১১ নৱেম্বৰ - আজিৰ ৰাশিফল

Rinku Rajowar
0
✴️মেষ ৰাশি- চিন্তা নকৰাকৈ কাকো প্ৰতিশ্ৰুতি নিদিব ।জীৱন সংগীৰ লগত চলি অহা দীঘলীয়া মতভেদ আজি সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। ক’লা সৰিয়হ দান কৰক। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

✴️বৃষ ৰাশি- কৰ্মক্ষেত্ৰত আজি ধন লাভৰ যোগ আছে।সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে।তামসিক আহাৰ পৰিহাৰ কৰক। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

✴️মিথুন ৰাশি- হিংসা আৰু ঘৃণাই আজি আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে । প্ৰিয়জনে আপোনাৰ বাবে আনন্দ আৰু সুখ কঢ়িয়াই আনিব। শুভ সংখ্যা ৮, শুভ ৰং বাদামী।

✴️কৰ্কট ৰাশি- আজি আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব| কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

✴️সিংহ ৰাশি- আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। কোনো মূল্যবান বস্তু হেৰাব পাৰে। শুভ সংখ্যা ৩, শুভ ৰং ৰঙা।

✴️কন্যা ৰাশি- অলপ সাৱধান হ’ব। হাতত থকা পইচা অধিক খৰচ হ’ব। সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক । শুভ সংখ্যা ৫, শুভ ৰং মেৰুণ।

✴️তুলা ৰাশি - কোনো নতুন কামৰ লগত জড়িত হোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি সবল থাকিব। শুভ সংখ্যা ২, শুভ ৰং গোলপীয়া।

✴️বৃশ্চিক ৰাশি- আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে পাৰ হ’ব। কাৰোবাৰ পৰা অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

✴️ধনু ৰাশি- কৰ্মক্ষেত্ৰত খ্যাতি লাভ কৰিব। ঘৰলৈ আলহি আহিব পাৰে। জীৱন সংগীৰ পৰা উপহাৰ লাভ কৰিব।আজি কামৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব৷ শুভ সংখ্যা ৪, শুভ ৰং গাঢ় নীলা।

✴️মকৰ ৰাশি- আয় বাঢ়িব। কোনো কথাত হতাশা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ২, শুভ ৰং কমলা।

✴️কুম্ভ ৰাশি- কৰ্মস্থানত সন্মান লাভ কৰিব। গণেশৰ মন্দিৰত মিঠাই দিলে ভাবি থকা সকলো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮, শুভ ৰং হালধীয়া।

✴️মীন ৰাশি– স্বাস্থ্য ভালে নাযাবও পাৰে | দাম্পত্য জীৱনত কাজিয়াৰ আশংকা আছে।হাতলৈ পইচা আহিব। শুভ সংখ্যা ১ , শুভ ৰং ৰঙা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)