সোণগুটিৰ আদৰণি-প্ৰজেছ দাস

©Admin
0
এটি এটি কৈ দিন বাগৰি 
সুখৰ দিন সমাগত 
সেউজীয়া পৰা আৰম্ভ কৰি 
সোণোৱালী দিনৰ অপেক্ষাত ,
পিতাইৰ ডালিম গুটিয়া দাঁতৰ 
মিচিকিয়া হাঁহিৰে উপচি 
আজি সোণগুটিৰ আদৰণি ।
আইৰ  হাতেৰে স্পৰ্শ কৰি ৰোৱা 
ভূঁই আজি হ'ল সোণোৱালী 
একাঠু বোকাৰ মাজত নিজকে 
অৰ্পণ কৰি হাঁহিছিল আয়ে ,
এদিন হ'ব সোণগুটিৰ আদৰণি ।
সেই দিন আহিল আজি
হাতৰ মুঠিত শুৱনি হল ধানৰ মুঠি ,
বিৰিয়াত পিতাই নিয়ে ডাঙৰী
ভঁৰাল ঘৰ কৰে শুৱনি 
আজি সোণগুটিৰ আদৰণি ।
ন খোৱাৰ দিন আহিল আজি 
ন লখিমী ন অন্ন ,
একেলগে খায় সকলোৱে মিলি 
কি যে সুখৰ জিলিকনি আই -পিতাইৰ মুখনি 
আজি সোণগুটিৰ আদৰণি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)