লাচিত বৰফুকন-সীতা দেৱী

©Admin
0
হে মহানায়ক , জাতীয় বীৰ
বীৰ যোদ্ধা তুমি ।
চিৰ যুগমীয়া হৈ
স্বদেশৰ নাম কৰিলা যাউতিযুগীয়া।
অসমীয়াৰ গৌৰৱ, 
বীৰত্বৰ প্ৰতীক,
কৰ্মনিষ্ঠা আৰু সততাৰ দৃঢ় সাহসী চানেকি ।
হাতত হেংদাং লৈ 
বুকুত দেশপ্ৰেম,
দেশমাতৃক বিজয় তিলক পিন্ধালা।
মোমাই তামূলী বৰবৰুৱাৰ সুযোগ্য সন্তান,
চক্ৰধ্বজ সিংহৰ উপযুক্ত নিৰ্বাচন,
সৰ্বকালৰ বিশ্বব্যাপী শ্ৰেষ্ঠ সেনাপতি।
"দেশত কৈ মোমাই ডাঙৰ নহয়" বুলি 
অসমী আইক 
ৰক্ষাকবচ পিন্ধাই
দিলা স্বাধীনতা।
তোমাৰ অসীম বীৰত্বৰ গাথা
শৰাইঘাটে ৰিঙিয়াই কয়।
তুমিয়েই ৰণুৱা, নিৰ্ভীক বীৰ,
অসমৰ ইতিহাসৰ উজ্বল নক্ষত্ৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)