মুখত এটি মিচিকিয়া হাঁহি ,
প্ৰতিটো চিন্তাৰ নিৰৱতাক
চিত্ৰত অভিব্যক্ত কৰা ,
ৰঙা,নীলা , হালধীয়া, ৰং তুলিকাৰে উকা কেনভাজত
অমৰ প্ৰেমৰ ছবি অঁকা
আমাৰ আপোন খনিকৰ নীলপৱন বৰুৱা এজন অন্যতম ....।।
গীত আৰু চিত্ৰৰ গভীৰতাক
প্ৰতিফলন ঘটোৱা,
মানৱ মনক পুলকিত কৰিব পৰা ,
বিশাল উদাৰ মন আৰু মহানুভৱতা পৃথিক গৰাকী ,
দুৰন্ত প্ৰেমিকজন আৰু নাই,
গ'লগৈ এখন অজান দেশলৈ
উভালি পৰিল গ'ল ৰং তুলিকাৰ বিশাল
পৃথিৱীৰ এজোপা বিশাল বটবৃক্ষ...।।
🔳নৱজিৎ নাথ,ছিপাঝাৰ,দৰং, (অসম).......।।*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ