কাঁচিয়লী ৰ'দৰ এচেৰেঙা
পোহৰ খিৰিকীৰে সোমাই,
বতাহ জাকে দি যায়
আহিনৰ অনুভূতিৰ
শিহৰণৰ এক বতৰা।।
আহিনৰ এটি হেঙুলীয়া
মিঠা ৰ'দৰ পৰশত ,
কৃষকৰ হেঁপাহৰ ধাননি
আঘোণত হয় সোনালী।।
নীলা ডাৱৰে আৱৰা আকাশতো
জীপাল হৈ উঠে,
পবিত্ৰ আৰু উজ্বল।।
আহিনৰ এচাতি শেৱালীত,
আলফুলিয়া কহুৱা বননীত ,
চতিয়নাৰ মধুসনা সুবাসত,
আপোন পহৰা হয়
সকলোৰে মানুহৰ মন।।
প্ৰকৃতিৰ শ্যামলী সৌন্দৰ্যত ,
অস্তগামী সুৰুযৰ এক
হেঙুলীয়া ৰহন সনাত,
আহিনৰ প্ৰতিটো আবেলিত,
দি যায় প্ৰেৰণাৰ মধু সমল।।
✍️নৱজিৎ নাথ ,
ছিপাঝাৰ,দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ