অসমীয়া সাহিত্যৰ চানেকি-তৃতীয় বৰ্ষ ৩৪৮ সংখ্যা

Rinku Rajowar
0
সম্পাদকৰ একাষাৰ


আজি বুধবাৰ আঘোণ মাহৰ ২৭ তাৰিখ । ইং ১৪ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ১৭ টা দিন বাকী । প্ৰিয় পাঠক সকল আগৰ সংখ্যা সমূহত আপোনাকে আমাক যথেষ্ট মৰম দিছে আশা কৰো এই সংখ্যাটোৱেও যাতে আগৰ দৰেই আপোনালোকৰ পৰা মৰম পাব । সেই আশাৰে অসমীয়া একমাত্ৰ দৈনিক ৱেব আলোচনীৰ তৃতীয় বৰ্ষৰ ৩৪৮ সংখ্যক সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আলোচনীখন বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় । 

সূচীপত্ৰ


🔴সাধাৰণ জ্ঞান


🔴চচিয়েল মিডিয়াত সাহিত্য চৰ্চাৰ প্ৰয়োজনীয়তা-
কনমনি নাথ
🔴পাৱাৰ অৱ এটৰ্ণিঃ (চুটি গল্প)-ৰেজিনা পাৰবিন

🔴নদীৰ পাৰত বহি বহু কথা মনত পৰে-ছেলিমা বেগম 

🔴Gateway Academy ৰ সৌ ছোৱালী জনী
◾হৃদয় বৈশ্য

🔴অপেক্ষা 
 ◾মাৰ্জিনা বেগম ।

🔴হেমন্তৰ একা-বেঁকা বাটেৰে
◾শ্যামল বৰা

🔴মা মোৰ বৰ ভাগৰ লাগিছে
◾হেমেন হাজৰিকা

🔴প্ৰকৃতিৰ ৰূদ্ৰৰূপ
◾নৱজিৎ নাথ

🔴শান্তি
◾ৰেণু শৰ্মা


সংগ্ৰাহক◾ৰূপা মনি দাস

১/অখ্যাত কবিৰ বিখ্যাত ৰচনা  বুলি কোনবিধ সাহিত্যিকক চিহ্নিত কৰা হয়।
উ:-লোক-সাহিত্য।
২/বেদৰ বাণী বুলি জ্ঞান কৰা লোক সাহিত্যবিধ কি?
উ:-ডাকৰ বচন।
৩/টেটকুটি কি?
উ:-এবিধ হাস্য ব্যংগ প্ৰধান সাধুকথা।
৪/অসমীয়া লোক সাহিত্যৰ প্ৰথমজন গবেষক কোন?
উ:-প্ৰফুল্ল দত্ত গোস্বামী।
৫/বিহুগীতবোৰ সাধাৰনতে কোনটো ছন্দত ৰচনা কৰা হয়?
উ:- ত্ৰিপদী ছন্দত।



চচিয়েল মিডিয়াত সাহিত্য চৰ্চাৰ প্ৰয়োজনীয়তা

✍️কনমনি নাথ(বাক্সা)       

            
বৰ্তমান সময়ত চচিয়েল মিডিয়াত সাহিত্য চৰ্চা, খুবেই প্ৰসাৰ হৈ আছে। এই মঞ্চ খনৰ জৰিয়তে নবীন লেখক-লেখিকা সকলে মনৰ মাজত অন্তৰ্নিহিত হৈ থকা অনুভৱ বোৰ প্ৰকাশৰ সুবিধা পাইছে। নানা ব্যস্ততাৰ মাজেৰে কিছু পৰিমাণে হ'লেও সময় উলিয়াই চচিয়েল মিডিয়াত সাহিত্য চৰ্চা অব্যাহত ৰাখিব পৰা হৈছে। গতিকে চচিয়েল মিডিয়াত সাহিত্য চৰ্চাৰ অৱদান নাই বুলিব নোৱাৰি। কিন্তু ইয়াতে কথা এটা সংযোজন কৰিব বিছাৰিছো যে, ভিন্ন পুথি বা গ্ৰন্থ অধ্যয়ন অবিহনে আমি অকল চচিয়েল মিডিয়াত সাহিত্য চৰ্চা কৰিলে যথেষ্ট নহয়। কিয়নো পুথি অধ্যয়নৰ জৰিয়তে আমি আমাৰ মানসিক,জ্ঞান,বুদ্ধিৰ সঞ্চাৰ ঘটাই সাহিত্য জগত খনত গুৰুত্ব পূৰ্ণ অৱদান আগবঢ়াই নিব পৰা যায়।বৰ্তমান সময়ত চচিয়েল মিডিয়াত সাহিত্য চৰ্চা প্ৰয়োজন খুব বেছি প্ৰসাৰ হোৱাৰ ফলত অসম তথা পৃথিৱীৰ চুকে কোণে থকা নবীন লেখক-লেখিকা সকলে মনৰ ভিতৰৰ ঝ‌ংকাৰ তুলি থকা অনুভৱ বোৰ সুকীয়াকৈ প্ৰকাশ কৰাৰ কাৰণে চচিয়েল মিডিয়াৰ নিচিনা এখন এখন সুন্দৰ মঞ্চ পাইছে, ইয়াৰ জৰিয়তে পৃথিৱীৰ চুকে কোণে সোমাই থকা প্ৰতিভা বোৰ সূক্ষ্মভাৱে পৰ্যালোচনা কৰি নিৰূপণ কৰিব পাৰি যে সেই নবীন লেখক-লেখিকা জনৰ কলমৰ আগেৰে নিগৰি অহা অনুভৱ বোৰৰ জৰিয়তে সাহিত্য জগতত নৱ কিৰণৰ ৰশ্মিৰ প্ৰৱেশ ঘটি সমাজলৈ কঢ়িয়াই আনিব আশাৰ ৰেঙনি। বৰ্তমানৰ নবীন লেখক-লেখিকা সকলৰ ভিন্ন প্ৰতিভা আছে যদিও আমি সেই প্ৰতিভা থকা ব্যক্তি সকলক আমাৰ বৃহৎ প্ৰতিষ্ঠান সমূহত নিজৰ পাৰদৰ্শিতা সমূহ উপস্থাপন কৰিব পৰা সঠিক মঞ্চ পোৱা হোৱা নাই ইয়াৰ মূলতে সেই প্ৰতিভাৱান ব্যক্তি সকলক বৃহৎ অনুষ্ঠানৰ বিষয়ববীয়া সকলে যোগাযোগৰ অভাৱ বা আন বিশেষ কাৰণ বশত সেই মঞ্চ দিব পৰা নাই, কিন্তু বৰ্তমান এক মাত্ৰ চচিয়েল মিডিয়াৰ জৰিয়তে আমি তেনে নবীন প্ৰতিভাৱান লেখক-লেখিকা সকলক বৃহৎ অনুষ্ঠান সমূহত অন্তৰ্ভুক্ত কৰাৰ প্ৰমাণ দেখা পাইছোঁ।যিদৰে বোকাত পদুম ফুল ফুলি তাৰ সৌন্দৰ্য্য মাত্ৰ পুখুৰীটোৰ ভিতৰত সৌন্দৰ্য্য সীমাবদ্ধ থাকে কিন্তু যদি সেই বোকাত ফুলা পদুম ফুলটি আলফুলকৈ বুটলি আনি সযতনে সংৰক্ষণ কৰি ৰখা যায় তেতিয়া সেই ফুল পাহৰ সৌন্দৰ্য্য ভিন্ন ঠাইত ৰপ্তানিহৈ সৌন্দৰ্য্য বিয়পি পৰে। ঠিক সেইদৰে নবীন লেখক-লেখিকা সকলে সাহিত্য চৰ্চাৰ প্ৰতিভাবোৰ চচিয়েল মিডিয়াত নিজৰ ভাৱ বোৰ প্ৰকাশৰ জৰিয়তে সাহিত্য প্ৰতিষ্ঠান সমূহে ৰাইজৰ মাজত উলিয়াই আনিবলৈ সক্ষম হৈছে আৰু পিছলৈ জনগণৰ মাজত অধিক জনপ্ৰিয়তা অৰ্জন কৰি এগৰাকী বিশেষ ব্যক্তি ৰূপত  প্ৰতিষ্ঠিত হবলৈ সম্ভৱপৰ হৈ উঠিছে।চচিয়েল মিডিয়াত আমি সাহিত্য চৰ্চা কৰা কোনো দোষ বা ভুল বুলিব নোৱাৰি কিন্তু আমাৰ চচিয়েল মিডিয়াত মনৰ ভাৱ প্ৰকাশ কৰাৰ সময়ত আচাৰ, ব্যৱহাৰ সঠিক ধৰণে গঠনমূলক, সাম্যিক,ভাষা শুৱলা আৰু ভাষাৰ মানদণ্ডৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দিশত খুৱেই প্ৰয়োজনীয় আছে। ভৱিষ্যত চচিয়েল মিডিয়াত সাহিত্য চৰ্চাৰ মাধ্যমেৰে আমি সাহিত্য জগত খন অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি অনুমান কৰিব পাৰোঁ। লাগিব মাথোঁ সঠিক চিন্তা,ভাৱ ধাৰাৰ বৰ্হি প্ৰকাশ।


পাৱাৰ অৱ এটৰ্ণিঃ (চুটি গল্প)

ৰেজিনা পাৰবিন।
 বাইহাটা কমলপুৰ কামৰূপ।     
   
মই মোৰ স্বামীৰ ভেটি এৰি কʼলৈকো নাযাওঁ। মোক আলাই-আথানি নকৰিবি অʼ দাদা , কণমানিটোক  লৈ মই যাওঁ নো কʼলৈ---আউলী-বাউলী হৈ মাটিত বাগৰি বাগৰি প্ৰায়২৩/২৪ বছৰীয়া মহিলা জনীয়ে কান্দিছেহে কান্দিছে। তাইৰ কান্দোনত ওচৰৰ-পাজৰৰ মানুহবোৰৰ উপৰিও সেই ফালেদি যোৱা প্ৰায় সংখ্যক মানুহ গোট খাই ঘটনাৰ সবিশেষ জনাৰ চেষ্টা কৰিছে। 
         আদহীয়া মহিলা এজনীয়ে উপস্থিত সকলোকে বৰ্ণাই আছে ঘটনাৰ সবিশেষ---সাত শতুৰেও এনে কাম নকৰে, যি কাম তাইৰ নিজৰ মামাকহঁতে কৰিলে।বৰ দুৰ্ভগীয়া অʼ বেচেৰী । সৰুতেই ঘাট-মাউৰা হোৱা  তাপচী নামৰ এই ছোৱালীজনীয়ে মামাক-মামীয়েকৰ ঘৰতেই লেদেনা উকতি ডাঙৰ-দীঘল হৈছিল।  মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছতেই তিনিটা সন্তানৰ বিপন্তীক এজনলৈ মামাকহঁতে বিয়া দিয়াৰ যো-জা চলাইছিল। 
         এই হোটেলৰ ঠাইকণতেই সৰু হোটেল এখন দি ব্যৱসায় কৰি থকা অকলশৰীয়া গোবিন্দই, মানে গোবিন্দ বৰুৱাই সৰুৰে পৰা দেখি থকা ছোৱালীজনীৰ দুখবোৰ সহিব নোৱাৰিলে আৰু এদিন তাইক কথাবোৰ জনাই মামাক-মামীয়েকৰ অমততে লৈ আনি মন্দিৰতে নিয়মটো কৰি পত্নীৰ মৰ্য্যদা দিলে।তাপচীয়ে জীৱনটো নতুনকৈ ভোগ কৰিব শিকিব ধৰিছিল।  গিৰিয়েকৰ আদৰ-যত্নত তাইৰ জীৱনটো আনন্দৰে ভৰি পৰিছিল, হাঁহিব পাহৰা ছোৱালীজনীয়ে হাঁহিব শিকিছিল। 
         
         ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্ত হোৱাত ঠাইখনৰ অৰ্থনৈতিক গুৰুত্বও ভালেখিনি বাঢ়িছিল আৰু গোবিন্দৰ ব্যৱসায়ো দিনে দিনে ডাঙৰ হৈছিল।  সি আগৰ সৰু হোটেল খনৰ ঠাইতেই এইখন হোটেল ডাঙৰকৈ সজাইছিল। কৰ্মচাৰীৰ সংখ্যাও বঢ়াইছিল তাৰ ব্যৱসায়ত। মুঠতে গোবিন্দই তাৰ পত্নী তাপচীক এটা স্বচ্ছল আৰু আৰামদায়ক জীৱন দিবলৈ সক্ষম হৈছিল। সিহঁতৰ সুখত ৰং চৰাইছিল দুবছৰ পিছতেই গোবিন্দ-তাপচীৰ জীৱনলৈ অহা নীলয়ে। তাৰ থুনুক-থানাক মাত আৰু থুপুক-থাপাক খোজে দুয়োৰে মন ভৰাই ৰাখিছিল। চাওঁতে চাওঁতে নীলয়ৰ চাৰে তিনি বছৰ হওঁতেই ঘৰৰ পৰা এক কিঃমিঃ নিলগৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনতেই তাক নাম লগাই দিছিল। স্কুল যাব লোৱাৰ পিছৰে পৰা তাৰ ফুটো-নুফুটো মাতেৰে নাচি নাচি গোৱা কবিতা আৰু সংগীতবোৰ শুনি শুনি , সেইবোৰৰ অডিঅ'- ভিডিঅ'  কৰি চাই চাই, শুনি শুনি কিমান যে স্ফূৰ্তি পাইছিল গোবিন্দ আৰু তাপচীয়ে। কিমান যে হেঁপাহ আছিল সিহঁতৰ, লʼৰাটোক ভালদৰে পঢ়াই-শুনাই উপযুক্তকৈ গঢ় দিয়াৰ ।
         কিন্তু ভগবানে যেন তাপচীৰ জীৱনৰ লগত দুখ-সুখৰ খেলাহে খেলিছিল। তাইৰ এইকণ সুখো সহ্য হোৱা নাছিল প্ৰভুৰ । নীলয় এতিয়া আঠবছৰীয়া হ'ল, কিন্তু গোবিন্দ আকাশৰ তৰা হোৱা পাঁচ বছৰ পাৰ হৈ ছবছৰত ভৰি দিলে। নীলয়ে আবদাৰ  ধৰিছিল স্কুলৰ পৰা দেউতাকে আনিব নগʼলে সি স্কুললৈ নাযায়। কিন্তু পুত্ৰৰ আবদাৰ যে কালৰ আহ্বান আছিল সেয়া কোনে জানিছিল! চাৰিলেন যুক্ত পথটোত ইউ টাৰ্ণ ল'ব খোজোতেই পিছফালৰ পৰা ট্ৰেইলৰ এখনে নিমিষতে মহতিয়াই নিছিল গোবিন্দক আৰু গোবিন্দই চেকেণ্ডতে তাপচীৰ ৰঙা বেলিটোও মচি থৈ আকাশৰ তৰা হৈছিলগৈ। বেচেৰী তাপচীৰ হাঁহিবোৰ আকৌ মৰহি গ'ল। জটিলতা ওপর সংসাৰৰ আও- ভাও নুবুজা,সৰুৰেই পৰা কেৱল ভয়ৰ মাজেৰে ডাঙৰ-দীঘল হোৱা ছোৱালীজনীৰ এনে বিপদৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিল তাইক আশ্ৰয় দিয়া মামাকৰ পৰিয়াল। আনকি মামাকৰ পুত্ৰ মিহিৰ দাদাকে তাইক অভয় দিলে সকলো সময়তে সি ছাঁৰ দৰে থাকি তাইৰ লগতে  নীলয়ৰো সকলো দায়িত্ব পালন কৰি যাব। বিপদৰ সময়ত খেৰকুটা ডালকে সম্বল জ্ঞান কৰা তাপচীয়ে  মামাক-মামীয়েক আৰু দাদাকৰ মৌ বৰষা কথাত ভোল গৈ তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব ধৰিলে।
      তাপচীৰ স্বামী গোবিন্দৰ দুৰ্ঘটনাটোৰ বাবে কোৰ্ট-কাছাৰীৰ মামলাৰ লগতে ব্যৱসায়িক কাম-কাজবোৰ চম্ভালিব পৰাকৈ তাই একেবাৰে অপৰিপক্ক আছিল। তাতেই  কণমানি পুত্ৰক এৰি এৰি চহৰলৈ বা অইন কামবোৰলৈ গৈ থকাতোও তাইৰ বাবে যথেষ্ট অসুবিধা হৈছিল।  মামাক আৰু দাদাক মিহিৰৰ পৰামৰ্শত কামবোৰ চম্ভালিবলৈ মিহিৰক কিবা হেনো Power of attorney দি দিলে। Power of attorney নো কি বস্তু মোৰ দৰে তায়ো নাজানে। Power of attorney পাই স্বামীৰ অৱৰ্তমানতো মিহিৰ আৰু তাইৰ মামাকে সুন্দৰকৈ ব্যৱসায়ৰ লগতেই তাপচী আৰু নীলয়ৰো দায়িত্ব পালন কৰাত তাপচীয়ে লাহে লাহে দুখবোৰ পাহৰাৰ লগতে প্ৰতিটো কামতেই সম্পূৰ্ণ বিশ্বাসত ল'লে মিহিৰ আৰু মামাকক । দিন যোৱাৰ লগে লগে তেওঁলোকে কোৱা ধৰণে য'ত যি চহী কৰিব লাগে  কোনো প্ৰশ্ন নকৰাকৈ কৰি গ'ল সকলো। কিন্তু চতুৰ মামাক আৰু দাদাকে তাইৰ সৰলতা আৰু বিশ্বাসক ভৰিৰে মোহাৰি এনে নীচ কাম কৰিব বুলি সপোনতো ভবা নাছিল বেচেৰীয়ে।  পাঁচটা বছৰৰ ভিতৰতে গোবিন্দৰ ঘৰ-বাৰীকে আদি কৰি কিছু জমা পূজিৰ লগতেই ব্যৱসায়টোও আইনী প্ৰক্ৰিয়াৰে মিহিৰৰ নামত কৰাই ল'লে  আৰু সকলো কাম সম্পূৰ্ণ কৰি আজি আইনৰ ৰঙা চকু দেখুৱাই তাইৰ লগতে একমাত্ৰ পুত্ৰটিকো ৰাজপথলৈ উলিয়াই দিছে। 
      আকস্মিক ঘটনাটৱে তাইৰ এই অৱস্থা কৰিছে। বেচেৰীয়ে এতিয়া ক'ত যাব, কি কৰিব ভাবি দিক-বিদিক হেৰুৱাই পেলাইছে।
      ঘটনাৰ সবিশেষ জনাৰ পিছত উপস্থিত চিনা-অচিনা সকলোৱেই তাপচীৰ প্ৰতি সহানুভূতিশীল হৈ পৰিছে যদিও তাইক সেই মুহূৰ্তত সহায় কৰিব পৰাকৈ কোনো উপায় নাই কাৰোৰেই হাতত। কিয়নো মিহিৰহঁতে সকলো কাম ইমানেই নিখুঁত আৰু নিয়াৰিকৈ কৰিছিল যে ঘৰ খালী কৰাবলৈ অহা স্বয়ং দণ্ডাধীশ জনেই তাপচীৰ ওচৰলৈ গৈ কঁপা কঁপা মাতেৰে মাথোঁ কৈছিল----মোক ক্ষমা কৰিব, মোৰ হাত-ভৰি চৰকাৰী নীতিত বন্ধা, আপুনি মাথোঁ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক।
       মিহিৰ আৰু তাপচীৰ মামাকলৈ যথেষ্ট খং উঠিল চুবুৰীয়া সকলোৰে। তেওঁলোকে সেই মুহূৰ্তত তাপচীক  একো সহায় কৰিব পৰা নাই যদিও তাপচীক ন্যায় দিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল আৰু তাইক অভয় দিলে-----তুমি চিন্তা নকৰিবা, আমি তোমাৰ থকা-খোৱাৰ কিবা ব্যৱস্থা কৰিম আৰু তোমাৰ হৈ আমি আদালতত গোচৰ তৰি তোমাক ন্যায় দিয়াৰো চেষ্টা কৰিম।
       আউলী-বাউলী হৈ মাটিত বাগৰি থকা তাপচীক আইতা এজনীয়ে গা-মূৰ পিহি উঠোৱাৰ চেষ্টা কৰি বুজনি দিলে---
  
     " আই  বিধাতাই  কপালত কি লিখি পঠিয়াইছে কোনেও নাজানে,
 এই কথা অৱশ্যে সকলোৱে জানে,
 যি মানুহে যি কৰ্ম কৰে, তাৰ ফল হাতে হাতে মিলে।"

 

 


“নদীৰ পাৰত বহি বহু কথা মনত পৰে “

ছেলিমা বেগম 
জিলা নগাঁও 

মনটো ভাল নগা নাই নদীৰ পাৰত বহি বহি হেৰুৱা সপোনবোৰ আমনি কৰি আছে ৷কিজানি আকৌ বুটলি আনিব পাৰিম হেৰুৱা সপোন ৷কেতিয়াবা মন যায় সকলোতে চুটি লৈ তোমাৰ কথা ভাবি ভাবি দিনবোৰ পাৰ কৰি দিম ৷এনেতে পিছফালৰ পৰা অনিলে মাত লগালে হেৰৌ বন্ধু অকলে অকলে বহি কি কথা ভাবি আছ ৷ দীপকে হুমুনি এটা মাৰি কলে, 
কিনোঁ শুনিবি আজি পাঁচটা বছৰ পাৰ কৰিলোঁ নিজৰ পত্নীক হেৰুৱাই ,স্মৃতিবোৰে আমনি কৰি থাকে সদায় ।
দীপক : বন্ধু অনিল, বহ মোৰ ওচৰত হয় মোৰ জীৱন! অণিমা মোক বৰ ভাল পাইছিল। তাই মোক লৈ বহুতো সপোন দেখিছিল, তাইৰ মনত বহুত আশা আছিল। কিন্তু আজি আমি অনুভৱ কৰিব পাৰিছো অকলে অকলে। জীয়াই থাকিবলৈ বৰ হেঁপাহ আছিল। কিন্তু নিষ্ঠুৰ ভগৱানে এইখন পৃথিৱীৰ পৰা সকলো আশা বিলুপ্ত কৰি পেলাই উটুৱাই  লৈ গ'ল মোৰ বুকুখন খালী কৰি। আজি মই আৰু মোৰ লগৰীয়া হেৰুৱাই অকলশৰে থাকিবলৈ সক্ষম হৈছো । নিজৰ সন্তানক দুগ্ধপান কৰোৱাৰ বাবে বহুত ইচ্ছা আছিল অণিমাৰ । সন্তানটী  আজি কালি মা"ক বিছাৰি মোক সুধি থাকে, মই উত্তৰবিহীন তাইৰ জোনবাইৰ নিচিনা মুখৰ ফালে চাই মিচিকীয়া হাঁহি এটি মাৰি তাইক অলপ শান্তনা দিওঁ। আজিও অণিমাৰ স্মৃতিয়ে মোক আমনি কৰে। সুখৰ সংসাৰ কেনেকৈ বিষাক্ত পদাৰ্থ আহি সোমাই পৰিছে। উফ্ মোৰ জীৱন! 
অনিল : বন্ধু দীপক শুন, ভগৱানৰ ইচ্ছাৰ বাহিৰে আমি একো কৰিব নোৱাৰো । ভাগ্যৰ খেল ওপৰৱালাৰ হাতত, আমি  মাথোঁ ভাৱৰীয়া। ভগৱানৰ ইচ্ছাৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰি । যিটো হৈছে তাৰ বিৰুদ্ধে যুঁজিবলৈ যাব নোৱাৰিম। মানুহৰ মাজত এনেকুৱা কিছুমান ঘটনা ঘটে যদিও আমি  শক্তিশালী হোৱাটো উচিত । এনেকৈ মন ভাঙিলে নহ'ব, বন্ধু তোৰ এটি সন্তান আছে যদিও অণিমা গুচি গ'ল আৰু এনেকুৱা অণিমা পৃথিৱীৰ ভিতৰত জন্ম হৈছে । অন্তত তোৰ মৰমৰ সোণজনীৰ কথা চিন্তা কৰিব লাগিব। সোণজনীৰ এটা ভৱিষ্যৎ আছে। সন্তানৰ বাবে উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। এনেকৈ ভাঙি পৰিলে নহ'ব। যি হৈছে হৈ গ'ল, পিছৰ কথাবোৰ মনত ৰাখি লাভ নাই। সোণজনীৰ কথা ভাবিব লাগিব যাতে তাইৰ ভৱিষ্যতে কোনো ধৰণৰ বিপদ আহিব নোৱাৰে। বন্ধু তেনেহ'লে মোৰ সোণজনীৰ কথা ভাবি তোৰ পৰামৰ্শ লবলৈ বাধ্য হব লাগিব। হয় বন্ধু  আমি আমাৰ সন্ধানৰ কথা চিন্তা কৰিব লাগিবই ।

Gateway Academy ৰ সৌ ছোৱালী জনী

হৃদয় বৈশ্য
   দ্বাদশ শ্ৰেণী
বাইহাটা চাৰিআলি(কামৰূপ)        

নামটো ছাগে জানাই নহয়।
যেতিয়া তাই মহাবিদ্যালয়লৈ আহে 
ৰাতিপুৱা ৯ বজাৰ ক্লাছটো কৰিবলৈ 
তেতিয়া তাইৰ খোজত সৰি পৰা কৃষ্ণচূড়াৰ ফুলবোৰেও প্ৰাণ পাই উঠে ।
কলেজ চুটীৰ পিছত তাই যেতিয়া বাইহাটা চাৰিআলিৰ ফুটপাথত যৌৱনৰ সুবাস অকণ দি
খৰখৰ কৈ গাভৰু খোজেৰে  যাই তেতিয়া
মোৰ হৃদয়ত ভালপোৱাৰ ঝংকাৰ শুনিবলৈ পাও ।
তাই দুটি ওঠৰ হাহিটিয়ে 
মোক এখন বাহিৰৰ জগতলৈ লৈ যায় ।
যʼত থাকে মাথো মোৰ  একপক্ষীয় প্ৰেমৰ প্ৰেমিকা জনী  আৰু মই।
মোৰ দুওঠ কপাই
ভালপোৱাৰ ভাষাৰে কব মন যায়।
দেহা তুমি মোক ভাল পোৱা নে ।
কিন্তু দুৰ্বল হৃদয় খনৰ অমান্তি ।
হয়তো তুমিও কাৰোবাৰ প্ৰেমত পৰিলা চাগে।
          
অপেক্ষা 
 
✍🏻মাৰ্জিনা বেগম ।
      বৰপেটা              

তোমাৰ চকুৰ জোখৰ 
আকাশখন মই নহয় 
সেয়ে তোমাক উৰিব কোৱা নাই ,
তোমাৰ মনৰ জোখৰ 
ঘৰখনো নাই মোৰ 
সেয়ে তোমাক বহিব কোৱা নাই !
কিন্তু, তথাপি শুনা .....
মোৰ আকাশত সীমনা নেৰাখো 
হৃদয়ৰ পিঞ্জৰাখনো খোলা ৰাখিছো ,
কেতিয়াবা তোমাৰ আকাশত 
ধুমুহা আহিলে উভতিবা  ......!


  হেমন্তৰ একা-বেকাঁ বাটেৰে 

শ্যামল বৰা
 গৱেষক ছাত্র, কটন বিশ্ববিদ্যালয়

হেমন্তৰ একা-বেকাঁ বাটেৰে 
বাট বোলোতেই তোমাক লগ পোৱা, 
এতিয়া আছাগৈ কোনোবা দিকচৌ বনত, 
( সন্ধিয়া ফুলা তৰাবোৰেও মন মাৰি থাকে ) 
মোলৈ বাৰু এবাৰ নপৰেনে মনত?

সৰিয়হৰ হালধীয়া সোপানত
মোৰ আইৰ জোলাঙাত সাধু এটা হৈ উমলি আছে, এজাক ৰ'দ, এজাক পোহৰ।

ডৰিয়লী ঘাটত, শুকুলা মেঘালী কহুৱাই হাঁহে
তুমি অহা বাটে বাটে পূৰ্ণিমাৰ জোন উঠে, 
নৈপৰীয়া মানুহজাকে ৰিং মাৰি মাতে। 

বতাহত উৰা বাঁহপাতত 
অচিন হাতৰ ধূলিকণা, 
কাৰনো মাতত দেহা হাত পৰিব
বুকুত দোমোজাৰ সপোনৰঙী আল্পনা।

ফাগুণৰ আকাশত চিলাখনি উৰিলেই জানিবা
লঠঙা ডালত ঠেৰেঙা পাতে কথা পাতিছে,
দুপৰ নিশা বিৰহী কেতেকীয়ে উচুপিলেই বুজিবা
নীলিমাৰ সীমনাত বহাগে পাহি মেলিছে। 

হেমন্তৰ একা বেকাঁ বাটেৰে 
বাট বোলোতেই তোমাক লগ পোৱা, 
এতিয়া আছাগৈ কোনোবা দিকচৌ বনত, 
মোলৈ বাৰু এবাৰ নপৰেনে মনত? 

                     
মা মোৰ বৰ ভাগৰ লাগিছে

হেমেন হাজৰিকা
                 ৰাণী
       কামৰূপ (ম) অসম

       মা
      তোৰ কোলাৰ উম
      কাৰ সতে তুলনা কৰিম
      কোনো আভিজ্যাত্যৰে
      জুখিব নোৱাৰা
      সেই সুখ ।।

    বহু ঠাই ঘুৰি 
    ঘৰমুৱা হওতে
    হাত বাউলী মাতে  ।।

    বহুদিন হ'ল
    তোৰ কোলাত
   এঘুমতি নুশুৱা
   কিমান যে মন যায়  ।।

  এইবাৰ ঘৰলৈ গ'লে
  তোৰ কোলাত এঘুমতি
  নিশ্চয় শুম  ।।

        
                                   
 "প্ৰকৃতিৰ ৰূদ্ৰৰূপ"

নৱজিৎ নাথ।
ছিপাঝাৰ,দৰং

 প্ৰকৃতিৰ বিনন্দীয়া মাজত,
 সেউজীয়া সেউজীয়া আবৰণৰে
 অসমৰ চুইজাৰলেণ্ডৰ মূল সংগমস্থলীত 
 চুই নিয়া অসমৰ ডিমাহাচাও একমাত্ৰ 
 পাহাৰীয়া ৰে'ল ষ্টেচন টো আৰু নাই।।

দুৰণি বটিয়া যাত্ৰীক হাত বাউলীৰে 
মন সাতখন _আঠখন কৰা। 
যাৰ প্ৰতিটো ডাবাতে প্ৰত্যেকৰে
প্ৰাণ পাই উঠে এক নতুনৰ উমান।
 এতিয়া অসমৰ পাহাৰীয়া ৰে'ল
 ষ্টেচনটো প্ৰায় নিশ্চিহ্ন দিশত।।

এমুঠি সুখ বিচাৰি ফুৰাৰ মাজত,
অসংখ্য উইটুভাৰ অন্যতম স্থলী।
জাতিংগা অলেখ পৰ্যটনৰ
ভিষ্টাৰদম যাত্ৰীক আদৰণি জনোৱা,
অসমৰ বিখ্যাত ৰে'ল ষ্টেচন টো আজি নি: শেষ।

প্ৰকৃতিৰ ৰম্যভুমি ভৰপুৰ
ডিমাহাচাও ৰে'ল ষ্টেচন
এতিয়া প্ৰকৃতিৰ ৰূদ্ৰৰূপ মাথোঁ 
অনাবিল আনন্দ আৰু প্ৰতিটো সময়ত
 প্ৰশান্তি ঢালি দিয়া সেই ৰে'ল ষ্টেচনটো
  আজি প্ৰকৃতিও হ'ল অসন্তুষ্ট ।।

মুখলধাৰ বৰষুণ
প্ৰলয়ংকাৰী বানপানী
তীব্ৰ ভুমিস্খলনে 
আজি কাঢ়ি নিলে ৰে'ল ষ্টেচন টো।
 এতিয়া পূৰ্বৰ দৰে নাই চঞ্চলতা ,
 সকলো মাথোঁ নিস্তব্দ
 কেউফালে মাটি আৰু পানী 
চোদিশে ভগ্নাংশ পাহাৰৰ এটুকুৰা
ভগ্নাংশৰ ভগ্নাংশ অপৰূপ সৌন্দৰ্য্য ।।



"শান্তি"

ৰেণু শৰ্মা, ডিব্ৰুগড়

মানুহক জীয়াই থাকিবলৈ লাগে 
অকণমান ভৰিৰ তলৰ মাটি, ভোকৰ ভাত, পিয়াহৰ পানী, এখনি বস্ত্ৰ গাত, এষাৰি মৰমৰ মাত, আৰুনো লাগে  কি? 
লাগে বহুত কিবা কিবি
এখন সমাজ, এটা ঘৰ, মাটি বাৰী, সা সম্পত্তি, দাস -দাসী, আ-অলংকাৰ, টকা - পইচা থাকিলে যিবোৰ কিনি ল'ব পাৰি। কিন্তু ঐশ্বৰিক বিভূতিৰে আহৰণ কৰিব নোৱাৰা এটাই বস্তু আছে, সেইটো হৈছে শান্তি। লোভ, মোহ, মায়াৰে আবৃত  সংসাৰ, পাই হেৰুৱাৰ বেদনা, নোপোৱাক পোৱাৰ লালসা, মনৰ পৰা কাঢ়ি নিয়ে
শান্তিৰ নিলয়
যিজনে ছয় ৰিপু জয় কৰে, লোভে মোহে নোৱাৰে টলাব, একান্ত মনেৰে যদি পাৰে জিলিকাব 
জ্যোতিৰ্ময় জীৱনৰ বাট, শান্তিৰ পাৰযুৰি ৰুণ দিয়ে তাত। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)