ছাঁ-আলতাব হুছেইন

Rinku Rajowar
1
যৌৱনৰ দুপৰীয়া এচেৰেঙা ৰ'দত 
দেহা-মন জ্বলি ছাঁই হোৱাৰ সময়ত 
বট বৃক্ষৰ ছাঁ হৈ 
তুমি ক'ৰ পৰা আহিলা 
জীৱন জীয়াৰ নৈৰ ঘাটত ।

যথা সময়ত 
গন্তব্যস্থানত উপস্থিত হোৱাৰ বাবে 
প্ৰকাণ্ড বট বৃক্ষৰ ৰূপত 
ৰ'দবোৰ হৈ পৰিল মিঠা 
আৰু এতিয়া চৌদিশ আৱৰি  আছে  
তোমাৰেই মলয়া বতাহ আৰু ছাঁ ।

এচেৰেঙা ৰ'দত ছাঁৰ নক্সা পৰি
নিমিষতে মৰহি গ'ল ...!
এতিয়া চাৰিওফাল আমোল-মোল 
তোমাৰ সুগন্ধ সুবাসত ।

তোমাৰ মোহাচ্ছায়া আৰু 
মিঠা ৰ'দৰ মাজত 
মৰীচিকাৰ দৰে জিলমিল কৰি
একে নাওৰ দুজন নাৱৰীয়া হৈ 
আজীৱন জী থকাৰ সপোন ।

🅾️আলতাব হুছেইন 
                                     

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. জ্ঞান পিপাসু শিক্ষাৰ্থী সকলক কেৱল পাঠ্যপুথিত থকা জ্ঞানৰ উপৰিও বাস্তৱ সমাজৰ বিভিন্ন বিষয়বস্তু তথা জীৱনৰ কিছুমান অভিজ্ঞতাই জীৱনক পৰিপক্ক কৰি তুলে । এনে বিষয়ৰ সমলবোৰ বিভিন্ন আলোচনী, বাতৰিকাকত, বিভিন্ন গল্প, প্ৰবন্ধ, উপন্যাস আদি লেখা মাজেৰে প্ৰকাশ বা বিকশিত হোৱা পৰিলক্ষিত হয় । তেনে জ্ঞান সম্বলিত এখন গুৰুত্বপূৰ্ণ আলোচনী হ'ল - " অসমীয়া সাহিত্য চানেকি" । যি খন আলোচনীত জ্ঞান সম্বলিত আৰু আধুনিক সভ্যতাৰ তিতা-মিঠা ছৱি বিভিন্ন ৰূপত পৰিস্ফূত হৈছে । এই আলোচনী খনৰ পৰা পঢ়ুৱৈ সমাজ উপকৃত হোৱা পৰিলক্ষিত হয় । বিশেষকৈ মই এই আলোচনী খনৰ মাজেৰে উপকৃত হৈছো । এই আলোচনী খন কেৱল তথ্য সম্বলিত আলোচনী বুলি ক'লে সমিচীন হ'ব । কাৰণ ই কেৱল জ্ঞান সম্বলিত আলোচনীয়েই নহয় , লেখক সমাজৰ অনুভৱবোৰ প্ৰকাশ কৰা এক অন্যতম মঞ্চ । সেয়ে মোৰ দৃষ্টিত এই আলোচনী খন অতিকে উপকাৰী আলোচনী ।

    ReplyDelete
Post a Comment