অসমৰ বীৰ সন্তান লাচিত - প্ৰিয়ংকা বৰা

©Admin
0
আজিও উজ্বলি আছে ইতিহাসৰ পাতত
লাচিতৰ বীৰত্বৰ কথা,
বুৰঞ্জীৰ পাত লুটিয়াই চালে
বিচাৰি পাওঁ লাচিতৰ জীৱন গাঁথা।
"দেশতকৈ মোমাই ডাঙৰ নহয়" অমৰ বাণীয়ে
আজিও কঁপাই তোলে বিশ্ববাসীক,
তেওঁৱেই আছিল অসমৰ বীৰ সন্তান
অজেয় লাচিত।
আহোম আৰু মোগলৰ তয়াময়া যুদ্ধত
নৰিয়া দেহাৰেই লাচিতে হেংদাং তুলিলে,
অৱশেষত লাচিতৰ নেতৃত্বত আহোম সৈন্যই
বিজয়ৰ মালা পিন্ধিলে।
আহোমৰ সেনাপতি বীৰ লাচিতে
প্ৰৱল পৰাক্ৰমেৰে যুদ্ধ কৰিছিল,
য'ত, মোগলৰ সেনাপতি ৰামসিংহই
পৰাজয় স্বীকাৰ কৰিছিল।
এয়াই আছিল শৰাইঘাটৰ যুদ্ধৰ
গৌৰৱময়ী কাহিনী,
য'ত উজ্বলি আছে বীৰ সন্তান
লাচিতৰ জীৱনী।।
                            
✍️প্ৰিয়ংকা বৰা
     কাকজান মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)