ৰাসলীলা-মিন্টু গোৱলা

Rinku Rajowar
0
আঘোণ মাহৰ পূৰ্ণিমা ৰাতি শৰৎ ঋতুত বৃন্দাবনত
শ্ৰী কৃষ্ণই ঊল্লশ গোপীৰ সৈতে ৰাসক্ৰীড়া কৰে ।
ঊল্লশ গোপীৰ মাজত ৰাধিকাক পাই প্ৰভু প্ৰেমত মগ্ন ।
গকুলৰ গোৱালি সৈতে খেলে নানা ধেমালি
গোপীৰ সৈতে প্ৰভু কৰে ৰাসলীলা শৰতৰ পূৰ্ণিমা ৰাতি ।
কদম জোপিত উঠি প্ৰভু বজাই বাঁহী , বাঁহীৰ মাত শুনি গোপী সবে নাচে তালে তালে...........................
ৰাধিকা দেৱী সৈতে নাচে প্ৰভু একান্ত মনে ,
প্ৰেমেৰে আৰম্ভ কৰি নাচে সবে গোপীৰ সৈতে ।
হাতে মোহনবাঁহী  মূৰত ময়ূৰপাখি নাচে
 প্ৰভু ৰাধাৰ সৈতে......... 
মোহন মুঁৰালী প্ৰভু শৰৎ ঋতুৰ 
পূণিমা ৰাতি ৰাসৰ অতি বিতোপন দৃশ্য
 ৰাধিকা দেৱী সৈতে নাচে প্ৰভু নানা ধৰণে
প্ৰকৃতিও অতি সৌন্দয্য মনোমোহিত........।
 গকুলৰ গোপী সজাই নানা ৰঙে প্ৰভু সৈতে ঊল্লশ গোপীও কৰে নানা লীলা ধন্য তোমাৰ চৰণ তুমিয়ে জগতত পিতা দুষ্টক দমন কৰি সান্তক পালন সেতু কৰিলা নানা লীলা এই জগতত ।
সমম্ত পাপৰ ভাৰ  নাশক কৰিবলৈ লʼলা
 তুমি নানা অৱতাৰ কৰি নানা লীলা,
 শিশুৰ সৈতে ঊল্লশ গোপীক নচুৱা
 শৰৎ ঋতুৰ আঘোণ মাহৰ পূণিমা ৰাতিত ।
যমুনাৰ পাৰত বহি বজাই বেণু , 
বেণুৰ মাত শুনি ৰাধিকা দেৱী ৰʼব নোৱাৰে ,
 যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি প্ৰভুলৈ বাট চাই  ।
যমুনাৰ পাৰত বহি ঊল্লশ গোপীৰ সৈতে নাচে সবে একান্তই প্ৰভুৰ সৈতে......... 
 বাঁহীৰ মাতে ৰাধাক ঘৰত থাকিব নিদিয়ে............
 বাৰে বাৰে মন যায় যমুনাৰ পাৰলৈ কানাইক বিচাৰি ।

▪️শ্ৰী মিন্টু গোৱলা ,লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)