এনেকৈয়ে ভাঙেনে সপোন- পৰিস্মিতা বৰুৱা

©Admin
0
"তুমি মই এদিন জানা ঘৰ  
      সাজিমে
     তাতে জোন থাকিব,তাতে তৰা    
      থাকিব
     তাতে মৰমতে আমাৰ মাইনাই  
     ওমলি থাকিব"

           ৰুণজুনৰ এটি অন্যতম প্রিয় গীত।কিমান বাৰ যে তাই সেই একেটা গীতকে বাৰে বাৰে শুনিছে তাৰ কোনো হিচাপ নাই।গানটো শুনি আপোন-পাহৰা হৈ বাৰাণ্ডাৰ চকী খনত কিমান সময় ধৰি বহি আছে তাই ক'বয়ে নোৱাৰে।হাটৰ পৰা আহি ৰিয়ানে মাতষাৰ মাতি গাত হেঁচুকি দিয়াত হে তাইৰ সম্বিত ঘূৰি আহিল।

    ৰিয়ান আৰু ৰুণজুনৰ বিয়া হোৱা প্ৰায় বিশ বছৰ মানে হ'ল।দুয়োটাই স্কুলৰ দিনৰ পৰাই ইটোৱে-সিটোক ভাল পাই বিয়া হৈছিল।দুয়োটাই সিহঁতৰ সংসাৰ খনক লৈ বহুত সুখী হৈছিল।বিয়াৰ কিছুদিন পাছতে ৰিয়ানৰ জীৱনলৈ এটা চাকৰিৰ সুযোগ আহে।যিহেতু সি পঢ়া শুনাত খুব ভাল আছিল, সেয়ে সি পঢ়ি অহা স্কুল খনতে তাৰ নিযুক্তি হয়।পঢ়ি অহা স্কুল খনতে শিক্ষক ৰূপে নিযুক্তি লাভ কৰাত ৰিয়ানৰ লগতে ৰুণজুনো সুখী হয় বহুত।পুৱাই সোনকালে উঠি ৰিয়ানৰ বাবে ভাত-পানীৰ যোগাৰ কৰি সদায় তাই তাক গৰমে গৰমে ভাতকেইটা খোৱাই স্কুললৈ পঠিয়ায়।তাক পঠিয়াই পাকঘৰৰ লগতে গোটেই ঘৰ খন চাফা কৰি আজৰি হৈ বাৰাণ্ডাতে বহি সদায় তাইৰ প্রিয় গীতটো শুনে আৰু কেতিয়াবা গীতটো লগাই তাই ফুলৰ বাগিচা খনত সোমাই ফুলবোৰৰ লগতে লাগি থাকে।ঘৰখনত যিহেতু মানুহ অকল সিহঁত দুটাহে আৰু ৰিয়ান সদায় স্কুললৈ ওলাই যায়,সেয়ে তাই অকলশৰীয়া হৈ পৰে দিনটো। অকলে অকলে তাইৰ আমনি লাগে কাৰণে ফুলৰ বাগিচা খন পাতি লৈছে।দিনটোৰ আধা খিনি সময় বাগিচা খনতে কটাই দিয়ে। এইদৰে দিন-মাহ-বছৰ বাগৰি গ'ল।
    এদিন দেওবৰীয়া দিন এটাত তাই ৰিয়ানৰ সৈতে একেলগে বহি তাইৰ প্রিয় গীতটো শুনি আছিল। গীতটো শুনি শুনি তাই আৰু ৰিয়ানে ভাবিলে সিঁহতেও এটা সন্তানৰ কথা ভাবিব পাৰেচোন! কাৰণ সিহঁতৰ বিয়া হোৱা প্ৰায় তিনি বছৰে পাৰ হৈ গ'ল।সন্তান এটা আহিলে তাইৰো এটা লগ হ'ব।সেই মতে সিহঁত দুয়োটাই আলোচনা কৰি সন্তানৰ কথা ভাবিলে।দুয়ো ভবাৰ দৰেই সিহঁতৰ সংসাৰলৈ এজনী সুন্দৰ পৰীৰ আগমন ঘটিল।পৰীজনীৰ নাম ৰাখিলে ঋষিতা আৰু মৰমতে সিহঁতি তাইক ঘৰত দুয়োটাই কলিজা বুলি মাতিবলৈ ধৰিলে। দুয়োৰে মৰমৰ মাজত কলিজা ডাঙৰ হ'বলৈ ধৰে। তাইৰ মুখত মাত ফুটাৰ পৰা অকল মা-দেউতা কৰি কৰি সিহঁতৰ পিছে পিছে লাগি ফুৰে।ৰিয়ান স্কুলত থকা সময় খিনিত ৰুণজুনৰ কামৰ অন্ত নোহোৱা হয়।কলিজাৰ উৎপাত সিফালে ঘৰৰ কাম।ৰিয়ান ঘৰত থাকিলে বৰ বিশেষ অসুবিধা নহয় কাৰণ দেউতাকৰ লগতে তাই গোটেই দিনটো কটাই দিয়ে। দেউতাকে এনেকুৱা কৰে যেন সিহঁতৰ কলিজা জনীক "মূৰত থলে ওকণিয়ে খাব আৰু মাটিত থ'লে পৰুৱাই খাব"।অলপ বুজিব পৰা হোৱাৰ পৰা ৰুণজুনে মাজে সময়ে দুই এটা ধমকি দিয়াৰ লগতে কেতিয়াবা চিটিপনি এছাৰিলৈ দুই এছাট দিয়েও।সেয়ে আজি কালি তাই মাকতকৈ দেউতাকক বেছি ভাল পোৱা হ'ল।

    ৰিয়ান ৰুণজুন আৰু ঋষিতাৰ সৈতে সিহঁতৰ তিনিজনীয়া সংসাৰ খন বৰ সুন্দৰ ভাৱে আগুৱাই গৈছিল।ঋষিতা এইবাৰ ক্লাছ টেন পালেগৈ।চকুৰ পলকতে যেন তাই ডাঙৰ হ'ল সিহঁতি ধৰিবকে নোৱাৰিলে।এইবাৰ যিহেতু তাই মেট্ৰিক পৰীক্ষা দিব সেয়ে মাক ৰুণজুনে টিভি চোৱা, মোবাইল চোৱা সকলোবোৰ বন্ধ কৰি দিছে। কিন্তু ৰুণজুনৰ অলপমান অনুপস্থিতিতে দেউতাকক কুটুৰি তাই টিভি টো আৰু দেউতাকৰ মোবাইলটো চাই।মাকৰ কাঢ়া শাসন আৰু দেউতাকৰ মৰম আৰু বুজনিত তাই ভালকৈ পঢ়ি শুনি পৰীক্ষা দিয়ে আৰু ফলত তাইৰ মেট্ৰিকৰ ৰিজাল্ট মাক দেউতাকে বিচৰাতকৈও বহুত বেছি ভাল হ'ল।সেই দিনা সিহঁতৰ ঘৰ খনত আনন্দৰ বন্যা বলিল।ধুমধামেৰে সিহঁতে গাঁৱৰ ৰাইজক এসাজ ভালকৈ খুৱালে।ঋষিতাৰ সৰুৰেপৰাই মন আছিল বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ।সেয়ে তাইৰ অনুৰোধ মৰ্মে মাক-দেউতাকে তাইক বিজ্ঞান বিভাগত নামভৰ্তি কৰি দিবলৈ মান্তি হয়।কিন্তু হ'লে কি হ'ব ঘৰৰ ওচৰত বিজ্ঞান শাখাৰ কলেজ নোহোৱাৰ বাবে সিহঁতৰ অনিচ্ছা স্বত্তেও তাইক টাউনৰ কলেজত নাম ভৰ্তি কৰি দিয়াৰ চিন্তা কৰে।এদিন কলেজৰ পৰা ফৰ্ম আনি দেউতাকে ফৰ্মখন পূৰণ কৰি জীয়েকক লৈ নামভৰ্তি কৰিবলৈ বুলি বাইক খন লৈ ওলাই যায়।কিন্তু নিষ্ঠুৰ নিয়তিৰ খেল কোনে বুজি পাব!সিঁহতেটো ভবা নাছিল যে সেইদিনা ৰাস্তাত সিহঁতৰ বাবে যে কালদূত ৰৈ আছিল! বাপেক-জীয়েক ওলাই গৈ টাউনৰ ৰাস্তাটোত উঠিছিল হে মাথোঁ; তেনেতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে সিহঁতৰ বাইকত জোৰেৰে খুন্দা মাৰি যায়।ৰিয়ান বাইকখনৰ সৈতে কাষতে বাগৰি পৰে আৰু ঋষিতা উফৰি গৈ ৰাস্তাৰ মাজত গৈ পৰে তাই বহুত বেয়াকৈ মূৰত দুখ পায় আৰু তাই চিঞৰি উঠে দেউতা বুলি আৰু অচেতন হৈ পৰে।ৰিয়ানেও ভৰি আৰু হাতত দুখ পায় যদিও যেনেতেনে উঠি গৈ তাৰ মৰমৰ কলিজা জনীক বুকুৰ মাজলৈ সুমুৱাই লয়।লৰালৰিকৈ দুয়োকে ৰাস্তাৰ কাষত গোট খাই থকা মানুহ খিনিয়ে চিকিৎসালয়লৈ লৈ যায়। ৰিয়ানৰ হাত এখন ভাগিছিল, সেইখন ডক্টৰে প্লাষ্টাৰ কৰি দিয়ে আৰু দুখ পোৱা ঠাইখিনি চাফা কৰি মলম লগাই দিয়ে।কিন্তু ঋষিতাই মূৰত দুখ পোৱাৰ বাবে তাই তেতিয়াও অচেতন হৈ আছিল।দেউতাকে তাইক কেইবাবাৰো মাতি মাতি উঠাব পৰা নাছিল।ডক্টৰ সকলেও বহুত চেষ্টা কৰিছিল তাইৰ লগত কিন্তু তাইক তেওঁলোকে বচাব নোৱাৰিলে।তাইৰ মৃত্যু হোৱা বুলি শুনি ৰিয়ান নিমাত হৈ বহি পৰিল।গাঁৱৰ মানুহে ৰুণজুনক গৈ খবৰ দিয়াত তাইয়ো আহি হস্পিতেল পায়।ৰিয়ানক পকাতে বহি থকা দেখি দৌৰি আহি সিঁহতৰ কলিজা জনী ক'ত আছে বুলি চিঞৰি চিঞৰি সুধিলে,কিন্তু সি নিমাত হৈ মাথোঁ হাত খনে আঙুলিয়াই দেখালত ৰুণজুন সেইফালে দৌৰি গ'ল।তাইৰ নিথৰ দেহাটো দেখি ৰুণজুন বলিয়াৰ দৰে হৈ পৰিল। গাঁৱৰ মানুহ গোট খাই হস্পিতেলৰ কাম খিনি কৰি তিনিওকে ঘৰলৈ লৈ আহে।ৰাইজৰ বুজনিত ৰিয়ান অলপ শান্ত হয় আৰু সিহঁত দুয়োটাৰে কলিজাৰ টুকুৰাটোক ৰাইজৰ নিয়ম মতে বাৰীৰ কাষতে তাইক পুতি থয়।ৰাইজে নদীৰ কাষলৈ নিয়াৰ কথা কৈছিল,কিন্তু কোন সতেনো সি তাৰ কলিজা জনীক অকলে নদীৰ কাষত এৰি আহিব!সেই ভাবিয়ে ঘৰৰ কাষতে সকলো খিনি নিয়ম কৰিলে। ৰাইজৰ বুজনি আৰু ৰিয়ানৰ মৰমত ৰুণজুন সুস্থ হয় যদিও তাই আজি কালি অন্যমনস্ক হৈ থাকে বেছি ভাগ সময়।যদিও তাই অন্যমনস্ক হৈ থাকে কিন্তু তাই তেতিয়াও সিহঁতৰ প্রিয় গীতটো শুনিবলৈ এৰা নাছিল।কেতিয়াবা গানটো শুনি তাই অকলে অকলে কান্দিছিল আৰু কেতিয়াবা ৰিয়ানৰ লগত বহি দুয়োটাই হুকহুকাই কান্দি উঠিছিল। ৰিয়ানৰ আজিও সেই দিনটো আৰু শেষ শব্দ "দেউতা" বুলি চিঞৰি উঠা ঋষিতাৰ মাতটোৱে তাক বৰ আমনি কৰে।কিন্তু ৰুণজুনৰ বাবে সি সকলো নীৰৱে সহি থাকে।সেই দিনাও তাই ৰিয়ান হাটলৈ বুলি ওলাই যোৱা পাছতে গানটো শুনি কিমান সময় বহি থাকিল গমকে নাপালে। ৰিয়ানে আহি মাত দিয়াত হে তাই লৰা -লৰিকৈ উঠি গৈ ঘৰৰ কাম খিনি কৰি দুয়োটাই লগ লাগি ভাতকেইটা ৰান্ধি খাই বৈ আজৰি হয়।আজি কালি দিনে ৰাতিয়ে সিহঁতৰ ঘৰত অকল এটা গীতে বাজি থাকে নাই বা কেতিয়াবা ৰুণজুনে গুণগুণাই গায়.....
    "তুমি মই এদিন জানা ঘৰ সাজিমে
      তাতে জোন থাকিব তাতে তৰা থাকিব
      তাতে মৰমতে আমাৰ মাইনাই ওমলি থাকিব"।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)