অসমীয়া সাহিত্যৰ চানেকি- তৃতীয় বৰ্ষ ৩৪৪ সংখ্যা

Rinku Rajowar
0
সূচীপত্ৰ


🔴সংযোগ-ফখৰুদ্দিন আলি আহমেদ


🔴বেশ্যা মই-অলকেশ খাটনিয়াৰ

🔴ডাঙৰ মাছ -নিতুমণি দাস 

🔴কৰ্তব্য-হিমশিখা সন্দিকৈ 


🔴কবিতাঃ যুৱৰাজ বাচকোটা,ৰজনী কুমাৰ ডেকা
     ৰঙিয়া,মিন্টু গোৱলা,অনন্ত কুমাৰ ভূঞা,মুকুল ৰঞ্জন,হেমেন হাজৰিকা,নৱজিৎ নাথ,আকাশ কুমাৰ ,হাইছ উদ্দিন আহমেদ

সংযোগ

✍️ফখৰুদ্দিন আলি আহমেদ
         শালকাটি পথাৰ,
          ধিং, নগাঁও। 

 স্নেহলতাৰ কথাবোৰে তাক তাৰ জীৱনটো আকৌ এবাৰ নতুনকৈ ভাৱি চাবলৈ বাধ্য কৰালে। সি কাহানিও ভৱা নাছিল যে তাৰ জীৱনটোয়ে আজিৰ এই অৱস্থা পাবহি। সি মনে মনে এবাৰ ভাৱিলে মানুহৰ জীৱনটো যদি কম্পিউটাৰৰদৰে ফ'ৰমেট মাৰিব পৰা গ'লহেতেন তেন্তে হয়তো সি জীৱনটোৰ বেয়া ভাইৰাছবোৰ আতৰাই নতুনকৈ প্ৰ'গ্ৰামবোৰ কৰিব পৰা পাৰিলেহেতেন। হঠাতে ঘটি যোৱা ঘটনাটোৱে তাৰ জীৱনৰ গতি ধাৰাই সলনি কৰি দিলে। তিতা কেহাৰ মাজেৰে তাৰ বিবাহিত জীৱনৰ ছয়টা বছৰ অতিক্রম কৰাৰ পিছতেই ঘটিল সেই অবাঞ্ছিত ঘটনাটো। যাৰ বাবে সি আজি আকৌ এবাৰ তাৰ জীৱনটোক পিছলৈ ঘুৰি চাব লগা হৈছে। 
      তাৰ অনিচ্ছা স্বত্বেও বিবাহ পাশত আৱদ্ধ হ'ব লগা হৈছিল মঞ্জুলাৰ সৈতে। কাৰণ মাকৰ শেষ ইচ্ছা পুত্রবোৱাৰী চোৱাৰ। মাক বহুদিনৰ পৰাই নৰিয়াত। কাম কৰা মানুহ এজনীয়ে ৰান্ধি বাঢ়ি দি থৈ যায়। মাকে এদিনাখন তাক মাতি নি ক'লে
"বোপাই অ, আৰু কিমান দিন এনেদৰে কষ্ট খাবি? এজনীক দেখি মেলি চপাই ল'। ময়ো থাকোঁতে বোৱাৰীৰ মুখখন চাই যাও।"
"ৰ'বাচোন কেইটামান দিন। কিবা এটা নোহোৱালৈকে কেনেকৈ বিয়াখন পাতো?
প্ৰাইভেট স্কুলৰ মাষ্টৰলৈ কোনেনো ছোৱালী দিব?" সি মাকক ক'লে। 
     এইদৰেই গতানুগতিক ভাৱে তাৰ দিনবোৰ কোনোমতে পাৰহৈ থাকোতে হঠাতে এদিন তাৰ মাহীয়েক আহি ওলাল। লগত মাহীয়েকৰ ছোৱালী মঞ্জুলা। 
সি মাহীয়েকক ভাল বেয়া সুধি মঞ্জুলাৰ পঢ়াৰ খবৰ সুধিলে। 
     মঞ্জুলা স্নাতক ২য় বৰ্ষৰ ছাত্রী। ওখকৈ বগা লাহী দেহাৰ ছোৱালীজনী তাৰ এক প্ৰকাৰ ভালেই লাগে। কিন্তু একেখন প্ৰাইভেট স্কুলতে কাম কৰা স্নেহলতাৰ আগত তাইৰ লাৱন্যতা যেন ম্লান পৰি ৰ'ব। সি তাৰ মনৰ কথাবোৰ এবাৰ স্নেহলতাক কৈছে। তাইও সন্মত। কিন্তু তাইৰ ঘৰৰ মানুহে চৰকাৰী চাকৰী থকা ল'ৰা বিচাৰি আছে। ইয়াৰ বাদে তাইৰ ঘৰৰ মানুহে সৈ নাকাঢ়ে। আত্ম সন্মানৰ বাবে দুয়ো পলাবলৈয়ো নোৱাৰে। 
   "অ মাহী, মই ঘুৰি নহালৈকে তুমি নাযাবা।" সি বাৰান্দাতে ৰখাইথোৱা বাইকখনৰ ওচৰলৈ গৈ মাহীয়েকক মাতি ক'লে। 
"হ'ব দে, তই যা। মই মাৰৰ লগতে আজি থাকিম।" মাহীয়েকে ক'লে। 
"ভালেই হ'ব দিয়া। মই একেবাৰে বজাৰ সমাৰ কৰি ঘৰ ওলামহি।" সি মাহীয়েকে শুনাকৈ কথাখিনি কৈ বাইকখন ষ্টাৰ্ট কৰি ওলাই গ'ল। 
   চৰকাৰী চাকৰিটোক মানুহে কিয় ইমান প্ৰাধান্য দিয়ে বাৰু? চৰকাৰী চাকৰি নথকা মানুহবোৰ জীয়াই থকা নাই জানো? আজি কালি মানুহবোৰে চৰকাৰী চাকৰিটোক জীৱনৰ মৰ্টগেজ স্বৰূপে ধৰি লয়। যেন চৰকাৰী চাকৰিটোয়েই মানুহৰ জীৱনৰ একমাত্র নিৰাপত্তা। এই স্নেহলতাজনীও ক'ম নহয়। তাইতো ঘৰৰ মানুহখিনিক বুজাই মেলি সৈমান কৰাব পাৰে। তাইয়ো বিচাৰে তাৰ এটা চৰকাৰী চাকৰি হওক। কিন্তু চৰকাৰী চাকৰি এটা সি এতিয়া কেনেকৈ যোগাৰ কৰে? চাকৰি বিচৰা মানে পৰ্বতত কাছ কণী বিচৰা। তাতে চাকৰিৰ বজাৰত মাটি ভেটি উচন হ'ব। 
  কথাবোৰ ভাৱি ভাৱি সি ঘৰ সোমাল। বাইকখন বাৰান্দাতে ৰখাই বজাৰৰ মোনাটো বাৰান্দাতে চকী এখনত বহি থকা মঞ্জুলাৰ হাতত দিলে। সি হাত মুখ ধুই চিধাই মাকৰ কাষ পালেগৈ। মাকৰ বিচনাৰ কাষতে থকা চকী এখনত বহি দিলে। 
"তইয়ো আহিলি যেতিয়া ভালেই হ'ল। কথাখিনি খোলাখুলিকৈ পাতিব পাৰিম।" মাকে শুৱাৰ পৰা উঠি বহিলৈ ক'লে। 
"তোৰ সৈতে মঞ্জুলাৰ বিয়াৰ কথাটো ইতিমধ্যে মই মাহিয়েৰাৰ লগত পাতিছোঁ। মঞ্জুলাও সন্মত। তই হা কলেই হয়। তাই মোৰ ভাগিনীয়েক। ভালেই হ'ব দে।" মাকে একে উশাহতে কথাখিনি কৈ গ'ল। 
"তুমি কথাবোৰ যিমান সহজ বুলি ভাৱা আচলতে কথাবোৰ সিমান সহজ নহয়। মোক অলপ সময় দিয়া।" সি মাকৰ মুখলৈ চাই ক'লে। 
"যি কৰ সোনকালে কৰ। তোৰ দুখবোৰ মই আৰু চাই থাকিব নোৱাৰোঁ।" মাকে ক'লে। 
  মঞ্জুলাই মাজতে সকলোকে চাহদি যায়।
"পিছে দুপৰীয়া খাোৱাবোৱা কৰিলা নে নাই মাহী?" সি মাহীয়েকক সুধিলে। 
"ওম, আমি ভালেই খালো দে। পিছে তইনো ক'ত খাৱ?" মাহিয়েকে সুধিলে। 
"মই দুপৰীয়া চাৰিআলিটোত থকা হোটেল খনত ৰুটি পৰঠা আদি খাই লওঁ।" সি ক'লে। 
   সি ৰাতিৰ ভাতকেইটা কোনোমতে গিলি বিচনাত পৰিলগৈ। মনত যেন প্ৰচণ্ড ধুমুহা বলিছে। বুকুৰ ওপৰেদি যেন ৰাজধানী ট্ৰেইনখনে বাৰে বাৰে অহা যোৱা কৰি আছে। মঞ্জুলা আৰু স্নেহলতাৰ মুখ দুখন বাৰে বাৰে তাক দুটা ৰাস্তা প্ৰদৰ্শিত কৰি আছে। হয় সি মঞ্জুলাক বিয়া কৰি ঘৰ সংসাৰ আৰম্ভ কৰিব পাৰে নতুবা স্নেহলতাৰ বাবে এক অনিশ্চিত ভবিষ্যতৰ বাবে বাট চাই থাকিব পাৰে। কথাবোৰ ভাৱি ভাৱি সি ৰাতিটো প্ৰায় উজাগৰে কটালে। 
  পুৱা পাঁচ বজাতে সি বিছনা এৰিলে। টয়লেটৰ পৰা ওলাই হাত মুখ ধুই মাকৰ ওচৰলৈ গ'ল। মাকৰ সৈতে মাহীয়েকো আছিল। মঞ্জুলাই চবকে চাহ নাস্তা দি গ'ল। 
"মা, তুমি মাহীৰ সৈতে আলোচনা কৰি দিন বাৰ সকলে ঠিক কৰি ল'বা। মই স্কুললৈ ওলাব লাগিব।" সি কথাখিনি কৈ তলমূৰ কৰি ৰুমৰ পৰা ওলাই আহিল। মাক আৰু মাহীৰ মুখত হাঁহি বিৰিঙি উঠিল। 
  সুকলমেই হৈ গৈছিল তাৰ বিয়াখন। কিছু দিন পিছত টে'টত শিক্ষকৰ চাকৰিটোও পালে। মাকক চেন্নাইলৈ নি উন্নত চিকিৎসা কৰাই আনিলে। ইফালে মঞ্জুলায়ো ভালকৈ আলপৈচান ধৰাত মাকজনী ক্ৰমাৎ সুস্থহৈ উঠিল। দুবছৰ পিছত সিহঁতৰ মাজত ল'ৰা সন্তানো এটা আহিল। সকলোফালে ঠিক ঠাক চলি আছিল। মাত্র সি চাকৰিটোৰ বাবে ঘৰ এৰি বৰপেটাত থকাৰ বাদে তাৰ আন কোনো অসুবিধা নাছিল। অৱশ্যে মঞ্জুলায়ো বজাৰ সমাৰকে আদি কৰি সকলো দায়িত্ব চম্বালি লৈছিল। স্নেহলতাৰো বিয়া হৈ গৈছিল পি.ডাব্লিউ.ডি অফিচৰ কেৰানী এজনৰ লগত। সি স্নেহলতাৰ কথা প্ৰায় পাহৰিয়েই গৈছিল। 
    পাঁচবছৰ পিছতেই নামি আহিছিল তাৰ জীৱনলৈ সেই কাল অমানিশা। তেতিয়া মঞ্জুলা দ্বিতীয়বাৰৰ মাক হ'ব ওলাইছিল। সি সময়ৰ দহ দিনমান পূৰ্বেই ছুটিলৈ ঘৰলৈ আহিছিল। এদিনাখন দুপৰীয়া মঞ্জুলাই গাধুই বাথৰুমৰ পৰা ওলাই আহোতে ভৰি পিছলখাই বাথৰুমতে পৰি গ'ল। ধুপুচকৈ হোৱা শব্দ শুনি সি বাথৰুমৰ ফালে দৌৰি গ'ল। মঞ্জুলা উবুৰিখাই পৰি আছে। ভৰিৰ তলফালে তেজৰ বন্যা। ততাতৈয়াকৈ তাইক হচপিটালত ভৰ্তি কৰা হ'ল যদিও সন্ধিয়ালৈকে ডাক্তৰে নিয়তিৰ ওচৰত হাৰ মানিলে। কালৰ বুকুত মাক সন্তান দুয়ো হেৰাই গ'ল। 
  ৪ বছৰীয়া ল'ৰাটোকলৈ সি বহু কষ্টৰে দিনবোৰ পাৰ কৰি আছিল। মাকে তাক দ্বিতীয় বিবাহৰ কথা কয় যদিও সি বাৰে বাৰে মানা কৰে। জানোচা ল'ৰাটোক মাহী মাকে কষ্ট দিয়ে। সি এনে বহু ঘটনা নিজ চকুৰে দেখিছে। সেয়ে সি দ্বিতীয় বিবাহলৈ ভয় কৰে। কিন্তু হঠাতে আজি এক বিয়াৰ নিমন্ত্রণ খাবলৈ গৈ লগ পায় তাৰ একালৰ মনৰ মানুহজনীক। এক অবাঞ্ছিত ৰূপত লগ পাই গ'ল স্নেহলতাক। উকা কপাল আৰু বগা সাজত স্নেহলতাক দেখি সি আৰু স্থিৰহৈ থাকিব নোৱাৰিলে। পোনচাটেই একাষৰীয়াকৈ বহি থকা স্নেহলতাৰ কাষ পালেগৈ। 
"স্নেহলতা, কি হ'ল তোমাৰ? তুমি এই ৰূপত যে?" সি থিৰে ৰ'ব নোৱাৰি স্নেহলতাক সুধিলে। 
হঠাতে স্নেহলতাই তাক সন্মূখত দেখি থতমত খাই গ'ল। তাই নিজকে চম্বালি ক'লে, 
"কি ক'ম। ভাগ্যই মোৰ জীবনটোক বেয়াকৈ উপহাস কৰিলে। যোৱাবছৰ কাৰ এক্সিডেন্ট এটাত তেওঁ ঢুকাল।"
"অহ, হ বৰ দুখ লাগিল অ।" সি দুখেৰে ক'লে। 
"পিছে তোমাৰ কি খবৰ? ল'ৰা ছোৱালী কেইটা?" স্নেহলতাই তাক সুধিলে। 
"মোৰো কপাল বেয়া বুজিছা। যোৱাবছৰ প্ৰেগ্নেন্সিতে ভৰি পিছলখাই বাথৰুমত পৰি অতিপাত ৰক্তক্ষৰণহৈ মানুহজনী ঢুকাই থাকিল। চাৰি বছৰীয়া ল'ৰাটোকলৈ কোনোমতে দিনবোৰ পাৰ কৰি আছো।" সি স্নেহলতাক দুখেৰে কথাকেইটা ক'লে। 
"অহ অহ হ, বৰ বেয়া লাগিল শুনি। পিছে তুমি দ্বিতীয় বিবাহৰ কথা কিয় চিন্তা কৰা নাই? ল'ৰাটোক কিয় অনাহকত কষ্ট দি আছা?" স্নেহলতাই পুনৰ সুধিলে। 
"ল'ৰাটোৰ কথা ভাৱিয়েই মই দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিবলৈ ভয় লাগে জানা। পিছে তোমাৰ ল'ৰা ছোৱালী?"  সি স্নেহলতাক সুধিলে। 
"নাই অ, সেইকন ভাগ্য মোৰ নহ'ল।" স্নেহলতাই উত্তৰ দিলে। 
"তোমাৰনো বয়স কিমান হৈছে? তুমিওতো দ্বিতীয় বিবাহ কৰাই বাকী জীৱনটো সুখেৰে কটাব পাৰা।" সি স্নেহলতাৰ চকুলৈ চাই ক'লে। 
"স্বামী গৃহৰ মানুহে মোক ঘৰৰ ছোৱালীৰদৰেই আদৰ যত্ন কৰে। তেওঁলোকেও মোক কয় যদিও মোৰ ইচ্ছা নহয়। সমাজৰ লোকেও কটাক্ষ কৰিব। তোমালোক পুৰুষ মানুহ। তাতে সৰু ল'ৰা এটা আছে। চৰকাৰী চাকৰি এটাও আছে। তোমাক বিয়া পাতিবলৈ বহু ছোৱালীয়েই ওলাব। গুছিযোৱাখিনি বাদ জীৱনটোক আকৌ নতুনকৈ ভাৱিবলৈ চেষ্টা কৰা।" স্নেহলতাই তাক বুজনিৰ সুৰত ক'লে। 
"মোৰ ল'ৰাটোক কোনো ছোৱালীয়ে নিজৰ সন্তান ৰূপে ভাৱিব বুলি মোৰ বিশ্বাস নহয়।" 
"সকলো ছোৱালী একে নহয়। তুমি বিশ্বাস কৰিব লাগিব।" 
"তোমাৰ বাদে মোৰ অন্য কোনো ছোৱালীক বিশ্বাস নহয়। একমাত্র তুমিয়েই পাৰিবা মোৰ ল'ৰাটোক নিজৰ সন্তান বুলি ভাৱিবলৈ।" সি স্নেহলতাৰ হাত এখন নিজৰ হাততলৈ ক'লে। 
"তুমি মোক বিশ্বাস কৰিব লাগিব। ভৰষা কৰিব লাগিব মোৰ ওপৰত।"
"মোৰ হেজাৰটা বিশ্বাস আৰু হেজাৰটা ভৰষা তোমাৰ দুবাহুতে উৎসৰ্গিত।" সি স্নেহলতাৰ হাত দুখন তাৰ বুকুৰ মাজত সাৱটিলৈ ক'লে। লগে লগে তাৰ চকুয়েদি বৈ আহিল দুটোপাল চকুলো। স্নেহলতাৰ চকুৰ কোনতো বিৰিঙি উঠিল দুটোপাল চকুপানী।  হয়তো সেইয়া আছিল তাইৰ হেৰোৱা প্ৰেমৰ পুনৰ প্ৰাপ্তিৰ আনন্দৰ চকুপানী। 
********* সমাপ্ত *******"

বেশ্যা মই

🔴অলকেশ খাটনিয়াৰ

"বাবু,এইফালে আহ। মাত্ৰ ৫০০ টকা দিলে হʼব।"

এনেতে মুখাপিন্ধা ভদ্ৰলোক এজন আহি তাইৰ ৰুমলৈ আহে। তাৰ পিছত দুৱাৰখন বন্ধ কৰি দিয়ে।

বি.এ.পাছ কৰিয়েই ৰীমাই চহৰলৈ আহিছিল। কাৰণ তাইক কৰ্মসংস্হাপনৰ প্ৰয়োজন হৈছিল। ইফালে দেউতাকৰ এজমা ৰোগৰ কাৰণে বহু টকাৰ প্ৰয়োজন হৈছিল। আনফালে তাইৰ তলৰ দুজনী সৰু ভনীয়েক। সিহঁতকো পঢ়াব লাগে।

সেয়ে চহৰলৈ আহে যাতে কিবা এটা কৰ্মসংস্হাপন পায়। কিন্তু তাই জনা নাছিল টকা নহ'লে কোনো কামেই নিসিজে। কিছুমান তাইৰ শৰীৰৰ ওপৰত নজৰ দিছিল।

লাহে লাহে হাতৰ মূলধন কমি আহিছিল। তেনেতে তাইৰ ওচৰলৈ এজন মানুহ আহিল।

-- তোক কাম লগে নʼ।

-- আপুনি কেনেকৈ গম পালে?

-- সিদিনা হোটেলতে মেনেজাৰৰ লগত কথা পতা শুনিছিলো।

-- কি কাম?

-- টকাৰ বিনিময়ত দৈহিক সুখ প্ৰদান কৰা।

তেনেতে তাইলৈ এটা মেচেজ আহে যʼত লিখা আছিল দেউতাক হস্পিতালত ভৰ্তি কৰাইছো। প্ৰায় এক লাখ টকা যোগাৰ কৰিব দিছে।

তাইৰ মূৰত যেন সৰগ ভাগি পৰিল। অনিচ্ছা স্বত্তেও তাই সেই কাম কৰিব লগীয়া। শেষত বেশ্যা হিচাপে চহৰত জনাজাত হ'ল। বৰ্তমান তাইৰ এৰাতিৰ দাম প্ৰায় এহেজাৰ টকা।

দেউতাকৰো অৱস্হা ভাললৈ আহিল। ভনীয়েক দুজনীয়ো কলেজ পালে। ঘৰত জনা নাছিল যে তাই এজনী বেশ্যা।

ভদ্ৰতাৰ মুখা পিন্ধা বহু মানুহক চিনি পালে তাই । দিনত সমাজৰ আগত সন্মানীয় ব্যক্তি , কিন্তু নিশাৰ এন্ধাৰত নিষিদ্ধ গলিত তাইৰ হেজাৰ হেজাৰ বেশ্যাৰ কোমল মঙহ দেখি জপিয়াই পৰে। যেন এক আৱেগবিহীন সম্পৰ্ক। বৰ্তমান তাই অভ্যস্ত হৈ পৰিছে।

তাৰপিছত তাইৰ সৰু ভনীয়েক দুজনীয়ে চাকৰি পালে। ৰীমাৰো শৰীৰত বৃদ্ধাৱস্হাই দেখা দিলে। চুলিত বগা ৰঙ ধৰিলে। তাই বেশ্যা বৃত্তি ত্যাগ কৰি ঘৰলৈ উভতি আহে।

ইতিমধ্যে মাজু ভনীয়েকক চাবলৈ লʼৰাও আহিছিল। তাইৰ ঘৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু তেওঁলোকে ডাঙৰ ভনীয়েক ৰীমাক একো জনোৱা নাছিল।

তাইক ঘৰলৈ অহা দেখি সকলো আচৰিত হৈছিল। কিয়নো ইতিমধ্যে তাইৰ কথা সকলোৱে গম পাইছিল। তাই চহৰত বেশ্যা বৃত্তিৰ লগত জড়িত হৈছিল।

ভনীয়েক দুজনীয়ে তাইক ঘৰত সোমাব মানা কৰিছিল। ইফালে দেউতাকেও তাইক এষাৰো মাত দিয়া নাছিল।

-- কিয় আহিছʼ ইয়ালৈ? যা,গুচি যা, ইয়াৰ পৰা।

মাজু ভনীয়েকৰ এই কথাষাৰে ৰীমাক বুকুত আঘাত কৰিছিল।

-- তোক সৰুতেই মাৰি পেলাব লাগিছিল। তেতিয়া হ'লে আজি এনেকুৱা নহ'ল হয়।

দেউতাকৰ কথাত তাই আকৌ অপমানিত হ'ল।

-- এজনী বেশ্যা আমাৰ দৰে সন্মান থকা ঘৰৰ আপোন হ'ব নোৱাৰে। যʼৰ পৰা আহিছিলি তালৈকে ঘূৰি যা।

শেষত সৰু ভনীয়েকেও তাইক বেয়াকৈ কয়।

ৰীমাই চকুপানী মচি মাথোঁ হাঁহে আৰু কয়--

তহঁতৰ,বাবে মই এতিয়া পৰ নহয়নে? কাৰণ মই এজনী বেশ্যা। মোৰ লগতে বহুতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে।

দেউতা,মোৰো সপোন আছিল চাকৰি কৰাৰ। কিন্তু বিধাতাৰ লিখন বেলেগহে আছিল। টকা দিব নোৱাৰাৰ বাবে মই চাকৰি নাপালো।

তেতিয়াই তোমাক হস্পিতালত ভৰ্তি কৰাইছিল।  গতিকে তোমাৰ চিকিৎসাৰ কাৰণে মই অনিচ্ছা স্বত্তেও বেশ্যা বৃত্তি অৱলম্বন কৰিছিলো।

তাৰপিছত তহঁত দুয়োজনীক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিবলৈ মই মোৰ সপোনক ভৰিৰে গছকি বেশ্যা হʼলো। যাতে তহঁতে অভাৱত নাথাক। আজি তহঁত দুয়োজনী চৰকাৰী চাকৰিয়াল। তহঁতৰ দুয়োটা চাকৰিৰ বাবে মই মোৰ দেহৰ তেজ কুলষিত কৰিছিলো। আজি দেউতাৰ লগতে তহঁত দুয়োজনী মোৰ ওচৰত ঋণী। কথা এষাৰ আছে নহয় --"উপকাৰীক অজগৰে খায়।"

তহঁতৰ জীৱনলৈ কেতিয়াও নাহো আৰু। অʼ মই বেশ্যা। কিন্তু কোনো ছোৱালীয়ে নিজ ইচ্ছাকৃতভাৱে বেশ্যা নহয়। এই পৃথিৱীখন বৰ বিশাল। কʼৰবাত নহয় কʼৰবাত মোৰ ঠাই এটুকুৰা ওলাব। ভগৱানে তহঁতক কুশলে ৰাখক।

কথাখিনি কৈয়েই ৰীমাই তাৰ পৰা প্ৰস্হান কৰে। দেউতাক আৰু ভনীয়েক দুজনীয়ে তাই যোৱাৰ ফালে একথিৰে চাই থাকে।

কৰ্তব্য

✍️ হিমশিখা সন্দিকৈ ,
     ডিব্ৰুগড় ।             

তাৰ বন্দুকৰ দুটা গুলিতেই ল'ৰাটো মাটিত ঢলি পৰিল ।

বগা কাপোৰখন আঁতৰাই মৃতদেহটো সাবটি ধৰিলে সি ।অপৰাধী হ'ল বুলিয়েই শেষবাৰলৈ তাৰ মুখখনিও নাচাবনে !

 সি নিক্ষেপ কৰা গুলিকেইটা‌ ভায়েকৰ দেহৰ পৰা উলটি‌‌ আহি তাৰ হৃদয়ত কুৰুকি কুৰুকি খোপনি পোতা‌ৰ পৰা‌ই সিওতো ছটফটাই থাকে অসহ্য বিষত;
নিৰ্জনতাত গোপনে.........।


 ডাঙৰ মাছ             

🔴নিতুমণি দাস ,ঢকুৱাখনা। 
 
গাঁৱৰে ধনীৰাম দাইটি আৰু ঠিকাদাৰ পৰেশ বৰুৱাৰ পথাৰৰ মাটিৰ সীমাক লৈ হোৱা কাজিয়াখন থানা পালেগৈ। পুলিচে ধনীৰাম দাইটিলৈ আদেশ পথালে থানাত হাজিৰ হ'বলৈ। কাৰণ পৰেশ বৰুৱাই মানহানী গোচৰ তৰিছে
ধনীৰাম দাইটিৰ ওপৰত। মিছাকৈয়ে মাটিৰ সীমা ঠেলিছে বুলি তেওঁক বদনাম কৰা বুলি। 
   দাইটিয়ে  থানাত হাজিৰ হৈ হাত যোৰ কৰি  উপ আৰক্ষী বিষয়া জনক ক'লে, "পৰেশ বৰুৱা ধনী মানুহ আৰু মই তেনেই দুখীয়া মানুহ। পথাৰৰ মাটিকণেই একমাত্র সম্পত্তি। পৰেশ বৰুৱাই মোৰ মাটিৰ সীমা অতিক্রম কৰি জেওৰা ভেটিছে।  গতিকে মই মাত মাতিবলৈ বাধ্য । তেওঁৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াতো  যদি মোৰ অপৰাধ হৈছে  তেন্তে তেনে অপৰাধ মই এশবাৰ কৰিম। 
   ছাৰ'  এটা  কথা আপুনিও জানে নদীত থকা ডাঙৰ মাছ বোৰে সৰু মাছ বোৰ খাই জীয়াই থাকে, কেতিয়াবা দেখা পাইছে নে ছাৰ 'সৰু মাছ বোৰে ডাঙৰ মাছ খোৱা?


          
"গৃহ সজাৰ মন"
            
🔴যুৱৰাজ বাচকোটা
    চতিয়া, 
বিশ্বনাথ, অসম।

মোৰ জুপুৰী ঘৰ খনত
 কাৰো চকু নপৰে ।
ধুমুহা বৰষুণত
 মুধচ খহি যোৱাৰ ভয়ত
কেতিয়াবা মই 
উজাগৰে নিশা কটাও।
সন্ধিয়া চাকি জ্বলাবলৈ ও কেতিয়াবা
তেল নাথাকে,
পূৱাই ভাত ৰান্ধি 
আবেলিৰ পৰত খাওঁ ।
আন্ধাৰ নামি অহাৰ আগতে জপনা জপাও
এই বাবেই হ'বলা মই পিছদিনা কুকুৰাৰ ডাকতে সাৰ পাওঁ।
প্ৰাত:বেলাতে উঠি মোৰ গাওঁ খনৰ চৌদিশে চাওঁ
উচ্চ উচ্চ অট্টালিকা , মহল, ভৱন দেখিবলৈ পাওঁ !
এতিয়া গাওঁ খনৰ সম্পূৰ্ণ পৰিবৰ্তন হ'ল
পূৰ্বজ আজোককাহঁতে সজোৱা কেঁচা 
বাট পথ এতিয়া পকী কৰণ হ'ল
দিনে নিশাই অজস্ৰ গাড়ী মটৰ চলিব পৰা হ'ল 
গাওঁ খন পৰিবৰ্তন হোৱাৰ দৰে 
সদায় দেখি থকা 
চিনাকি মানুহৰ মনৰো
পৰিবৰ্তন হ'ল।
সেয়েহে মোৰ জুপুৰীৰ ঘৰখনক লৈ কাৰো মনত নপৰা হ'ল !
এই বাবেই ময়ো চেষ্টা অব্যাহত ৰাখিছোঁ
কবিতাৰ সৈতে বিয়া পাতি আনন্দৰে
থাকিবলৈ
মহল এটা সাজিবৰ মন।

ৰুমালত ৰোমন্থন

🔴ৰজনী কুমাৰ ডেকা
     ৰঙিয়া  ।                     

তুমি দিয়া চেনেহৰ ৰুমালখন
মই আজিও যতনাই ৰাখিছোঁ , 
কাৰণ সেইখনৰ ভাঁজে-ভাঁজে 
তোমাৰ মোৰ স্মৃতিবোৰ সজীৱ হৈ
আছে  । 
চ'তৰ শেষত আকৌ ব'হাগ আহি পালেহি, 
সেই দিনটোৰ কথা মোৰ বৰকৈ
মনত পৰে, 
কাৰণ ব'হাগৰ পহিলা দিনাই তুমি 
হোমৰ গুৰিত বহিছিলা, 
মোক এৰি তুমি আনৰ হৈছিলা  । 
মোৰ আই-পিতাইৰ সৰুকৈ জুপুৰী 
ঘৰটো দেখি  তোমাৰ পিতাৰাই 
তোমাক মোৰ পৰা আঁতৰাই নিছিল  । 
তুমি অমান্তি হোৱা সত্বেও এখন
উচ্চ ঘৰলৈ বিয়া দিছিল। 
তুমি কুশলে থাকা,তাৰে কামনাৰে মই সদায় সুখী  ....... ।
ঐ' জানানে , তোমাৰ বিয়াৰ ৰভা তলিত অনিমন্ত্ৰিত অতিথি হৈ
আয়তীৰ স'তে ময়ো এবাৰ উৰুলি 
দিয়াৰ চেষ্টা  কৰি চকুলো বৈছিল আৰু মোৰ সাঁচতিয়া ৰুমালখন
বৰকৈ তিতি ছিল জানা! 
তোমাৰ বাৰু কেতিয়াবা 
নৈৰ পাৰৰ আঁহত গছ জুপিলৈ 
মনত পৰেনে ! 
যেতিয়া বিদ্যলয় ছুটি হৈছিল 
তাৰ ছাঁয়াত তুমি আৰু মই প্ৰায়েই জিৰাইছিলো  ।
আৰু দুটি মনৰ কথা বিনিময় কৰিছিলো, যেতিয়া নৈৰ সিটো পাৰে হঠাৎ ৰে'লৰ উকী বাজিছিল
তুমি উচপ খাই মোৰ দুবাহুত সোমাই পৰিছিলা  । 
যোৱা বেলি ফাগুনৰ  পছোৱা বতাহত নৈৰ পাৰৰ বগৰী গছ- জুপি তেনেই উভালি পৰিলে 
তাৰে দৃশ্য উপভোগত মোৰ চকুলো 
সৰিলে  , 
আৰু বেদনাক ৰুধিবলৈ ৰুমালেৰে
মচিলোঁ। 
কাৰণ বিদ্যালয় ছুটিৰ সময়ত
বগৰী বোৰ পাৰি দিবলৈ মোক 
মিঠা-মিঠা  কথাৰে কাবৌ কৰিছিলা  বহুতো , আজিও
চেনেহৰ ৰুমালৰ  ভাঁজে-ভাঁজে
তোমাৰ-মোৰ  ৰাখিছোঁ স্মৃতিবোৰ। 


             
কৰ্ণ

          
🔴মিন্টু গোৱলা, লখিমপুৰ, কদম
 
সূৰ্য্যৰ ঔৰসে কুন্তীৰ 
গৰ্ভত জন্ম লভিলো ।

নাপালোঁ মাতৃৰ মমতা 
হেৰুৱালো ৰাজ সিংহাসন
সমাজৰ অপমান সহিব নোৱাৰি 
কুন্তী আই  নদীত উটুৱাই দিলে।

নিদিলে পুত্ৰৰ মান,
 নিদিলে মাতৃৰ পৰিচয়।

অধিৰথ- ৰাধিকাৰ গৃহে
 লালন পালন হʼলো।

শৌত পুত্ৰ বুলি সৱে হাঁহে ! 

দ্ৰোণাচাৰ্যক গুৰু মানি শিকিলোঁ 
অস্ত্ৰ বিদ্যাৰ শিক্ষা
ধনু বিদ্যাত  বিজয়া ধাৰী হʼলো ।

বৃষ মন মোৰ নহয় কদাপি লৰচৰ 
মহাৰথী নামে মোৰ জগত বিখ্যাত ।

স্পৰ্শ নকৰিবা মোক

🔴অনন্ত কুমাৰ ভূঞা

জ্ঞানৰ পৰিধিয়ে 
হেঁ‌পাহ পলুৱাই মনক জগাই  
জ্ঞানে নিঃসঙ্গ নিশাৰ ৰস  নিগৰাই ।

প্ৰতি বাৰে স্পৰ্শ কৰোঁ‌ 
অসত্য প্ৰবচনৰ বচন বহুত
আবেগ বৰ ঠুনুকা অনুভৱ ইমান শুৱলা  
ঠেঁহ পাতি বতাহত উৰে ।

বিশ্বাস অবিশ্বাস 
কোমল নহয় হৃদয়ত
কৰুণ ব্যাকুলতাত হৃদয় গ'লে 
জ্ঞানৰ শিক্ষাই ভুল নকৰে।

ভুল শিক্ষাত দীক্ষা কদাপি নলওঁ‌
সত্যৰ সন্ধানত মন জিৰাওঁ‌ 
অবিশ্বাসৰ  বিশ্বাস আজিও কৰা নাই
অন্ধতাৰ প্ৰতি দুৰ্বলতা নাই ।

অস্পৃশ্যতাৰ স্পৃহা হেৰুৱাই
স্পৰ্শ নকৰোঁ‌ লেতেৰা শৰীৰ 
লেতেৰা মন লৈ স্পৰ্শ নকৰিবা মোক ।

         
মোৰ উৰুখা পঁজাৰ জোনবাই তুমি
                     
✍️মুকুল ৰঞ্জন

চেহেৰাৰ প্ৰেমত পৰা হ’লে 
তোমাৰ প্ৰেমত নপৰিলোঁ হয়
তোমাৰ প্ৰেমত নপৰা হ’লে
সুখৰ সংজ্ঞা কি নাজানিলোঁ হয় 
ধনেৰে মৰমৰ পৰিমাণ জোখা হ’লে
মনৰে তোমাৰ সুখ-দুখ,হাঁহি-কান্দোন,অভাৱবোৰৰ সমভাগী নহ’লো হয়।

মোৰ উৰুখা পঁজাৰ জোনবাই তুমি 
পিঠিত নিম্ন মধ্যবিত্তৰ ষ্টাম্প দেখিও 
কাহানিও লজ্জাবোধ নকৰা
আপোনজন বুলি চিনাকি দিবলৈ।
অট্টালিকাৰ বিলাসিতাপূৰ্ণ জীৱনৰ বিপৰীতে
পানী পৰা মজিয়া মচি মচি কোৱা 
“বৰষুণ তোক বৰ ভাল পাওঁ ”
পাৰিম দিয়া 
তোমাক পৃথিৱীৰ সকলো সুখ দিবলৈ।

সাতটা জনমৰ প্ৰতিশ্ৰুতি নিবিচাৰোঁ 
মাথোঁ তুমি  বিশ্বাস দি যোৱা শেষ উশাহটোলৈকে।

ফাষ্ট ফুড
  
🔴হেমেন হাজৰিকা
                  ৰাণী
         কামৰূপ  (ম) অসম
      
 সন্ধিয়া নামিলেই
       লোভবোৰে ঘেৰি ধৰে
      সিহঁতক  ।।

     আটকধুনীয়া
     উত্তৰ আধুনিক
     নামেৰে সজোৱা
    খাদ্যৰ তালিকা  ।

    যʼতে খাদ্যৰ পোহাৰ
    তাতেই ভিৰ বাঢ়ে
    আগে নজনা নুশুনা
    লোভনীয় খাদ্য  ।

    সময়ৰ অগ্ৰগতিত
    সকলো সলনি হ'ল
    এয়া সময়ৰে দাবী  ।

       

বেদনা এখনি নৈ

 🔴নৱজিৎ নাথ, ছিপাঝাৰ,দৰং  

নিৰিবিলি জোনাকৰ                                             
এটি সন্ধিয়াৰ নিস্তব্দতাত, 
মায়াসনা আন্ধাৰ তন্দাজালে, 
মোক বাৰে বাৰে কৰে মাথোঁ  আমনি।


  আকাশৰ এটুকুৰা কলীয়া মেঘৰ 
  এচাতি ডাৱৰে বিষাদ সানি  
   হৃদয় প্ৰতিটো কোঠালিত, 
   তীব্ৰ বেদনাই  আৱৰি  ধৰে 
  জ্বলে  এটুকুৰা  অগ্নি।।
   
    সময়ৰ নিৰবিচ্ছিন্ন সোঁতত,     
    দুখৰ নৈ পাৰ ভঙাৰ ক্ষনত , 
    জীৱনৰ সংগ্ৰামৰ দলিত ।
     হৃদয় খনি বিনায় ওৰে ৰাতিতে ,
     কেৱল বান্ধি ৰখা হেঙুলীয়া মৰম 
     আৰু জীৱনৰ সপোনবোৰৰ বাবে।
      আশাৰ প্ৰদীপ্ত চাকিখনি বৈ যায় , 
      কেৱল আজীৱন দুখক লগৰী ৰূপে।

      

                 
প্ৰহেলিকা

🔴শ্ৰী আকাশ কুমাৰ {নগাঁও}

সপোনৰো পাৰ নাই, 
আশাৰ সাৰ নাই, 
অযুত সপোন ভৰাই 
নোপোৱাক পাবলৈ কত কৰো শ্ৰম ।
আশাও অশাৰ 
অস্তিত্ব বৰ্ত্তমান বাকীবোৰ ভ্ৰম। 

কল্পনাৰ শেষ ক'ত? 
ভাৱনাৰ পাৰ ক'ত? 
নান্দনিক সৃষ্টি কল্পনা 
অলীক অবাক ৰঙৰ ৰেখা ।
বিভোৰ বিপাঙত 
অদৃশ্য কামনাৰ নহয় দেখা। 

সময়ৰ জানো সীমা থাকে! 
নদী জানোঁ ৰৈ থাকে! 
সময়ৰ নাই আদি, নাই অন্ত 
শেষ হয় নিজৰেই নাটকৰ বেলা। 
জীৱনৰ নদীও চিৰ প্ৰবাহ 
বৈঠা হীন নাওঁ বতাহৰে খেলা। 

জীৱনৰ মহত্ব কি? 
মৃত্যুৰ কাৰণ কি? 
জন্মৰ কাৰক হয় কৰ্ম ফল
বিন্দুতে সিন্ধু সত্যৰ সত্তা। 
মৰিচিকা খেদি স্মৃতিও শ্মশান 
বিষাদৰ সুৰে আনে মেলানিৰ বৰ্তা। 
          
         
প্ৰেমিক চৰাই মই (ছিৰিজ ১৯৫)
    
🔴হাইছ উদ্দিন আহমেদ
    নগাঁও                    

ভালপোৱাৰ আন এটা নাম
ত্যাগ কৰা
ত্যাগ কৰাৰ আন এটা নাম
অমৰ জীৱন।

মানুহৰ পৰা মানুহলৈ 
প্ৰচাৰ হ'ল
গাঁও-চহৰ উন্নত হ'ল।

জন্তুৰ পৰা জন্তুলৈ
ডাঙৰ অৰণ্য হ'ল
ঘাঁহ, গছ-গছনি হ'ল।

মানুহৰ পৰা দানৱলৈ
পৰিৱৰ্তন হ'ল
ৰাজবাটত মুকলিকৈ ধৰ্ষণ হ'ল।

গাওঁ -চহৰ সকলোতে 
ডেকা -গাভৰুৱে নিচাযুক্ত দ্ৰব্য
কিনিব পোৱা হ'ল।

ঐক্য, শান্তি নাইকীয়া হ'ল
সন্ধিয়া হ'লেই মদৰ আড্ডা
নিৰ্লজ কাণ্ডৰ হুলস্থুল হ'ল।

সন্তানৰ শিক্ষা আৰু সংস্কাৰ নাথাকিলে পিতৃ-মাতৃক দোষে
আৰু কয়,সব পিতৃ মাতৃৰ দোষ।

সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে
ডেকা -গাভৰুৱে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কৰা এৰক।
নহ'লে এদিন সৃষ্টিকৰ্তাই উপলব্ধি কৰিব।

মই মানুহক শ্ৰেষ্ঠ প্ৰাণী কিয়নো বনালোঁ
যেতিয়াই তললৈ চাই
মানুহক পোক -পৰুৱা লগা হ'ল
মানুহ, মানুহ হৈ নৰল।
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)