অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৪৭ সংখ্যা

Rinku Rajowar
1

সম্পাদকৰ একাষাৰ


আজি মঙলবাৰ আঘোণ মাহৰ ২৬ তাৰিখ । ইং ১৩ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ১৮ টা দিন বাকী । প্ৰিয় পাঠক সকল আগৰ সংখ্যা সমূহত আপোনাকে আমাক যথেষ্ট মৰম দিছে আশা কৰো এই সংখ্যাটোৱেও যাতে আগৰ দৰেই আপোনালোকৰ পৰা মৰম পাব । সেই আশাৰে অসমীয়া একমাত্ৰ দৈনিক ৱেব আলোচনীৰ তৃতীয় বৰ্ষৰ ৩৪৭ সংখ্যক সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আলোচনীখন বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় । 

সূচীপত্ৰ


🔴ইতিহাসত আজিৰ দিনটো 

🔴সাধাৰণ জ্ঞান

🔴বৰদিন: মহা আনন্দৰ দিন

◾প্ৰিয়ংকা চমুৱা

🔴অণুগল্পঃ সৰাপাত

◾অংশুমান ভূঞা

🔴কাকতালীয় নে ঈশ্বৰৰ ইচ্ছা    

◾চুমিন্দ্ৰ চৌধুৰী       

🔴জীৱনৰ পৰিসমাপ্তি

◾দিপশিখা ৰাজকোঁৱৰ

🔴ককাদেউতাৰ আলয়
       
◾ৰজনী কুমাৰ ডেকা

🔴বসন্ত 

◾নৱজিৎ নাথ

🔴আবদ্ধ আকাশ... 

◾চাহিদা বেগম

🔴 বৃত্তৰ পৰিধি ভাঙি
 
◾কুমকুম গগৈ



◾১৬৪২ চনৰ আজিৰ দিনটোতে এবেল টাচমান নিউজিলেণ্ড দেখা প্ৰথম ইউৰোপীয় ব্যক্তি হিচাপে পৰিগণিত হয়।
◾১৯২০ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক ন্যায়ৰ স্থায়ী আদালতৰ আইন আছিল ৪৬ খন দেশৰ প্ৰতিনিধিৰ দ্বাৰা ১৩ ডিচেম্বৰ ১৯২০ তাৰিখে জেনেভাত সম্পন্ন হোৱা এক আন্তৰ্জাতিক চুক্তি, যাৰ বেছিভাগ দেশ প্ৰথম বিশ্বযুদ্ধৰ মিত্ৰ শক্তিৰ পৰা আহিছিল। ইয়াক ১৯২১ চনৰ ৮ অক্টোবৰত লীগ অফ নেশ্যনছ চুক্তি শৃংখলাত পঞ্জীয়ন কৰা হৈছিল। ই আন্তৰ্জাতিক ন্যায়ৰ স্থায়ী আদালতক মান্যতা প্ৰদান কৰিছিল।
◾১৯৬২ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমটো ’ৰিলে’ উপগ্ৰহ উৎক্ষেপণ কৰা হয়।
◾১৯৯৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদ-এ কফি আন্নানক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান পদত নিযুক্তি দিয়ে, আৰু পিছত সাধাৰণ সভাৰ দ্বাৰা নিশ্চিত কৰা হয়, যাৰ ফলত তেওঁ ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীৰদ্বাৰা নিৰ্বাচিত হোৱা প্ৰথম কাৰ্যালয়ৰ কৰ্মচাৰী হয়। তেওঁ ২০০১ চনত দ্বিতীয় কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হয়।
◾২০০১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীস্থিত ভাৰতীয় সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ । পাকিস্তানৰ দুটাকৈ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি) আৰু জৈশ-ই-মহম্মদ (জেইএম)-এ এই আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ ফলত দিল্লী আৰক্ষীৰ ছয়জন কৰ্মী, সংসদ সুৰক্ষা সেৱাৰ দুজন কৰ্মী আৰু এজন মালীৰ মৃত্যু হয় – মুঠ ৯ জন – আৰু ৫ জন সন্ত্ৰাসবাদী সংসদ ভৱনৰ বাহিৰত নিহত হয়। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায়, যাৰ ফলত ২০০১-০২ চনত ভাৰত-পাকিস্তানৰ অচলাৱস্থা সৃষ্টি হয়।
◾২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকৰ "আদ-দাওৰ" চহৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইৰাকৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক বন্দী কৰে। এই সামৰিক অভিযানৰ নাম আছিল ৰেড-ডন ।
◾২০১৮ চনৰ আজিৰ দিনটোতে অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা।
◾২০১৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ, আইনত পৰিণত হ'ল কেব। ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত। কেব বিৰোধী প্ৰতিবাদত নিহত দুই যুৱকক ছহিদ ঘোষণা। ভাৰত-জাপান প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল।
◾২০২১ চনৰ আজিৰ দিনটোতে সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতীয় সুন্দৰীৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছ অৰ্থাৎ ব্ৰক্ষ্মাণ্ড সুন্দৰী খিতাপ। অভিনেত্ৰী লাৰা দত্তৰ পিছত চণ্ডীগড়ৰ জীয়ৰী হৰনাজ কৌৰ সান্ধুৱে এই খিতাপ দখল কৰে।

প্রঃ প্ৰাণীৰ আবেগক নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটোৰ নাম কি ?

 
উঃ হাইপোথেলামাছ।

প্রঃ আমাৰ ভয়ৰ কাৰণ কি ?

উঃ বিপদৰ আশংকা।

প্রঃ কোনে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে ?

উঃ শিক্ষাবিদ চাৰ জন আদামচে।

প্রঃ ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ গুৰি ধৰোতা কোন ?

উঃ পাৰ্চি নান।

প্রঃ ত্ৰিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয় ?

উঃ শিক্ষাৰ্থী, শিক্ষক আৰু সামাজিক পৰিৱেশ।

বৰদিন: মহা আনন্দৰ দিন

◾প্ৰিয়ংকা চমুৱা

বৰদিন: মহা আনন্দৰ দিন :: মাধৱ দাধৰা
ডিচেম্বৰ মাহ পৰাৰ লগে-লগে বৰদিন-বৰদিন লাগিবলৈ ধৰে৷ যদিও ২৫ ডিচেম্বৰ তাৰিখেহে বৰদিন পালন কৰা হয় কিন্তু তাৰ এমাহমান আগৰ পৰাই প্ৰাকবৰদিন পালন কৰাৰ ধুম উঠে৷ মুঠতে বৰদিনৰ বতাহ ভালদৰেই ববলৈ ধৰে৷ কেৱল খ্ৰীষ্টীয় লোকসকলেই নহয় আন-আন লোকসকলেও বৰদিনৰ আনন্দ-উৎসৱত যোগ দিয়া দেখা যায়৷ বিশেষকৈ বৰদিনৰ পৰা নতুনবৰ্ষৰ প্ৰথম দিনটোলৈকে চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷
বৰদিন এটা ধৰ্মীয় উৎসৱ৷ খ্ৰীষ্টীয় ধৰ্মাৱলম্বী লোকসকলৰ গুডফ্ৰাইডে, ইষ্টাৰ আৰু বৰদিন- এই উৎসৱ-পৰ্বকেইটাৰ ভিতৰত বৰদিনৰ কথাই প্ৰায় সকলোৱে কম-বেছি পৰিমাণে জানে৷ যীচু খ্ৰীষ্টৰ জন্মদিনেই বৰদিন বুলিও হয়তো প্ৰায় সকলোৱেই জানে৷ অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বৰদিনটোৱে এটা বিশেষ তাৎপৰ্য বহন কৰে৷ বৰদিনে আচলতে কি বুজায় বা তেওঁলোকেনো কি বিশ্বাস কৰে তাকেই অতি সহজভাবে চমুকৈ আগবঢ়োৱা হৈছে এই লেখাটিৰ যোগেৰে৷
যীচু খ্ৰীষ্ট কোন: বাইবেলত আছে: “আদিতে বাক্য আছিল, সেই বাক্য ঈশ্বৰে সৈতে আছিল আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ৷.. সেই বাক্য মাংস হ’ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে৷তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ সেই প্ৰভাৱ আমি দেখিলো ” (যোহন ১: ১, ১৪)  যীচু খ্ৰীষ্ট আদিৰে পৰাই আছিল৷ কিন্তু আদিতে তেওঁ আছিল বাক্য ৰূপত৷ তেওঁ ঈশ্বৰৰ বাক্য, যি বাক্যেৰে সকলো সৃষ্টি কৰা হৈছিল৷ সেই বাক্য অৰ্থাৎ যীচু খ্ৰীষ্ট স্বয়ং ঈশ্বৰ৷ সেই বাক্য মাংস হ’ল, অৰ্থাৎ মানুহৰুপে জন্ম ল’লে আজিৰ পৰা প্ৰায় দুহেজাৰ বছৰ আগেয়ে ইস্ৰায়েল দেশৰ বৈৎলেহেমত৷ তেওঁৰ নাম ৰখা হৈছিল যীচু খ্ৰীষ্ট ৷ তেওঁক ইয়াত পিতৃ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ বুলিও কোৱা হৈছে৷ বাইবেলত লিখামতে যীচু খ্ৰীষ্টৰ কোনো জাগতিক পিতৃ নাছিল৷ তেওঁৰ জন্ম হৈছিল কুমাৰী মৰিয়মৰ গৰ্ভত ঈশ্বৰৰ পবিত্ৰ আত্মাৰ প্ৰভাৱেৰে৷ 
বৰদিন কোনো আকস্মিক ঘটনা নহয়: যীচু খ্ৰীষ্টযে জগতলৈ আহিব সেই বিষয়ে আগৰ পৰাই ভৱিষ্যতবাণী কৰি থোৱা আছিল৷ তেওঁ কোন ঠাইত, কেনেকৈ জন্মিব সেই সকলো কথা নবী-ভাৱবাদীসকলৰ যোগেদি ঈশ্বৰে আগতেই জনাই থৈছিল৷ যীচু খ্ৰীষ্টৰ জন্মত সেই সকলো ভৱিষ্যতবাণী আখৰে-আখৰে ফলিয়াইছিল৷ সেই কথা কেৱল ইস্ৰায়েলৰ মানুহেই নহয় আন ঠাইৰ মানুহেও জানিছিল৷ প্ৰথম বৰদিনৰ সময়ত যীচু জন্মা ঠাইৰ ওপৰত এটা বিশেষধৰণৰ তৰা ওলাইছিল৷ পূবদেশৰ পৰা তিনিজন জ্যোতিষীপণ্ডিতে সেই তৰা দেখি যীচু জন্মা বুলি জানিব পাৰি যীচুক প্ৰণিপাত কৰিবলৈ ইস্ৰায়েল দেশলৈ গৈছিল বুলি বাইবেলত লিখা আছে৷
যীচু খ্ৰীষ্টৰ আগমনৰ কাৰণ: প্ৰথম মানৱ দম্পতী আদম আৰু হৱাই চয়তানৰ ফুচুলনিত ভোল গৈ ঈশ্বৰৰ আদেশ লংঘন কৰাৰ লগে-লগে পাপৰ প্ৰৱেশ ঘটিল৷ ঈশ্বৰে তেওঁলোকক কৈছিল; “ তুমি সেই বৃক্ষৰ ফল হলে নাখাবা; কিয়নো খালে তুমি অৱশ্যে মৰিবা৷” চয়তানৰ উচটনিত পৰি সেই ফল খোৱাৰ লগে লগে তেওঁলোকৰ মৃত্যু ঘটিল: আত্মিক মৃত্যু আৰু মানৱৰ স্বভাৱ হৈ পৰিল পাপ-পূৰ্ণ, মানুহ হৈ পৰিল ঈশ্বৰৰ পৰা বিচ্ছিন্ন৷ সেই পাপ-স্বভাৱ জন্মসূত্ৰে সকলো মানুহলৈ বিয়পি গ’ল আৰু মানুহ হৈ পৰিল নৰকপথৰ পথিক৷ বাইবেলত লিখিছে: “ কোনো প্ৰভেদ নাই৷ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে৷” ( ৰোমীয়া ৩:২৩) পাপ-স্বভাৱৰ কবলত থকা মানুহে কোনোপধ্যেই নিজৰ চেষ্টাৰে ঈশ্বৰৰ ধাৰ্মিকতাৰ মানদণ্ড স্পৰ্শ কৰিব নোৱাৰে৷ মানৱৰ এই অসহায় অৱস্থাতে মানৱক এৰি নিদি, মানৱক উদ্ধাৰ কৰাৰ অভিনৱ উপায় উলিয়ালে অনুগ্ৰহশীল, কৰুণাময় ঈশ্বৰে৷ তেওঁ মানৱৰূপ ল’লে যীচু হিচাবে৷ যিহেতু তেওঁৰ কোনো মানৱপিতৃ নাছিল সেইবাবে তেওঁ জন্মসূত্ৰে কোনো পাপ-স্বভাৱৰ অধিকাৰী নহ’ল৷ তেওঁ সম্পূৰ্ণ পবিত্ৰ জীৱন-যাপন কৰি মানৱৰ সলনি , মানৱৰ প্ৰতিনিধি হিচাবে ঈশ্বৰৰ ধাৰ্মিকতাৰ মানদণ্ড অজৰ্ন কৰিলে৷ লগতে সকলো মানৱৰ সকলো পাপৰ শাস্তি তেওঁ নিজৰ গাত লৈ ক্ৰুচৰ ওপৰত নিজকে বলি হিচাবে আগবঢ়ালে যাতে তেওঁক নিজৰ বলি হিচাবে বিশ্বাস কৰি, গ্ৰহণ কৰি, মানুহে নিজৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰিব পাৰে আৰু ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত হৈ ঈশ্বৰৰ উপস্থিতিলৈ যাব পৰা হয়৷ বাইবেলত লিখিছে: “কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন৷” (ৰোমীয়া ৬:২৩) এইকাম সমাধা কৰিবলৈকে যীচু আহিছিল মানবৰূপে প্ৰথম বৰদিনৰ দিনা৷
বহুমূলীয়া অথচ বিনামূলীয়া উপহাৰ: যীচু ৰূপত ঈশ্বৰে মানবজাতিলৈ মুক্তি তথা অনন্তজীৱনৰ এই বহুমূলীয়া উপহাৰ বিনামূল্যে আগবঢ়াইছে৷ বাইবেলত লিখিছে:” ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে’ যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়৷” ঈশ্বৰৰ এই উপহাৰৰ কথা সোঁৱৰণ কৰিয়েই বৰদিনৰ সময়ত ইজনে-সিজনক উপহাৰ দিয়া হয় আজি বৰদিনৰ সময়ত৷ কিন্তু ঈশ্বৰৰ সেই বহুমূলীয়া উপহাৰৰ তুলনাত মানুহৰ উপহাৰৰ কোনো তুলনাই নহয়৷
সেইবাবেই বৰদিন আনন্দৰ দিন৷ যীচু খ্ৰীষ্টৰ জগত আগমনৰ কথা সোঁৱৰণ কৰি তেওঁক ধন্যবাদ জনোৱাৰ দিন৷

অণুগল্পঃ সৰাপাত

◾অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০   
      
বিশ্বাসঘাতকতা!লনীতাই সহ্য কৰিব পৰা নাই।কি কৰিব কি নকৰিব একো এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰাত বন্ধ কোঠাটোৰ ভিতৰত তাইৰ যেন উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটিল।
      লাহেকৈ খিৰিকীখন খুলি দিলে।মাকে ফাগুনী পছোৱাই চোতাল ভৰোৱা সৰাপাতবোৰ সাৰি চাফা কৰিছে।এদিন সেউজীয়াৰ পোহাৰ মেলি মন ভৰোৱা পাতকেইটালৈ আজি কাৰোৱে মোহ জন্মা নাই।এতিয়া সেয়া মাথোঁ‌ আৱৰ্জনা।
      লনীতাই বহুবাৰ পঢ়িছে,'প্ৰকৃতিয়েই জীৱনৰ পাঠশালা'।খন্তেক সময়ো বিলম্ব নকৰি তাই চৰম সিদ্ধান্ত লৈ পেলালে।ম'বাইলটো হাতত তুলি লৈ এফালৰপৰা মৃদুস্ময়ৰ সৈতে যোগাযোগৰ পথবোৰ ৰুদ্ধ কৰি দিলে।
      সিও তাইৰ বাবে এতিয়া আৱৰ্জনাস্বৰূপ এখিলা সৰাপাত।


কাকতালীয় নে ঈশ্বৰৰ ইচ্ছা    

◾চুমিন্দ্ৰ চৌধুৰী,         
সাহিত্য অভিযন্তা        
 নয়ডা,  উত্তৰ প্ৰদেশ।
        
কৰ্মসূত্রে বহুত বাৰ  ভূটান ভ্ৰমণ কৰাৰ সময়ত বৌদ্ধধৰ্মৰ বিভিন্ন মঠ মন্দিৰ ভ্ৰমণ কৰি বোধিসত্ত্ব, থেৰাবাদ, মহাযান,  হীনযান আৰু বজ্ৰায়ণ বৌদ্ধ দৰ্শনৰ কথাবোৰ জানিব পাই  অভিভুত হৈছিলো। বৌদ্ধ  দৰ্শনৰ পৰা কৰ্ম বিমুখ হোৱা মানেই মহাপাপ কৰা বুলি বুজি পাইছিলো।  এজন প্ৰকৃত হিন্দু ব্যক্তি কেতিয়াও  গোড়া মানসিকতাৰ হ'ব নোৱাৰে আৰু কেতিয়াও ধৰ্মীয় অসহিষ্ণুতাত ভূগিব নোৱাৰে বুলি মই ভাৱো।  কাৰণ এই বয়সলৈ যিমানখিনি অধ্যয়ন কৰিছো এটা কথা বুজিছো যে সনাতন দৰ্শনত এজন মানুহে কঠোৰ নিয়ম নীতি মানি পূজা পাতল কৰিলেই জীৱন সাৰ্থক হৈ ঈশ্বৰৰ প্ৰিয় ভক্ত হ'ব পাৰিব বুলি ক'তো উল্লেখ নাই। নিস্কৰ্ম , কৰুণা, প্ৰেম,জ্ঞান, ভক্তি আৰু ক্ষমাৰ জৰিয়তেহে প্ৰকৃততে  ঈশ্বৰৰ প্ৰিয়ভাজন যে হ'ব পাৰি তাক অৱশ্যে সকলোবোৰ বেদ উপনিষদত স্পষ্ট ভাবে উল্লেখ কৰা হৈছে। সেই একেখিনি কথাই হৈছে বৌদ্ধ দৰ্শনৰ মূল ভেটি । পূজা পাতলৰ জৰিয়তে সাধাৰণতে ওপৰত উল্লেখ কৰা মৌলিক কৰ্ম সমূহ একাগ্ৰতাৰে কৰি যাবলৈ ইচ্ছা আৰু সাহস গোটোৱা হে হয় ।                
 লাহে লাহে মই বৌদ্ধ ধৰ্ম আৰু হিন্দুধৰ্মৰ মাজত সাদৃশ্য থকা দৰ্শন, বিশ্বাস আৰু সমাজৰ উৎকৰ্ষ সাধন কৰিব পৰা চিন্তাধাৰা কিছুমান বুজিব পাৰিছিলো । আৰু  সেই বোৰৰ বিষয়ে পাঠক সমাজক অৱগত কৰাব প্ৰয়াসেৰে বিগত ওঠৰ মাহ দিনৰাতি খাটি লিখি যুগুতাইছো মোৰ জীৱনৰ দ্বিতীয়খন উপন্যাস " ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" । ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব সমৰ্থ হোৱা এই উপন্যাসখনৰ প্ৰকাশৰ আগমুহূৰ্তত আজি পুৱা সহকৰ্মী এজনে মোক কাঠমাণ্ডুত থকা এটা বিশেষ  মন্দিৰ দৰ্শন কৰাইছিল।  অকল্পনীয় ভাৱে  স্বয়ম্ভূ নামৰ সেই বিশেষ মন্দিৰটোত উপস্থিত হৈ মই বিস্ময়াম্বিত হৈ পৰিছিলো কাৰণ সৌভাগ্যবশত দৰ্শন কৰাৰ সুযোগ পোৱা সেই  মন্দিৰটো হৈছে হিন্দু আৰু বজ্ৰায়ণ বৌদ্ধধৰ্মৰ এটা  যৌথ  মন্দিৰ। মন্দিৰ প্ৰাংগনত এফালে হিন্দু আৰু আনফালে বৌদ্ধ  পৰম্পৰাৰৈ পূজা পাতল চলি থকা দৰ্শন লাভ কৰি নিজকে ধন্য মানিছিলো।           
অৱশেষত দিনটোৰ  কৰ্মব্যস্ততা আৰু ভ্ৰমণসূচী সামৰি বিয়লি চাৰিমান বজাত কাঠমাণ্ডুৰ ত্ৰিভূৱন বিমান  বন্দৰত উপস্থিত হৈছিলো । কাঠমাণ্ডুৰ পৰা দিল্লীলৈ উভতি আহিবলৈ বিমানত উঠিছিলো । কিন্ত এইয়া কি মোৰ সহযাত্ৰী গৰাকী দেখোন এগৰাকী বৌদ্ধ ভিক্ষুনি। যাক ভূটানৰ জংখা ভাষাত আনিম বুলি কোৱা হ'য়। ক্ষন্তেক সময়ৰ বাবে মই  শিল পৰা কপৌটোৰ দৰে থৰ লাগি ৰৈছিলো ।  মোৰ এনেকুৱা লাগিছিল সেই আনিম গৰাকী মোৰ উপন্যাসখনৰ নায়িকা অচাৰা, যি গৰাকী পাছলৈ আনিম হৈ সংসাৰ বান্ধোনৰ পৰা মুক্ত হৈ গুছি গৈছিল ।  বিমানৰ কাষৰ আসনত বহি অহা আনিম গৰাকীৰ লগত  চা-চিনাকী হৈ কথা বতৰা পাতি গম পালো তেখেতৰ নাম চাঙচুক ( অৰ্থাত বৌদ্ধ সত্বা) । তেওঁ আহিছে সূদুৰ ভিয়েটনামৰ পৰা নেপাল,  ভূটান আৰু ভাৰতলৈ প্ৰভূ ৰিনপোচে অৰ্থাত গুৰু পদ্মচম্ভৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ।  কিছু সময়ৰ বাবে কথা বতৰা পাতি মাত্র পচিশ বছৰ বয়সৰ আনিম গৰাকীৰ অগাধ জ্ঞান আৰু গৰিমাৰ সম্ভেদ পাই অভিভূত হৈছিলো।  মই লাহে লাহে কথা বতৰাৰ মাজেৰে তেওঁক সদ্য প্ৰকাশ পাব লগীয়া গ্ৰন্থখনৰ,বিষয়ে অৱগত কৰোৱাত তেখেতে অতি আগ্ৰহেৰে মোক বজ্ৰায়ণ বৌদ্ধ ধৰ্ম আৰু শ্ৰীমদ্ভগৱদগীতাৰ বহুকথাই কলে।  তেখেতৰ মুখত অমৃত বানীবোৰ শুনি শুনি কাঠমাণ্ডুৰ পৰা কেতিয়া আহি দিল্লীত উপস্থিত হ'লোহি গমকেই নাপালো। 
বিদায়ৰ বেলাত দিল্লী বিমান বন্দৰ পাই তেখেতক মোৰ স্বলিখিত "ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" কিতাপখনৰ বাবে আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰাত তেওঁ মোক যি দুআষাৰ কথা কৈ জ্ঞান চকু মুকলি কৰি দিলে তাক মই কাহানিও পাহৰিব নোৱাৰিম।  তেখেতে  মোৰ অনুৰোধ শুনি কৈছিল, এজন ব্যক্তিয়ে নিজেই নিজৰ মংগল সাধন কৰে।  তেওঁৰ মংগল তেওঁৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁক তাৰ বাবে আনৰ আশীৰ্বাদৰ প্ৰয়োজন নহয়। আনকি স্বয়ং ভগৱানৰো।  তেখেতৰ বাবে আশীৰ্বাদৰ দাতা আৰু পাত্র  তেওঁ নিজেই ।  নিজৰ ওপৰত নিজে কৃতজ্ঞ হোৱাজনে আনকো কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে।  আপুনি এজন যান্ত্ৰিক অভিযন্তা হৈ বজ্ৰায়ণ বৌদ্ধধৰ্মৰ দৰে সহজে অবোধ্য দৰ্শনৰ পটভূমিত উপন্যাস ৰচনা কৰাৰ সাহস কৰিব পাৰিছে সেইয়াই আপোনাৰ বাবে অনৱদ্য আশীৰ্বাদ । ওঠৰ মাহ কষ্ট কৰিব পাৰিছে তাৰ বাবে নিজৰ শৰীৰ, মন আৰু পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰক ঈশ্বৰ প্ৰসন্ন হ'ব। সন্ধিয়া দিল্লী আন্তৰ্জাতিক বিমান বন্দৰত মহিয়সী আনিম চাঙচুকক বিদায় জনোৱাৰ সময়ত মনটো কিবা সেমেকি উঠিছিল।  ভগৱান মহাপ্ৰভু তথাগত আৰু গুৰু ৰিনপোচেক মনতে স্মৰণ কৰি এটা অনন্য অনুভুতিৰে ঘৰলৈ ওভতি আহিছিলো। 
                             
ওঁম মণি পদ্মে হুঁম।      

 

জীৱনৰ পৰিসমাপ্তি

◾দিপশিখা ৰাজকোঁৱৰ।

জীৱন এদিন পৰিসমাপ্তিত
পলকতে নিঃশেষ হৈ যাব,
জীৱন যুঁজত যুঁজি যুঁজি
এদিন মাটিৰ লগত মিলি যাম,
স্তব্ধ হৈ ৰ'ব জীৱনৰ চলন্ত গাড়ী।
বিদায় হ'ব মধুৰ জীৱনৰ।
কৰুণ বেদনাই উকা কৰিব
আপোন মানুহৰ হৃদয়....
বাঁহৰ চাঙীত বগা কাপোৰেৰে
মেৰিয়াই লৈ যাব ক্ষন্তেকীয়া 
জীৱনক বিদায় দিবলৈ.... ।
আই পিতাই গঢ়া তেজ মঙহৰ
শৰীৰটো ছাই হৈ নোহোৱা হ'ব
দুচকুৰ সন্ধানী লক্ষ্যও 
হেৰাই যাব মৃত্যুৰ লগে লগে।
কাৰোবাৰ মনত হয়তো আমাৰ
প্ৰতিটো স্মৃতিয়ে আমনি কৰিব,
আৰু কাৰোবাৰ বাবে আমি
 মাথোঁ এজাক ধুমুহা হৈ ৰ'ম
পোৱা নোপোৱাৰ হিচাপবোৰো
তেনেকৈয়ে থাকি যাব
জীৱনৰ উপন্যাসখন  সমাপ্তি হ'ব।
শেষ পৃষ্ঠাত মৃত্যুৰ কাহিনী লিখি
 উপন্যাসৰ কৰুণ কাহিনীয়ে
পৃষ্ঠাত  যুগ যুগ সজীৱ হৈ ৰ'ব 
এনেকৈয়ে পৰিসমাপ্তি ঘটিব 
সুন্দৰ মানৱ জীৱনৰ........ ।





ককাদেউতাৰ আলয়
       
◾ৰজনী কুমাৰ ডেকা
      ৰঙিয়া  ।                  

আমি ভাই-ককাই পাঁচ ভাই, 
তাৰে কোনোবা কৃষক, কোনোবা 
সমাজ সেৱক, কোনোবা ব্যৱসায়িক, কোনোবা গাড়ীচালক, 
কোনোবা শিক্ষক। 
পাঁচ ভাই-ককাইৰ  পাঁচ গৰাকী পত্নী, আৰু আছে প্ৰতিজনৰ
পুত্ৰ-কন্য সন্তান। 
মিলাপ্ৰীতি, শান্তি-সম্প্ৰীতি, আৰু
আছে বিশ্বাসৰ এনাজৰী  । 
আমি বিজ্ঞানৰ যুগত পিছপৰা নাই, 
পশ্চিমীয়া পাশ্চাত্যৰ ৰং-বিৰংক দেখি পৰম্পৰা আৰু ৰীতি-নীতিক
পিছলৈ এৰি দিয়া নাই। 
ককা- দেউতাৰ ঘৰত সকলো 
আছিল, সকলো আছে, আৰু 
সকলো থাকিব! এইখন ঘৰ ককা-দেউতাৰ বহু আস্থাৰ ঘৰ। অটল হৈ আছো
আমি ইজনে -সিজনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ, 
সাৰে থাকিব লাগিব আমি
একতাক জীয়াই ৰাখিবলৈ, 
নিজৰ পৰিচয় সমাজত দাঙি -
ধৰিবলৈ, 
আমি স্বাৰ্থত ত্যাগী হ'বই লাগিব। 
একতাৰ শক্তিক আমি জীয়াই 
ৰাখিব লাগিব। 
এইখন ঘৰ ককা-দেউতাৰ
মৰমৰ ঘৰ। 

                 
    
   
" বসন্ত" 

✍️নৱজিৎ নাথ, 
ছিপাঝাৰ, দৰং
  
বাউলী ফাগুনৰ ধুলিয়ৰী  
 পৃথিৱী লৈ নামি আহে,
বসন্তৰ সেউজীয়া প্ৰতিশ্ৰুতিৰে  
বোকাছাত নামে বৰষুণে সম্ভাৰৰে।। 
   

বসন্তই  পৃথিৱীক জীপাল কৰি
 সেউজীয়া সেউজীয়া  দলিচা পাৰি।
 তাত মৃদুং মলয়াৰ  বা লাগি
   নাচি  উঠে মন  উলাহত ।।      
   
গছ বিৰিখৰ ডালে ডালে 
মুক্ত বিহংগৰ সুৱদী সুৰীয়া মাতে,
বোৱাই আনে  পৃথিৱীলৈ অনাবিল
   শান্তি আৰু আনন্দৰ নিজৰা।।                      

 বসন্ত ই হ'ল এক            
 নতুন সৃষ্টিৰ অনুৰনন ।      
 প্ৰকৃতিৰ সেউজীয়া আবৰণ 
 পিন্ধি  বসন্তই হয় বিনন্দীয়া ।। 
 
বসন্তই সকলো দশোদিশ 
 শোভাই বোৱাই আনে,
  সমগ্ৰ জীৱ -জগতৰ লৈ
  এক জীপাল অনুভৱৰ  বতৰা। 


প্ৰকৃতি জগত অনন্য জাগৰিত হয়।।
কুলি-কেতেকীৰ মৌসনা মাত, 
ভোমোৰা গুজন‌ সুৰত, 
কপৌ ,নাহৰ,তগৰৰ সুগন্ধি  
 সুবাসত মনো হয় মতলীয়া।।  
 
বসন্তই আনে,  
অসমীয়া হেঁপাহৰ ৰঙালী বিহু, 
তাত ঢোলৰ শব্দত, 
পেঁপা আৰু বাঁহীৰ  সুৰত 
গগনা আৰু লাহৰীৰ চেৱত ,       
ডেকা -গাভৰুৰ নাচোন তালত  , 
বিহু সুৰীয়া গীতৰ মাজত , 
প্ৰাণ পাই জীপাল হৈ উঠে 
 হেঁপাহৰ ৰঙালী বিহু ।।

 ফাগুনৰ পছোৱা বতাহে অনা,             
 কৃষকৰ দুখ  বেদনা দূৰ কৰি, 
 বসন্ত ই সদায় আনে বৰ্ষা স্পৰ্শি  
 পথাৰ মাজলৈ সৃষ্টিৰ আৰম্ভণি সংবাদ।।
 
 বসন্তই আনে ,  
  নতুন ৰূপৰে  জাগৰিত হৈ , 
  পৃথিৱীলৈ আনে এমুঠি 
  সেউজীয়া  সপোনৰ সম্ভাৰ।।
  



আবদ্ধ আকাশ... 

◾চাহিদা বেগম 
শিৱসাগৰ, অসম

আপোন আপোন বুলি কোৱা
 এই পৃথিৱীখন যেন আপোন হৈ নাথাকিল
আপোন লোকবোৰো যেন
কেতিয়াবা পৰ হৈ পৰে। 
মুক্ত আকাশখনো যেন আপোন নালাগে। 

মাক-দেউতাকৰ লৰা-ছোৱালীৰ
প্ৰতি থকা প্রেম, 
লৰা-ছোৱালীৰ মাক-দেউতাকৰ
প্ৰতি থকা প্রেম, 
এই পৃথিৱীখনত যেন নোহোৱা হ'ল
ঘৰৰ ওচৰৰ লোকজনে যেন
নিজৰ সাহস হ'ল। আপোন হ'ল। 

কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন
মুক্ত আকাশত বিচৰন কৰিম
কিন্তু... এতিয়া এই আকাশখনো যেন
হৈ পৰিল.... আবদ্ধ আকাশ...। 

( শিৱসাগৰৰ যুৱদল'ত অনুষ্ঠিত হোৱা 'আবদ্ধ আকাশ' নাটকৰ আধাৰত লিখা  মোৰ অনুভৱ কাব্য ) 



বৃত্তৰ পৰিধি ভাঙি
 
◾কুমকুম গগৈ
    শিৱসাগৰ, অসম      

মোৰ অনুভৱ হৈছিল
    তোমাৰ কণ্ঠৰ গভীৰতাত যেন নিহিত
মন্দিৰৰ শংখ ধ্বনিৰ পবিত্ৰতা,
যি ধ্বনিৰ নিনাদত জাপ খাই যোৱা
মোৰ দুচকুৰ পতাত লাগি ৰ'ল
মধুময় আবেশৰ বাংময় স্বপ্ন।
যেন,
শেৱালী পাহিত, দুৱৰিৰ দলিচাত 
লাগি ৰোৱা নিয়ৰ মুকুতা।


ব্যৰ্থ স্বপ্নৰ অন্তত,
মোৰ জীৱন বৃত্তৰ পৰিধি ভাঙি
প্ৰবেশ কৰিলা তুমি হৃদয়ৰ ৰাজ অন্তেষপুৰত;
সুগন্ধি ফুলৰ পাপৰিৰে সজালা
মোৰ জীৱন, যৌৱন।
মইও মুকুতা ভৰা দুৱৰিৰ দলিচাৰে
সাদৰেৰে তোমাক কলো
"স্বাগতম মোৰ হৃদয় সাম্ৰাজ্যলৈ।"
সেই পবিত্ৰ সন্ধিক্ষণত
জোনাকৰ অপূৰ্ব জ্যোতিৰে
জ্যোতিৰ্ময় হব দুখনি হৃদয়।

প্ৰণয়ৰ লুকা ভাকুৰ অন্তত
ধৰা দিলোঁ দুয়ো দুয়োৰে হৃদয়ত।
হৃদয়ত বাজি উঠিল
জোনাকী যমুনাপাৰৰ, কদমৰ ডালত বহি থকা
কানাইৰ বংশীৰ পঞ্চসুৰ।
দেহৰ অংগে অংগে বিয়পি পৰিল
প্ৰেমৰ মৃদু মধুৰ মলয়া বা।

জীৱনৰ দুটি সেন্দুৰীয়া বাটৰ মিলন ঘটিল,
মিলন ঘটিল দুখনি প্ৰেমাকুল হৃদয়ৰ।
ঠিক যেন,
     উচ্ছল , কিন্তু উচ্শৃংখল নহয়
প্ৰাণৱন্ত, কিন্তু পাৰভঙা নদীৰ দৰে নহয়
দুটি অপূৰ্ব সুঁতিৰ মিল;
যাৰ সংগম স্থলত পাতত বহি
নিৰৱে শুনিব পাৰো জংকী - পানেইৰ প্ৰেম গাঁথা,
সেই প্ৰেম গাঁথাৰ লগে লগে
দুটি মনৰ মাজত প্ৰস্ফুটিত হওঁক
এধানমানি কৃষ্ণচূড়া,
ভৰ কৰকহি বসন্তই।।


           

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সচাকৈ অভিভূত হৈ পৰিছোঁ🙏🙏

    ReplyDelete
Post a Comment