অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৪৩ সংখ্যা

Rinku Rajowar
0
সূচীপত্ৰ


🔴পৰিব মন যায় আকৌ সেই সঁচা প্ৰেমত-ক্ষীৰোদ মণি মহন

🔴মাজজালভাৰী-হিমাক্ষী কলিতা

🔴অসমীয়া সাজপাৰৰ পৰম্পৰা-চম্পাৱতী কলিতা

🔴কবিতাঃ গায়ত্ৰী কোঁৱৰ,বন্দনা ভৰালী গগৈ,ছেলিমা বেগম,কুঞ্জ মোহন কাকতি,কানন গোস্বামী,হেমন্ত বৰুৱা,নাছিৰ আহমেদ,শিল্পীশিখা চাংমাই,মিন্টু গোৱলা,ভাগ্যশ্রী বৰা

পৰিব মন যায় আকৌ সেই সঁচা প্ৰেমত

🔴ক্ষীৰোদ মণি মহন
চৰাইদেউ                                       
                                                                             

     
ৰাহুল, ৰতন আৰু ৰূপম তিনিও ভাল বন্ধু। তিনিজনে তিনিচুকীয়াৰ কোনোবা এখন কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। তিনিজন বন্ধু পঢ়াত ভাল । তিনিওৱে যিকোনো এটা কাম কৰিলে মিলিজুলি কৰে । খোৱাসময়ত ও তিনিজনে একেলগে খায়। গোটেই তিনিজনৰ পঢ়া শুনা বঢ়িয়া চলি আছে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে তেতিয়া। তাৰ পিছত সিহঁতৰ কলেজলৈ আহিল নতুন ছাত্ৰ ছাত্ৰী। এডমিছন হৈ গ'ল সকলোৰে। লাহেকৈ  চিনাকি হৈছে সকলোৰে লগতে । নতুন ছাত্ৰ ছাত্ৰীসকলৰ মাজতে ‌গুণগুণ, মেঘালী, বৰষা নামৰ ছোৱালী তিনিজনীৰ লগত তিনিও বন্ধুৱে চিনাকি হৈ মোবাইল নম্বৰ ও বোলে দিলে। লাহেকৈ চিনাকি হৈ তিনিওৱে ভাল বন্ধু হ'ল সেই ছোৱালী তিনিজনীৰ লগত।  লাহেকৈ ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰা হ'ল । তাৰ  পাছত  আটাইকেইজনৰ অৱস্থা চাবলগীয়া।
      
   ৰাহুলে বোলে গুণগুণক ,ৰতনে বোলে মেঘালী আৰু ৰূপমে বোলে বৰষাক বিচাৰে। কি বুলি ক'ব সিঁহতক ভাবি পোৱা নাই তিনিওৱে । উপায় নাপায় তিনিওৱে ‌গুণগুণ, মেঘালী,বৰষাক মেচেজ কৰি কথাষাৰ কৈ দিলে। প্ৰথমতে সিহঁতৰ অলপ ভয় সংকোচ লাগিছিল পিছত যেনিবা সিঁহত তিনিও প্ৰেমিক-প্ৰেমিকা হ'ল । 
   ৰব হে সিহঁতৰ এতিয়া জ্বলা লাগিব হে।
তেতিয়া ‌ৰাহুল, ৰতন আৰু ৰূপমহঁতক ঘৰত পঢ়িবৰ বাবে চুটি দিলে । সিহঁতে ও উপায় নাপায় দুখ মনে ঘৰলৈ গুছি আহিল পঢ়িবৰ বাবে। ঘৰত আছে আটাইৰে মন তাত । সিহঁতৰ ভালপোৱা চলি আছে।  ছোৱালীকেইজনীয়ে ও ভালদৰে কথা পাতি আছিল।
  গোটেইকেইজনে কেতিয়াবা খুব খং, নমতা নমতি , নম্বৰ ব্লক কৰা  আদিৰে আগুৱাই গৈ আছে। সেইদৰে গৈ আছে আটাইৰে প্ৰেম। সচা প্ৰেমত কাজিয়া থাকেই ন? কিয় জানেনে?
    
      যিগৰাকীক সচাকৈ ভাল পায় ন তেওঁক হেৰুৱাৰ ভয় থাকে সেইকাৰণে দুয়োজনৰ মাজত সৰুসুৰা কাজিয়া হয়েই্। কিন্তু কিমানদিনো হ'ব ন কাজিয়া ।২০/৩০ মিনিট তাৰ পিছত আকৌ দুয়ো প্ৰেম যুগলত আবদ্ধ হৈ থাকে । সেইদৰে চলি আছে দুয়োজনৰ প্ৰেম। 
         আহিল নহয় ৰাহুল আৰু ৰূপমৰ বাবেই সেই বিষাক্ত ক'লা দিনটো। সেইদিনাই হ'ল  সিহঁত দুটাৰ বাবে ঠিকনা বিহীন জীৱন নাটৰ প্ৰেমৰ অন্তিম দিন। বেচেৰাকেইটাই কিনো জানে নো সিহঁতক যে গুণগুণ আৰু বৰষাই এৰি থৈ যাব। দিনটো সুন্দৰকৈ গ'ল দুয়োজনৰ । ৰাহুলে মাকৰ ওচৰত বহি লগৰ এজনীৰ লগত কথা পাতিছো বুলি কৈ কথা পাতি প্ৰেমৰ সেই  অজান সাগৰত ডুব গৈ আছিল। ৰাতি ৮ বাজিছিল। সেইটোৱেই আছিল ৰাহুলৰ ক'লা দিনটোৰ ক'লা সময়। ঠিক সেইদৰে ৰূপমো গৈছিল বজাৰলৈ । বজাৰলৈ যোৱাৰ বাটত বৰষাৰ লগত সি কথা পাতি গৈ আছিল। তাৰ মাজতে এবাৰ বৰষাৰ লগত কিবা কথা এটাত লাগিল । তাৰ পিছৰে পৰা দুয়োৰে অৱস্থা শোচনীয়। ইতিমধ্যে তিনিও বন্ধু ঘৰে ঘৰে আছে । বাকী প্ৰেমিকা তিনিগৰাকী হোষ্টেলতে আছে আৰু । তাৰ পিছত আপুনি ৰাহুল আৰু ৰূপমৰ কাহিনী শুনিলে কি কৰিব ভাবি নাপাব ।
      বাৰু প্ৰথমতে ৰাহুলৰে শুনো নেকি:-
গুণগুণে ফোন মাৰি কলে । 
গুণ:-- ঐ শুন ক! কথা এটা ক‌ও দেই বেয়া নাপাবি।
ৰাহুল:- ক ! নাপাওঁ ক ।
গুণ:- ম‌ই তোৰ পৰা আতৰি আহিব বিচাৰোঁ। আজিৰ পৰা তোৰ মোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।
ৰাহুল:- কি কৈছ ও ত‌ই।
গুণ:- ওম সচাকৈ কৈছোঁ ও। মোক বেয়া নাপাবি দেই ত‌ই । আগৰ দৰে মোৰ লগত কথা পাতিবি নে নাই বুলি সুধিছিল তাই।
ৰাহুল:- নবীনৰ মোৰত যেন আকাশখন খহি পৰিল ।সেইদিনাৰ পৰা আৰু সি আগৰ সেই ৰাহুল হৈ নাথাকিল। সি যেন বহু পিছ পৰি গ'ল ।

  তাৰ এতিয়া এটাই সপোন সি সমাজত এজন ভাল মানুহ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব ।
       প্ৰত্যেকজন ব্যক্তিৰ সফলতাৰ আঁৰত এজন ব্যক্তি থাকে সেইদৰে নবীনৰ সফলতাৰ আঁৰত তিনিজন ব্যক্তি লোকাই আছে সেইকেইজন মা দেউতা আৰু তাক এৰি থৈ যোৱা সেই গুণগুণ।

এইবাৰ ৰূপমৰ শুনো আহক: 
   ৰূপমে বৃহস্পতি বাৰে ঘৰৰ ওচৰৰে বজাৰ এখনলৈ গৈছিল । আজি কালি ডেকা ল'ৰা বোৰৰ কাণত বস্তু এডাল লাগি থাকেই  ।নিশ্চয় সকলোৱে জানেই ।নামটো হ'ল হেডফোন। হেডফোন লগাই কথা পাতি গৈ আছিল বজাৰলৈ । বাটতে পুল এটাত বহি ল'লে এইবাৰ। হঠাতে সি হোৱাটচাপটো খুলিলে সি । তাৰ পাছত বৰষাৰ ষ্টিটাছ চালে। বৰষাই আকৌ কোনোবা  ককাইক  এটাৰ লগত ফটো এখন ষ্টিটাছ দিছিল। সেই ফটোখন লৈয়ে ৰূপমে বৰষাৰ লগত কাজিয়া কৰিলে। সি বৰষাক বিশ্বাস নকৰিলে । কাজিয়া ডাঙৰেই হ'ল গৈ । বিশ্বাস নকৰাৰ ফলত দুয়োৰে মাজত বিভাজন হল । কিন্তু এতিয়াও ৰূপমে বৰষাকে বিচাৰে। কিন্তু কি হ'ব ? বৰষাই এতিয়া একো নোবোজে । ৰূপম বহুত সলনি হ'ল । দুয়োৰে সেই সপোন সপোন হৈয়ে ৰল।
        আৰু অলপ আছে ৰবছোন। যিকি ন‌হ‌ওক চাহ একাপ খাই ল‌ওক নহ'লে।

ইপিনে আকৌ ৰতন আৰু মেঘালী আছেই। ইহঁত দুটা আকৌ সিহতৰ নিচিনা নহয়। দুয়োৱে ইজনে সিজনক বিশ্বাস কৰে কাৰণে দুয়োৰে ভালপোৱা বৰ্তি আছে । সময়ত দুয়োৱে চাকৰি পালে । ভাল দিন বাৰ চাই ঘৰৰ লগত কথা পাতি দুয়োজনে বিয়া বাৰু কৰি সুন্দৰকৈ ঘৰ চলাই আছে ।
          আৰু আমাৰ এইকেইজন। কি কৰিব আৰু সৰু-সুৰা কোম্পানী এটাত চাকৰি কৰি চলি আছে। ইহঁতে যদি বিশ্বাস কৰা হেতেন আজিও দুয়ো থাকিলহেতেন। ৰাহুল আৰু ৰূপমৰ বোলে এইবাৰ আকৌ ‌ সেই সঁচা প্ৰেমত ‌পাৰিব মন যায় ।

মাজজালভাৰী

✍🏻হিমাক্ষী কলিতা

:- হেল্ল' DSP ছাৰ মই অনাথ আশ্ৰমৰ পৰা কৈছোঁ।বাতৰি কাকতত খবৰ পাইছিলোঁ আপোনাৰ ছয় বছৰীয়া পুত্ৰ সন্তানক যোৱা চাৰিদিন ধৰি বিছাৰি পোৱা নাই বুলি।আপোনাৰ ল'ৰাক আমি পাইছোঁ। 
:- সি এতিয়া ক'ত আছে?কেনে আছে?ক'ত গৈছিল?মই গৈ আছোঁ আশ্ৰমলৈ।
:- চিন্তা কৰিব নালাগে DSP ছাৰ। আপোনাৰ ল'ৰা এতিয়া থিকে আছেদসি বৰ্তমান অনাথ আশ্ৰমত তিনি বছৰ বয়সত এৰি থৈ যোৱা আপোনাৰ দ্বিতীয় কন্যা সন্তান জিমিৰ লগত আছে।

অসমীয়া সাজপাৰৰ পৰম্পৰা

✍🏻চম্পাৱতী কলিতা,ৰঙিয়া    

জাতি এটাৰ লগত ভাষা,ধৰ্ম, সাহিত্য-সংস্কৃতিৰ সম্পৰ্ক যিদৰে জড়িত হৈ থাকে সেইদৰে সাজ-পোছাক,আ-অলংকাৰ আদিও সাঙোৰ খাই থাকে। অসমীয়া সাজ-পোছাক বুলিলেই আমাৰ মনলৈ বিশেষকৈ পুৰুষৰ ধূতি-চোলা আৰু নাৰীৰ চাদৰ-মেখেলা যোৰৰ কথাই মনলৈ আহে।ধূতি-চোলা পিন্ধা যি পৰম্পৰা ই অতি পুৰণি আৰু ইয়াৰ আদৰ সন্মান আজিও অসমীয়া জনসমাজত ৰক্ষিত হৈ আছে। আহোমসকলৰ দিনৰে পৰা বৰ্তমানলৈকে ধূতি-চোলা পৰিধান কৰাৰ নিয়ম চলি আহিছে।বৰ্তমান সময়ত অৱশ্যেই এইযোৰ সাঁজ বিহু,উৎসৱ-পাৰ্বন,পূজা-সভা, ধৰ্মীয় উৎসৱ নতুবা বিবাহ আদিতহে পিন্ধা দেখা যায়। আগতে পুৰুষৰ সাজ বুলি ক'লে এইযোৰ সাঁজেই প্ৰধান আছিল। সেইদৰে নাৰীসকলৰ অনবৰতে চাদৰ-মেখেলা পৰিধান কৰাটো বাধ্যতামূলক আছিল।বৰ্তমান সময়ত শিক্ষাৰ প্ৰসাৰ,সময়ৰ নাটনি,পাশ্চাত্যৰ প্ৰভাৱ,বিদেশী বস্ত্ৰৰ প্ৰতি আকৰ্ষণ আৰু কামৰ সুবিধাৰ বাবে পুৰুষ-নাৰী উভয়ে নিজৰ দেশীয় সাঁজযোৰ বাদদি নকৈ ওলোৱা বিভিন্ন বস্ত্ৰ পৰিধান কৰিহে বেছি সুখী যেন অনুভৱ কৰে।যাৰ ফলত অসমীয়া সাঁজযোৰ আনুষ্ঠানিক মূহুৰ্তৰ বাহিৰে অন্য সময়ত পৰিধান কৰা দেখা নাযায়।সময়ত হয়তো ই লুপ্তপ্ৰায় হৈ যোৱাৰ আশংকাও নথকা নহয়।নিজৰ জাতীয় বৈশিষ্ট্য ৰক্ষাৰ স্বাৰ্থত হ'লেও আমি আমাৰ ৰুচিবোধক সংযত কৰি এবাৰ জাতিটোৰ কথা ভবাৰ প্ৰয়োজন আছে।


হাতী আৰু হাৰিকেন লেম্প

✍🏻শ্ৰীমতী গায়ত্ৰী কোঁৱৰ
           ডিব্ৰুগড়

আজি এটা সাধু কওঁ শুনা ,
 "লোককথাৰ সাধু"
এজনী হাতীৱালী বুঢ়ী
আৰু এটা পাহাৰসদৃশ হাতীৰ কাহিনী,
কাহিনীত হাতীৰাজৰ শুঁড়ত
এটা নুমাই যোৱা হাৰিকেন লেম্প
বুঢ়ীৰ নাম আছিল "নেত্ৰমণি"
বয়স দূৰৈৰ কোনোবা পৰ্বতেৰে 
বৈ অহা এখন নৈৰ সমান,
কাৰণ,,,!
জীৱনৰটো কোনো বয়স নাথাকে।
এদিন নেত্ৰমণিৰ চৈধ্য বছৰীয়া
কাজল - ক'লা চকুযুৰিতেই
এটা সপোন বাগৰিছিল,
বাগৰি ফুৰিছিল বাঁহৰ পাঁচহতীয়া 
দীঘল লাঠীত ভৰ দি কঁকাল পৰালৈকে,
সপোন কেৰাচিন তেলৰ এটা হাৰিকেন লেম্পৰ।
কেৱল সপোনেইনে!
হয়তো নহয়,
ই সংগ্ৰাম জীৱনৰ 
ই সংগ্ৰাম ইতিহাসৰ
যি এদিন চিকচিকাই উঠিছিল 
গাওঁবুঢ়া উদয় ৰাউতৰ বিচাৰত।
এক ৰাজনৈতিক বিচাৰ,
যাৰ মুখৰ বাক্যই
ন্যায়,সত্য আৰু শেষ কথা।
বুঢ়ীৰ বাস্তৱিক সপোনটো চিতা হৈ
দগদগাই জ্বলি উঠিল
পাহাৰৰ নামনিত,
এটি সৰু জুপুৰি ঘৰ আৰু
কেৰাচিন তেলৰ এটা হাৰিকেন লেম্পৰ সৈতে।
বুঢ়ীৰ জীৱন্ত চিতা,
কিন্তু বুঢ়ীৰ বাবে সেইয়া যেন
জীৱন লাভৰ জ‌য়।
এইয়া হাৰিকেন লেম্পৰ আগত
যৌৱনোদ্দীপ্ত,দুষ্টামিভৰা
এখন কলীয়া পাহাৰ, 
আৰু পাহাৰৰ চকুযুৰিত 
কিছু অনামি ভয়ৰ ভাৱ।
বুঢ়ীয়ে ক'লে,"চুৰি কৰি অনা দানা- পানীৰে
কেতিয়াবা কাৰোবাৰ পেট ভৰাৰ কথা শুনিছ জানো!"
আৰম্ভণি যেন এই সীমাতেই
সীমা জীৱন আৰু মৃত্যুৰ মাজৰ।
এতিয়া এক স্বৰ্গ যাত্ৰা 
হাতী আৰু হাতীৱালী বুঢ়ীৰ 
আৰু বাটৰ পোহৰ সেই হাৰিকেন লেম্পটো।
কিন্তু নেত্ৰমণি আজি নায়িকা হ'ল
নায়িকা গেৰুৱা ৰঙৰ এদ'ম মাটিৰ ৰূপত,
আৰু সৌৱা দূৰৰ পাহাৰত ওলমি ৰ'ল 
অপেক্ষাকৃত দুটি চকুৰে এটি নুমাই যোৱা 
হাৰিকেন লেম্প।
কিন্তু সেই দুটি উজ্জ্বল নয়নে নাজানে যে ,
সকলো মানুহ নেত্ৰমণি নহয় আৰু
সকলো লেম্প কেৱল কেৰাচিন তেলেৰেই নজ্বলে।


প্ৰেমানন্দ

✍️বন্দনা ভৰালী গগৈ    
        শিৱসাগৰ।

মানৱ জীৱনৰ প্ৰকৃত স্বৰূপ
বিচাৰিব লগীয়া হ'লে কঠিন,
আচল সত্যৰ অন্বেষণৰ ৰহস্য,
গভীৰ অৰ্থ বিচাৰি সাধনাত হয় ব্ৰতী।।

প্ৰেমৰ স্বৰূপ বিচাৰি জীৱ হাহাকাৰ,
উত্তৰৰ খটিয়ানৰ টোকা সম্বিলিত মন,
মন বান্ধৈৰ চুড়ান্ত বাচনিৰ বাবে অনুমোদন,মোটা গণিতৰ টোপোলাৰ সঁচা উত্তৰৰ সন্ধান।।

যি ঠাইত কেৱল আনন্দ
ভৰালত সোণগুটি,আলাপৰ বিশেষত্বত আছে প্ৰকৃত অৰ্থৰ গুটি,
মানৱতাৰ জয়গানত মুল্যবোধৰ চাবিকাঠী,প্ৰেমৰ গোন্ধৰে তৈয়াৰ কৰা হয় সুন্দৰ সুৱাসৰ।।

আদি গুৰুৰ পৰশত প্ৰাণ পাই জিতেন্দ্ৰীয়,ধৰণীৰ সৌৰভত বিশেষ বৈশিষ্ট আছে প্ৰকৃত প্ৰেমৰ,
আনন্দৰ অন্তহীন যাত্ৰাৰ সময়ৰ উপাস্য,চিনিব পাৰিলেই নিৰ্বাণ লাভ হয় প্ৰেম আনন্দৰ।।



লিমাৰিক

✍🏻ছেলিমা বেগম

ঐ দেউতা মোলৈ এজনী চাবি ছোৱালী,
দেউতাই কাণে  নুশুনে আনিলে ছাগলী।
ছাগলী আনিলোঁ লোৱা,
গছত বান্ধি হে থোৱা৷
দেউতা বিয়াৰ বাবে আনিবি ছোৱালী।


বিদায়               

🔷শ্ৰী কুঞ্জ মোহন কাকতি
     মৰিগাঁও (অসম)

 সপোনৰ পৃথিৱীখনত আগবাঢ়িছোঁ,
আপোনাৰ হাততে ধৰি।
হঠাৎ,পিছলৈ ঘুৰি চাই দেখোঁ আপুনি নাই!
শ্ৰেণী কোঠাৰ বʼড খনো উকা,ক্লান্ত আজি সকলো।
মিচিকিয়া হাঁহিটি
আৰু মিঠা মাতষাৰ,
পাহৰো বা কেনেকৈ!
জীৱনৰ একা-বেকা পথ
পোনাই দিব কোনে?
লাচিতৰ দৰে নৰীয়া গাৰেও
নেতৃত্ব লʼব লৈ
সাহস দিব কোনে?
আহিব আকৌ এদিন
কৃষ্ণচূড়াৰ দেশলৈ।
জীৱনৰ আধৰুৱা
আদিপাঠ শিকাবলৈ!

 (শ্ৰদ্ধাৰ শিক্ষা গুৰু পঙ্খী বণিক্য বাইদেউৰ নামত উৎসৰ্গিত কৰিলোঁ)
  
       
তুমি আৰু মই,মিঠা মিঠা এটি ক্ষণ

 ✍🏻কানন গোস্বামী,ধুবুৰী।

নীলিম আকাশৰ ফৰিংফুটা জোনাকে
মধুচন্দ্ৰিকাৰ মাদকতা ঢালি,
যেন হাত বাউলি মাতিছে আমাক!
দুখন ব্যাকুল হৃদয়ক
প্ৰেমৰ মদিৰা ঢালি জীপাল কৰিবলৈ৷

সৌ সিদিনাৰ কথা
নিৰ্মল আকাশৰ তলত বহি,
জোনাকৰ স'তে মধুৰ আলাপন
হৃদয়ত বাজি উঠিছিল।
কি যে মিঠা মিঠা ...
কহুঁৱা কোমল শিহৰণ!

নিৰিবিলি গধূলিত 
ৰিবৰিব মলয়াৰ 
মধুৰ ছন্দত,
নাচি উঠিছিল দেহমন।
আজিও ভাবিলে
ভাল লাগি যায়!

বিশ্বাস আৰু মৰমৰ এনাজৰীৰে
একাকাৰ হৈছিল দুয়োৰে মন
এছাটি শীতল সমীৰণৰ বা লাগি
জুৰ পৰিছিল দুটি হৃদয়৷


বিব্ৰত হোৱা কবিৰ অনুভৱ 

✍🏻হেমন্ত বৰুৱা

১/দেখিছোঁ মই খিৰিকীৰ বাহিৰে
এজাক অচিনাকী বৰষুণৰ সমাদল...
আৰু দেখিছোঁ কোঠালীৰ ভিতৰত 
বিব্ৰত হোৱা কবিৰ হৃষীকেষ।
  
২/অবিৰত বৃষ্টিৰ প্ৰতিটো টোপালে
কি যে তাণ্ডৱ কৰিছে 
আৰু কবিৰ মনত অফুৰন্ত 
বেদনৰ জোৱাৰ তুলিছে...!!
 
৩/মই জানো...!!
হেৰাই যাব এদিন,ক্ৰমশঃ...
এনেকোৱা কোমল হৃদয়ে লিখা
প্ৰেমৰ কবিতাঃ

৪/হয়টো ভাল লাগিছিল
তাহানিৰ বৰষুণ জাক
এতিয়া বহু সময় পাৰ হ'ল
সেই বৰষুণ জাকে হৃদয়ত আৰু
নূপুৰ নবযায়...!!! 

(সময়ৰ সোঁতত বুৰ যোৱা দিনবোৰ আকৌ দুনাই নাহে,এয়া কোঠালিত থকা কবিয়েও জানে..!
তথাপিও আশাই ৰিঙিয়াই মাতে...
আন্ধাৰে আৱৰা কোঠালিত পোহৰ পৰিব এদিনা..!
 

জীৱন নদীৰ ঢৌ

✍🏻নাছিৰ আহমেদ,শিমলাবাৰী              গোৱালপাৰা।

জীৱন নদীৰ ঢৌত
এটিং পানীৰে গা তিয়াই ল'লো,
মোৰ সত্বাই গাটো ভালকৈ টঙাই ল'লে।

জীৱন নদীৰ ঢৌত
গোটেই আকাশখন প্লাৱিত হ'ল।
তৰাৰ তিৰবিৰণি মোৰ দুচকুত প্ৰতিফলন ঘটিল,
জোনটি বুকুৰ এজোপা গছৰ ডালত ওপঙি থাকিল!
গোটেই আকাশৰ নীলাই মোক আচ্ছাদন কৰিলে।

জীৱন নদীৰ ঢৌত
এটিং পানীৰে গা তিয়াই ল'লো
মোৰ আত্মাই সাকাৰাত্মক ৰূপ ধাৰণ কৰিলে।
কেতিয়াবা এটি বনৰ চৰাই হৈ উৰি থাকিল,
এটি সূৰ্যমুখী ফুল হৈ সুগন্ধি বিলাই দিলে
এটি নীলা জাহাজ হ'ল,নূহ নবীৰ জাহাজ
( Arc of Nuah)যাত্ৰা আৰম্ভ কৰিলে
বিশ্বৰ সকলো জীৱৰ যুগল সঁচ লৈ ;
কাৰণ, জীৱন নৈৰ ঢৌত বিশ্ব নিঃশেষ হোৱাৰ পথত !

জীৱন নদীৰ ঢৌত
মোৰ জীৱন্ত আত্মাই নৱ ৰূপ লাভ কৰিলে ;
( Vita Nuova )ই পৰমাত্মাক ধাৰণ কৰিলে।
মুখ মণ্ডলত জিলিকি উঠিল গোটেই বিশ্ব-ব্ৰম্মাণ্ড!

জীৱন নদীৰ ঢৌত
এটিং পানীৰে গা তিয়াই ল'লো
আৰু মই হৈ পৰিলো ঈশ্বৰতকৈও মহা ঈশ্বৰ !!


সোঁৱণশিৰিৰ এপৃষ্ঠা 

✍🏻শিল্পীশিখা চাংমাই             
যোৰহাট,চেনিজান।

মিকিৰনী গাভৰুৰ টুকুৰা-টুকুৰ হাঁহি,
সোঁৱণশিৰিত এতিয়া ভৰপূৰ যৌৱনৰ উন্মাদ।
শাৰী শাৰী চাংঘৰ আৰু আপঙৰ নিচাত,
মাতাল সোঁৱণশিৰিৰ ঘাট
ভাঁহি আহে ঐনিতম গোমৰাগ।
জংকি-পানেই তীব্ৰ প্ৰেমৰ আকুল আাকাংক্ষা
পানীৰ যুঁৱলিত কপি উঠা নাওঁ 
ঘূনাসুঁতিৰ কাষ চাপে,
উগ্ৰ সমাজৰ অদ্ভুত যুক্তি,
পানেই পলাই,গাচি মিৰিৰ হাতত বন্দী হয়
পানেই তেজে জংকিক মাতে।
হঠাৎ,
আকাশে কান্দে,মিকিৰ পাহাৰত মনচুন নামে 
সোঁৱণশিৰিৰ ঢলে ঘূণাসুঁতিৰ বুকু চুৱে,
ডালিমীৰ উপেক্ষিত হৃদয় অজান আশংকাত চিঞৰে!
তেজাল হৈ উঠে শিমলু,
তেজাল হৈ উঠে সোঁৱণশিৰিৰ বুকু,
সমাজে গ্ৰহণ নকৰা দুটি দেহক 
আশ্ৰয় দিয়ে সো°ৱণশিৰিয়ে,
মহাজীৱনৰ কণিকা এটিয়ে ঠাই পোৱা 
পানেই গৰ্ভ গ্ৰহণ কৰে সোঁৱণশিৰিয়ে।
অস্থিৰ দুটি দেহৰ আত্মা 
কৃতজ্ঞতাৰে উপচি পৰে ,
তেজৰ উৎসৱত এয়াও যেন আহুতি 
আউসীৰ এটি কালৰাত্ৰী।
নীৰৱ হৈ ৰয় জিলি
নীৰৱ হৈ ৰয় বুৰঞ্জী।


কৃষ্ণ

✍🏻মিন্টু গোৱলা 
   লখিমপুৰ কদম

জগতৰ পিতৃ স্বৰূপে জন্ম লভিলোঁ এই পৃথিৱীত,
দুষ্টক দমন হেতুকে ল'লো দশ অৱতাৰ।।

ধৰ্মৰ স্হাপন কৰিবেক হুয়া মোৰ জন্ম,
জানয় মোৰ অৱতাৰ কথা।।

প্ৰথম অৱতাৰ মোৰ মৎস্য,
মৎস্য স্বৰূপ ধৰি বেদক উদ্ধাৰ কৰিলোঁ,
অজ্ঞান ,পাপ, অত্যাচাৰ কৰিলোঁ দূৰ।।

দ্বিতীয় অৱতাৰ মোৰ কূৰ্ম বা কাছ,
কাছ স্বৰূপ ধৰি ক্ষীৰ সাগৰ সমুদ্ৰ মন্ত্ৰন কাৰ্য্য সাধিলোঁ।।

মোহিনী স্বৰূপ ধৰি অমৃত খোৱাই  দেৱতাৰ  
সাধিলোঁ কাম।।

তৃতীয় অৱতাৰ মোৰ বৰাহ,বৰাহ স্বৰূপ
ধৰি হিৰণ্যাক্ষক পৰাস্ত কৰিলোঁ।।

পৃথিৱীক সাগৰৰ তলৰ পৰা আনিয়া 
সাগৰৰ পৃষ্ঠত স্হাপিত কৰিলোঁ।।

চতুৰ্থ অৱতাৰ মোৰ নৰসিংহ ,নৰসিংহ স্বৰূপ ধৰি হিৰণ্যকশিপুক কৰিলোঁ বধ
ভক্তিৰ ভকতি বচালোঁ।।

পঞ্চম অৱতাৰ মোৰ বামুণ,বামুণ স্বৰূপ
ধৰি সাধিলোঁ ঋষি গণৰ মহা যজ্ঞ।।

ষষ্ঠ অৱতাৰ মোৰ ৰাম,ৰাম স্বৰূপ ধৰি
দুৰাচাৰ ৰাৱণক কৰিলোঁ বধ।।

সপ্তম অৱতাৰ মোৰ শ্ৰী কৃষ্ণ, কৃষ্ণৰ স্বৰূপ
ধৰি জগতত ধৰ্মৰ স্হাপন কৰিলোঁ,
পাপৰ পৰা মুক্ত কৰালোঁ।।

নৱম অৱতাৰ মোৰ বৌদ্ধ, বৌদ্ধ স্বৰূপ ধৰিবেদৰ প্ৰচাৰ কৰিলোঁ।।

দশম অৱতাৰ মোৰ কল্কি,কল্কি 
স্বৰূপ ধৰি সৃষ্টিক বিনষ্ট কৰিবেকে
দৃশ্য মান হ'লো।।
কলিযুগ ধ্বংস হেতু হʼম কল্কিৰ স্বৰূপ।।


নিসংগতা

✍🏻ভাগ্যশ্রী বৰা
মৰিগাঁও, অসম।
  
কেতিয়াবা মনটো হঠাতে 
এক অজান আশংকাত কঁপি উঠে,
নাজানো মোৰ হয় কি? 
উত্তৰ বিহীন হৈ পৰোঁ হঠাতে,
মোৰ কাষত সকলো আছে, 
কিন্তু থাকিও যেন নাই! 
নিঃসংগ হৈ পৰোঁ।
হয়,
সকলো থাকিও যেন দূৰে দূৰে!

ক'ত আছোঁ মই..?
সপোন নে বাস্তৱ?
অতীত নে বৰ্তমান?
নে ডুব গৈ আছোঁ ভৱিষ্যতৰ সপোনত..!
নাজানোঁ মই, মাথোঁ নিসংগ অ' মই..।
নিসংগতা চোন মোৰ লগে লগে!
মোৰ আঁৰৰ মইজনীক বাৰু কোনোবাই পাবনে চিনি..!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)