অসমীয়া সাহিত্যৰ চানেকি- তৃতীয় বৰ্ষ ৩৪৫ সংখ্যা

Rinku Rajowar
0
সূচীপত্ৰ


🔴শিৱসাগৰ জিলা কাৰাগাৰত ২৮ দিন-কল্যাণ দীপ সোণোৱাল


🔴নীলা খামৰ চিঠি-আমিনুৰ ইছলাম


🔴কবিতাঃ যুৱৰাজ বাচকোটা,সীতা দেৱী,ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্ত্তী,সমুজ্জ্বল ডেকা,মঞ্জুলা বড়া ,প্ৰিয়া বৰা,বন্দনা ভৰালী গগৈ,হেমন্ত বৰুৱা

শিৱসাগৰ জিলা কাৰাগাৰত ২৮ দিনঃ

কল্যাণ দীপ সোণোৱাল


শিৱসাগৰ জিলা কাৰাগাৰত কটোৱা প্ৰতিটো দিন মোৰ জীৱনৰ পাহৰিব নোৱাৰা এক স্মৃতি  হৈ ৰ'ব।এজাক খঙাল কয়েদী,কিছু দূৰ্নীতিপৰায়ণ খঙাল বিষয়া, এজাক কনভিকট আৰু আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰৰ সৈতে অতিবাহিত কৰা শিৱসাগৰ জিলা কাৰাগাৰৰ ২৮টি দিন অনেক বিচিত্ৰ ঘটনাৰে বৰ্ণাঢ্য হৈ পৰিছিল।
তেনে কিছুদিনৰ লগতে কিছু মানুহৰ কথা লিখিব বিচাৰিছোঁ , যিসকল সেই দিনকেইটাত মোৰ জীৱনৰ অংশ হৈ পৰিছিল।পুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈ তেওঁলোক মোৰ লগে লগে আছিল।

জেল'ত থাকি মই এটা কথা বুজিছিলোঁ যে কোনোবাই‌  স্বইচ্ছাৰে নক'লে কোনে কি কেচত আহিছে সুধিব নাপায়,সকলো কয়দী অথবা হাজোতীৰে থাকে একোটা অভিশপ্ত অতীত,এটা অতি কষ্টকৰ অধ্যায়।জেল'ত থকা মানুহবোৰক ওচৰৰ পৰা লগ পাই আৰু এটা কথা বুজি উঠিছিলোঁ, জেল'ত হত্যাৰ দৰে অপৰাধত বন্দী হৈ থকা মানুহবোৰৰ বেছি ভাগেই প্ৰকৃত অপৰাধী নহয়, বেছিভাগেই একোটা অপৰাধ সংঘটিত কৰে পৰিস্থিতিৰ পাকত পৰি,সাময়িক উত্তেজনাৰ। বহুতেই সাময়িকভাৱে মানসিক ভাৰসাম্য হেৰুৱায়ো কৰে।জেল'ত লাভ কৰা ২৮ দিনীয়া অভিজ্ঞতাই মোৰ মনত থকা অপৰাধী সম্পৰ্কে ধাৰণাৰ পৰিৱৰ্তন ঘটাইছে।এতিয়া অপৰাধ আৰু অপৰাধী কাক কয় ম জানো°,বোধ কৰোঁ মোৰ দৰে বাস্তৱৰ খুন্দনাত খুন্দা খোৱা সকলোৱে জানে।

জেল'ৰ দিন কেইটাত সমবয়সীয়া সকলৰ বাদে বাকী প্ৰায়ভাগেই মোক"পোৱালি"বুলি মাতিছিল। জেল'ৰ প্ৰায়সংখ্যক কয়েদী অথবা হাজোতীৰ লগত মোৰ খুব সোনকালেই আন্তৰিকতাৰে এক সম্পৰ্ক গঢ় লৈ উঠিছিল।জেল'ত থকা আদিবাসী সম্প্ৰদায়ৰ ভাই-ককাইৰ পৰা মুছলিম/খ্ৰীষ্টান ধৰ্মৰ ভাই-ককাইলৈকে প্ৰতিজনে মোক খুব মৰম/আদৰ কৰিছিল। জেল'ৰ ভিতৰতে থকা নামঘৰ/ মন্দিৰ/মহজিদ প্ৰতিটোতে গৈ আমি প্ৰতিদিনে সেৱা কৰিছিলোঁ, সেই দিন কেইটাত কাৰোঁ স'তে ভেদাভেদৰ কথা মনলৈ এবাৰো অহা নাছিল।হিন্দু/মুছলিম/খৃষ্টান আমি সকলো বান্ধ খাই আছিলোঁ এডাল একতাৰ জৰিৰে।লগ পোৱা প্ৰতিজনেই মোক দিছিল অপৰিসীম ভালপোৱা,এই ভালপোৱাবোৰ সকলো স্বাৰ্থ, সকলো সম্পৰ্ক,সকলো নিয়মৰ বাহিৰত কাৰণেই বোধ কৰোঁ কোনো সংজ্ঞাৰে বান্ধিব নোৱাৰি, বান্ধিব নোৱাৰি কাৰণেই এই ভালপোৱা  পৰিশুদ্ধ; নিৰ্মল। জীৱনৰ সেই দিনকেইটা চিৰদিন চিৰকালে স্মৃতি হৈ ৰ'ব।কেনেকৈ পাহৰিম প্ৰাঞ্জল ককাইদেউ ( সোণাৰি ), যদু ককাইদেউ ( জাজী ),জিতু/ দিগন্ত/মৃদুল ( সোণাৰি ) ককাইদেউ হঁতক? কেনেকৈ নো পাহৰিম- সূৰ্য্য ( বতাহমাৰা, মৰাণ ) পলাশ, বিচিত্ৰ ( বেট বাৰি , শিৱসাগৰ )  প্ৰণৱ ( হালোৱাটিং , আমগুৰি ) , বিতু ( ঢকুৱাখনা ) , জহৰুল ( বঙাইগাঁও ) ,
আইদুল ( বিহুবৰ, নাজিৰা ) , আকাশ ( নাজিৰা ) , জানমণি হীৰক ( তেজপুৰ ) , মাধুৰ্য ( শিৱসাগৰ) হঁতক?পাহৰিব পাৰিম জানোঁ সেই মানুহবোৰক যি সকলে মোক অন্তৰ উজাৰি দিছিল বিশুদ্ধ ভালপোৱা?
এই ভালপোৱা বোৰে ভিতৰৰ মনুষ্যত্বকো পৰিশুদ্ধ কৰে,তুলি নিয়ে তুচ্ছতাৰ উধ্বলৈ ....

নীলা খামৰ চিঠি(শৰতৰ এক অনুভৱ)

✍🏻আমিনুৰ ইছলাম 
      তামুলপুৰ,অসম 
    ‌‌‌‌‌

   মৰমৰ...
         অভিমানী 
  

        আশা কৰোঁ তুমি ভালে আছা।মই ভালে আছোঁ অভিমানী। কলমৰ চিয়াঁহী শেষ হৈছিল মাথোঁ, পুনৰ এটি নতুন কলমৰ দ্বাৰা আৰম্ভ কৰিছোঁ তোমালৈ বুলি।আজি প্ৰভাতী পুৱাই ৰ'দালিৰ ৰশ্মিয়ে মোক বৰকৈ আমনি কৰিছিল বুজিছা তৰা।পশ্চিমৰ পচোৱা বতাহ জাকে আজি তোমাৰ কথা আকৌ কৈছিল। নীলাভ আকাশৰ বুকুত পক্ষীজাকে নিজৰ লগৰীৰ সৈতে গাতে গা লগাই ডেউকা মেলি দিছিল,সেই সময়ত তুমি লিখা কবিতাৰ ছন্দবোৰে মোক আকৌ আমনি কৰিছিল বুজিছা।নৈৰ পাৰত থকা শিমলু গছ জোপাৰ ডালত বহি কপৌ দুটিয়ে কত যে  প্ৰেমৰ কথা পাতিছিল,তাৰ তলত মোক অকলে দেখি কপৌ দুটিয়ে মিচিকিয়াই হাঁহিছিল।তোমাৰ প্রিয়তমাক অকলে দেখি নৈয়ে গাই থকা গানৰ সুৰত কহুৱা বনবোৰেও নাচিছিল জানা অভিমানী।সকলো গছ-গছনি, তৰু-লতাই,আনকি উৰি ফুৰা চৰাই জাকেও মোক জোঁকাইছিল। তুমি নথকাৰ বাবেহে সিহঁতে মোক আমনি কৰিছিল।

        হে মোৰ প্ৰিয়তমা অভিমানী, আজি আকৌ কৃষ্ণচূড়াৰ ফুলেৰে মনোমোহা হয় পৰিছে আমাৰ পদূলিমুখৰ ৰাস্তাখনি।পুনৰ ফুলিব ধৰিছে আমাৰ চোতালত থকা শুভ্ৰ বৰণীয়া শেৱালী।তলসৰা শেৱালী বুটলিবলৈ অহা কণমানি কেইটাইয়ো অপেক্ষাৰে ৰৈ থাকে তোমাৰ বাবে।তুমি আহিবা বুলিয়ে কাঠিৰ সন্মুখত থকা ৰজনীগন্ধা ফুলজোপাই সুগন্ধিৰ সুবাস দিয়ে।অভিমানী আহি অভিমান কৰিব বুলি ভাবিয়ে শেৱালীৰ ফুল সৰি পৰি ৰৈ থাকে আৰু বেছি নিলিখোঁ ৰাতি বহু হ'ল।এতিয়া আকৌ আমনি কৰিব আকাশৰ তৰা বোৰে,সাক্ষী হয় ৰব জোনাকী পৰুৱাবোৰে,তোমাৰ কথা ক'ব বিচাৰিব  জোনবাইটিয়ে। 
       আজিলৈ এৰিলোঁ,শেষত আকৌ এবাৰ মৰম ল'বা তোমাৰ অপেক্ষাতে আহিন আহি পালে....
      এইবাৰ আঘোণত আহিবা বুলি বাট চাই ৰ'ম....
মই জানো তুমি আহিবা......... 
       
                                    ইতি,
                              তোমাৰ মৰম
                          
 

        
বাস্তৱ ভৱিষ্যত 
         
🔴যুৱৰাজ বাচকোটা
চতিয়া,
বিশ্বনাথ, অসম।

মৃত্যু সত্য
মৃত্যু বাস্তৱ
মৃত্যু অপৰাজেয়।
সংসাৰত জন্ম ল'লে
এদিন সকলোৱে মৰিবই  লাগিব 
সৃষ্টি হ'লে ধ্বংস অনিবাৰ্য
সেয়েহে মৃত্যুক লৈ কোনেও
ভয় খাব নালাগে ।
পৃথিৱীৰ কোনো ঔষধে মৃত্যুক
পৰাজিত কৰিব নোৱাৰে।
সেয়েহে মৃত্যুৰ নিশ্চয়তা জানি
জীয়াই থকা দিনলৈকে
মানুহ হৈ 
মানৱতা জীয়াই ৰখা
ভাষা সাহিত্য সৃষ্টি ৰচনাৰে 
বিশ্বত
শান্তি প্ৰতিষ্ঠা কৰি 
মাতৃভূমি ৰ সেৱাত
আত্ম নিয়োগ কৰা।
মই জীৱনৰ প্ৰথম দিন 
ভূপৃষ্ঠত আহিয়েই 
সত্যৰ উমান পাইছোঁ-
আজিৰ পৰা এমাহৰ পাছত 
মোক বিচাৰিলেও নাপাবা ।
মোৰ মৃত্যু অনিবাৰ্য।
জানানে !
 মই ডিচেম্বৰ মাহে ভূমিষ্ঠ হৈয়ে কৈছোঁ।

       

হাবিয়াস

      
🔴সীতা দেৱী, বিহপুৰীয়া, লখিমপুৰ।

প্ৰতিশ্ৰুতিৰ মিঠা সুবাসত ,
প্ৰস্ফুটিত এপাহ ৰঙা গোলাপ ।
অবুজ তাড়নাত মতলীয়া ,
ঠিকনা বিহীন মোৰ প্ৰেম।
মৰমৰ শুভ্ৰ মেঘমালাৰ দুৰন্ত উৰ্মিমালাৰ
বোকোচাত,
অযুত ভাৱনাৰ ছন্দোবদ্ধ কবিতা।
চিৰসেউজ অনুৰাগৰ দলিচাত ,
আবেগৰ সহস্ৰ ফল্গুধাৰা ।
মনৰ পবিত্ৰ দাপোনত,
কৃতকাৰ্যতাৰ স্বচ্ছ নিৰ্মল মাধুৰিমা।
কল্পনাৰ সুউচ্চ শিখৰত
আৰোহণৰ অহৰহ চেষ্টা।
আৰু জীয়াই থকাৰ,
অদম্য হাবিয়াস।।

পৰিচয়

🔴ডাঃ প্ৰণৱ কুমাৰ চক্ৰৱৰ্ত্তী
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

তোমাৰ নাম কি?
দেতা মাঁৰ নাম কি?
ঘৰ ক’ত?
এই সৰু সৰু প্ৰশ্নবোৰৰ মাজত
সীমাবদ্ধ কৰি ৰখা হয়
আমাৰ পৰিচয় শিশুকালৰ পৰাই৷
তাৰ পাছত 
পৰিচয়ত প্ৰলাপ পৰে
ধৰ্ম আৰু জাতিৰ,
ব্যৱধানবোৰ বাঢ়ে৷
কোনোবাই মাজতে শিকাব চেষ্টা কৰে
মই অসমীয়া
মই ভাৰতীয় ইত্যাদি,
শিকাব চেষ্টা নকৰে
মই যে মানুহ
এইয়া মোৰ শ্ৰেষ্ঠ পৰিচয় বুলি..




"জুই আৰু পানী"

            🖋️কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া

বিবেকে থাকিলে শুই,
হঠাতে আহিলে জুই।
জগাই দিব নিস্তব্ধতাৰে,
পোহৰাই তুলিব সততাৰে।
কৰা যদি অহংকাৰ,
জীৱন হ'ব অন্ধকাৰ।
পানীৰো আছে শক্তি,
পিয়াহত মুক্তি।
অগ্নিৰ উত্তাপত ব্যঞ্জন সৃষ্টি,
পানীয়ে ৰাখে কৃষকক দৃষ্টি।
উত্তাপত লাগে জুই,
পানী ঢালিলে নুমাই জুই।
জুইৰো আছে শক্তি,
পানীৰো আছে শক্তি।
আছে যদি ভক্তি,
পাবা তুমি মুক্তি।

প্ৰেমৰ বিষাদিত ৰূপ  


মঞ্জুলা বড়া ৷
ডিগবৈ ৷

আজিৰ কুৱঁলীৰ মাজেৰে আহি
পুৱাৰ সুৰুযে 
যেতিয়া দিয়েহি চুমা ,
মনত পৰেনে তেতিয়া 
তোমাৰ বিচ্ছেদিত
প্ৰেমিকে
 ভুৱন ভুলোৱা বাতৰি দিয়াৰ কথা ?
দুৱৰিৰ নিয়ৰে যেতিয়া তোমাৰ চৰণ ধুৱাই
মনত পৰেনে তেতিয়া তোমাৰ প্ৰেমিকাই
এৰি যায় 
দুৰ দুৰনিলৈ তোমাকেই কন্দুৱাই ৷
পৰ্বত পাহাৰৰ সৌন্দৰ্যই বাধা দিয়ে সন্মুখত 
যেতিয়া আহি ৰৈ ,
তোমাৰ মনত পৰেনে তেতিয়া প্ৰেমাস্পদৰ
ভাললগা খিনি  কাৰোবাক কৈ ৷
তেতিয়াই আহে বৈ প্ৰেমৰ এৰাসুঁতি হৃদয়ে 
হৃদয়ে নিগৰি যায় গম নোপোৱাকৈ ৷
তোমাৰ প্ৰেম হয় বিষাদৰ সম্পদ অন্তৰৰ
মৰমৰ নিভৃত কোনৰ ভড়ালৰ মাজত ৷
জীৱন হয় তুচ্ছ 
এই বিষাদিত প্ৰেমৰ আগত 
নকৰিবা বৃথা চেষ্টা 
প্ৰেমৰ চাকি গছি পুনৰ
জলাই উজ্জ্বল কৰিব বুলি জীৱনযুদ্ধৰ
সন্ধিক্ষনত ৷
আকাশে কয় 
প্ৰেম নহয় বিষাদৰ ৰূপ 
পৃথিৱীয়ে কয় 
প্ৰেম জীয়াই থকাৰ স্বৰূপ ৷
সেই প্ৰেমকে নদীয়ে  নিয়ে উটুৱাই ,
নাপায় যদি বিছাৰি সাগৰ মহাসাগৰ
আনে পুনৰ নদীয়েদি ভটিয়াই ৷

প্ৰকৃতিৰ সৌন্দৰ্যতা
  
প্ৰিয়া বৰা , যোৰহাট
 একাদশ শ্ৰেণী             
  
সকলোবোৰ দেখোন 
শেষেই হৈ গ'ল ।
আশাবোৰটো কাহানিবাই মৰি গ'ল
আশা,সপোন বুলিটো মোৰ একোৱে নাই,
তেন্তে মই কিহৰ বাবে জীয়াই আছো ?
কাৰ বাবে জীয়াই আছো ?
কি আছে মোৰ ?
একোতো নাই ।
কোন আছে মোৰ ?
কোনোটো নাই মোৰ ,

তথাপিতো মই জীয়াই আছো ।
কিন্তু কিয়,
কিহৰ বাবে............?
কেৱল তোমাৰ বাবে
তোমাৰ এই সেউজীয়া খিনিৰ বাবে 
আজি মই জীয়াই আছো,
জীয়াই থাকিবলৈ পাইছো 
এখন সেউজীয়া পৃথিৱী বিছাৰি ,
তোমাৰ সেউজীয়া বোৰৰ মাজতেই আজি মই
বিছাৰি পাইছো মোৰ ভাল লগাবোৰ ।
প্ৰকৃতি তুমিয়ে মোৰ সকলো
তুমিয়ে মোৰ প্ৰাণ,
আজি তোমাৰ এই সেউজীয়া খিনিৰ বাবে
পাইছো জীয়াই থকাৰ প্ৰেৰণা ।
তোমাৰ অপৰূপ সোন্দৰ্য্যত 
উঠলি উঠিছে মোৰ জীপাল হৃদয়,
তোমাৰ সৌন্দৰ্যতাত মুগ্ধ হৈ 
পাহৰি যাও অতীত কি...........?
পাহৰি যাও মনৰ ভিতৰত থকা 
বিষাদ বেদনা, ঘাত প্ৰতিঘাত বোৰ ।
তোমাৰ স'তে আজি মোৰ এক নিবিড় সম্পৰ্ক,
নালাগে মোক আন প্ৰেমিক 
তোমাৰ এই সৌন্দৰ্যতাই ৰাখিছে 
মোক জীপাল কৰি ।
তোমাৰ এই  নান্দনিক সৌন্দৰ্যতা খিনিত ,
মোৰ হৃদয়ৰ 
কোহে লাভ কৰিছে প্ৰেৰণা
প্ৰেমৰ আকুল আহ্বান ।

   

             
              


সপ্তদিনৰ  অপাৰ মহিমা 

 🖌 বন্দনা ভৰালী গগৈ, শিৱসাগৰ ।।

সাতদিনৰ  মহিমা  মণ্ডিত  অপাৰ দিনৰ
সাতকাৰ্য্য সাধন হয়  এই সপ্তদিনৰ পৰশত
জীৱৰ জীৱন প্ৰক্ৰিয়া পৰ্যবেক্ষণ  হয় সাতটা দিনত 
জীৱই গতি নিৰ্ণয় কৰিব পাৰে সাতটাৰ সান্নিধ্যত।। 

দৈৱবাণী শুনাৰ সাতটা  বৰ্ষৰ পাছত পূৰ্ণব্ৰহ্মৰ আগমন
কংসক কালে নিঃশেষ  কৰিছিল এই ব্ৰহ্মৰ ইচ্ছাত
সপ্ত বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি গোলোকধামত
পৰম পিতা পৰমেশ্বৰৰ নিবাস স্থান  অনন্তশয্যাত।।

ঈশ্বৰৰ  নগৰ পৰম পবিত্ৰ আত্মাৰ মিলন ক্ষেত্ৰৰ
ধৰ্মক প্ৰতিষ্ঠা কৰি 
অৰ্ধমক বিনাশ কৰি  
শান্তি কিম্বা 
জীৱৰ জীৱন তৃষ্ণাৰ 
সোৱাদৰ সময়ক
নিজ ইচ্ছাৰে  আত্মিক সম্পৰ্ক শেষ কৰি দ্বাৰকক 
সপ্তদিনৰ অন্তত নিঃশেষ হ'ল।। 

পৰীক্ষিতক তক্ষকৰ  দংশন মহিমা প্ৰদৰ্শন কৰি
সাতটা  দিনত  ঈশ্বৰৰ আইন প্ৰণয়ন কৰিয়েই এক 
বিশেষ  মহাত্ম্যৰ  সৃষ্টিৰ বাবেই  এনে অৱস্থাৰ পৰা 
জগতৰ লোকে সহজতে ঈশ্বৰ প্ৰদত্ত লাভ কৰিব।। 

জ্যোতিষ গণনাৰ ক্ষেত্রত সহায়ক হিচাপে নিধিৰ 
ইচ্ছা  প্ৰকাশ কৰিব বিচাৰে আভ্যন্তৰীণ ইন্দ্ৰিয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ  সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে 
সাতটা  দিনত প্ৰতিষ্ঠিত কোনোবা এটা দিনত।। 

নামৰ গৃহ  অৰ্থাৎ নামঘৰ আদিত ব্যৱহাৰ কৰিব পৰা  মণিকূটৰ সোঁমাজতে  সপ্ত বৈকুণ্ঠৰ আৰ্হিৰে 
নিৰ্মিত  সিংহাসনত আমহী ঘৰত থকা বাঙময় মুৰ্তি
সমস্তজন নৰলোকৰ  হৃদয়ৰ  ভেটি প্ৰস্তুত হব ধৰে।। 

           
শীতৰ বুকুত

🔴‌হেমন্ত বৰুৱা

নিয়ৰ সৰা এই জাৰৰ নিশাত
 দুটি ওঁঠ সেমেকিব ধৰে...
শীতৰ এই চেঁচা পৰশত...
মন জঠৰ হৈ পৰে।

শীতল বতাহে চুই যায়...
 দেহৰ মন প্ৰাণ..,
এতিয়া মই বিচাৰো মাথোঁ
 উমাল হিয়াৰ উমান...।

জাৰৰ বেজাৰত কঁপি উঠে গা
শীতৰ বুকুৰ নিশাত...,
জোহালৰ কাষত বহিলেও মোৰ 
নপৰে দেহাতি শাত...।।
           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)