৰ কালৰাতি
 যিয়ে মোৰ অতীতক সোঁৱৰাই দিছে
পাহৰিব খোজা দুঃসময়বোৰক  আকৌ কিয় মনত পেলাই দিছে?
এনে কি শক্তি আছে 
এই অমানিশাৰ মাজত! 
সেয়ে ,,বন্ধ কৰি দিলোঁ
খিৰিকীখন 
চাব নোখোজােঁ মই কেতিয়াও 
আঁতৰি যাওঁক
তেনে অন্ধকাৰময় আমানিশাৰ কালৰাতি...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)