দীপৰ বিল -হেমেন হাজৰিকা

©Admin
0
সৌৱা দীপৰ বিল
     তৰুণ ফুকনৰ
     হাতী পৰা দীপৰ বিল ।।

     পখী অভয়াৰণ্যৰ
     অলংকাৰৰে বিভুষিত তেওঁ
    হাজাৰ বিজাৰ পখীৰ
    কাকলিৰে মুখৰিত তেওঁ ।।

    পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু
    কাষেৰে ৰেলৰ
    দীঘলীয়া উকি
    আকৌ
    ৰাষ্ট্ৰীয় ঘাইপথত
    যান জটৰ শাৰী
    সূৰ্যোদয়ৰ নান্দনিক দৃশ্যই
    মন কাঢ়ে হৃদয় ভৰি
    সেয়াই দীপৰ বিল
    যʼত দেখা যায়
    পখীৰ জলকেলি ।।

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)