মেলানি মাগিবৰ বেলা,
মিতিৰ কুটুম্ব সকলোৱে মিলি
পাতিছে বিৰহৰ মেলা।
কোনোবাই গাইছে জপনা মুখতে
কোনোবাই গাইছে বাটত,
বিব্রত মদনৰ বিৰহী ৰাউচীয়ে
আউল লগাইছে নাটত।
আলহী পখীৰ সৰু পঁজাখনি
এলাগী হোৱাৰ ভয়,
দুখ বেদনাৰ গীতৰ শৰাইখনি
পঁজাতে পৰি ৰয়।
জীৱন যাযাবৰী কৰিলা লগৰী
এৰিলা মুলুকৰে মায়া,
পাখি দুটি জোকাৰি যাবাগৈ উৰি
পলকতে হ'বা নাইকীয়া।
অতৃপ্ত আশাৰ মায়াৰে সংসাৰ
চিঙিব নোৱাৰা জৰী,
শ্বেত বস্ৰ পিন্ধি কৰিছা গমন
সব আভূষণ এৰি।
🔳ফখৰুদ্দিন আলি আহমেদ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ