অসংলগ্ন শব্দৰ অসম্পূৰ্ণ কবিতা- শান্তনু হাজৰিকা

©Admin
0
আজি হৃদয়ে কিয় জনো বাৰুকৈয়ে উচুপি উঠে
দুটি নয়নো আজি দেখোন সঘনাই সেমেকি পৰে,
বুজা নুবুজা কথাবোৰ ডায়েৰীতে লিখিব ল'লো
এইবাৰচোন ডায়েৰীত কলমৰ চিয়াঁহীও নধৰে !
অনুভৱবোৰৰ মাজতোচোন খেলি-মেলি লাগিছে
শব্দবোৰো আজি দেখোন ইমান বিশৃংখল !
লিখিব লোৱা কবিতাটো আধাতে পৰি ৰ'ল 
মনৰ মাজত এইয়া আকৌ কিহৰ কোলাহল ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)