অসমীয়া সাহিত্যৰ চানেকি- তৃতীয় বৰ্ষ ৩৪৬ সংখ্যা

Rinku Rajowar
0
সূচীপত্ৰ


🔴পঢ়ুৱৈৰ সন্ধানত অসমীয়া সাহিত্যৰ চানেকি◾ফখৰুদ্দিন আলি আহমেদ


🔴অহংকাৰী মানুহ  বিচ্ছিন্ন হৈ পৰে ◾আব্দুল কাদেৰ মিঞা

🔴অলংকাৰ ◾নিতুমণি দাস

🔴হেৰোৱা অতীতৰ স্মৃতি◾ব্ৰহ্মদেৱ গোস্বামী 

🔴মই পাগলী◾কুমকুম গগৈ

🔴জী উঠো তোমাৰ বাবে◾দিপশিখা ৰাজকোঁৱৰ 

🔴ধূসৰৰঙী কথাবোৰ◾হৃদয়ৰঞ্জন চেতিয়া

🔴আঁচনি◾শ্ৰী উৎপল দাস

🔴তুমি অহাৰ কথা আছিল প্ৰেমিক চৰাই◾ৰিংকুমণি বড়া

🔴 এতিয়া গাওঁত কিহৰ সাজোন কাচোঁন◾পাপু শইকীয়া

🔴 অশ্বত্থামা ◾ মিন্টু গোৱলা

🔴 বীৰ লাচিত বৰফুকন  ◾ নৱজিৎ নাথ   


পঢ়ুৱৈৰ সন্ধানত অসমীয়া সাহিত্যৰ চানেকি



✍️ফখৰুদ্দিন আলি আহমেদ
         শালকাটি পথাৰ, ধিং, নগাঁও।

সম্প্ৰতি মোবাইল ফোনৰ ব্যৱহাৰে যুৱসমাজক সাহিত্যৰ অধ্যয়নৰ প্ৰতি অনিহা জন্মাইছে। যুৱসমাজৰ উশৃঙ্খলতা, যুৱ সমাজৰ দ্বাৰা সংঘটিত নানা অপৰাধ জনিত কু-কৰ্ম হয়তো ইয়াৰেই এক কুফল।
কুৰি শতিকাৰ আগলৈকে যুৱ সমাজত এনে মানসিকতা দেখা পোৱা নগৈছিল। প্ৰান্তিক, ৰহস্য, বিষ্ময় আদিৰ লেখীয়া মাহেকীয়া আলোচনী সমূহ যুৱ সমাজৰ দ্বাৰা যথেষ্ট সমাদৃত হৈছিল। সমসাময়িক ভাৱে বিভিন্ন লেখক লেখিকাৰ দ্বাৰা ৰচিত গল্প, উপন্যাস,কবিতা পুথি আদিও তেতিয়াৰ যুৱচামকে ধৰি ঘৰৰ গৃহিণী সকলেও অতি আন্তৰিকতাৰে অধ্যয়ন কৰিছিল। 
   স্মার্টফোনৰ আৱিৰ্ভাবৰ লগে লগেই যেন সেই পৰিৱেশটো নাইকীয়া হৈ গ'ল। সস্তীয়া হিন্দি চলচিত্রৰ নগ্নতাৰ পয়োভৰে গোটেই পৰিবেশটো বিনষ্ট কৰি পেলালে। যুৱসমাজৰ মানসিক স্খলন ঘটালে। ব্যৱহাৰত কঠোৰতা সোমাই পৰিল। কেৱল নিজকে লৈ ব্যস্ত হ'ব শিকালে। বন্ধুত্ব এনাজৰীডাল ক্ৰমাৎ চুটিহৈ আহিল আৰু আত্মকেন্দ্রিকতা হাড়ে-হিমজুৱে শিপাবলৈ ধৰিলে। হিন্দী চিনেমাৰ বেয়া দিশটোক আকোঁৱালিলৈ সহজে ধনঘটাৰ উপায়বোৰ নিজৰ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰাৰ কৌশল সমূহ চিন্তা কৰিবলৈ ধৰিলে আৰু সাহিত্যৰ অধ্যয়নৰ প্ৰতি ক্ৰমান্বয়ে বিৰাগ মনোভাৱৰ সৃষ্টি হৈ থাকিল। কালক্ৰমত অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন উৎস সমূহ বিপদাপন্নহৈ পৰিল। অতি কম সংখ্যক স্বনামধন্য লোকৰ অহোপুৰুষাৰ্থতহে অসমীয়া সাহিত্যৰ জগতখন বৰ্তী আছে।             পঢ়ুৱৈ নাথাকিলে লেখকৰ অমূল্য সৃষ্টিৰাজিৰ কি মূল্য আছে ? এগৰাকী লেখক বা লেখিকা প্ৰতিষ্ঠিত হয় পঢ়ুৱৈ সমাজৰ দ্বাৰা ।লেখক-লেখিকা সকল পঢ়ুৱৈ সমাজৰ দ্বাৰা যিমানেই সমাদৃত হ'ব সিমানেই সৃষ্টি হ'ব নতুন নতুন সৃষ্টিৰাজিৰ আৰু সেই সৃষ্টিৰাজিৰে টনকিয়াল হ'ব ভাষা সাহিত্যৰ ভঁৰাল।
  স্মার্টফোন এডিক্টেড সমাজখনক কাকতীয় আলোচনীলৈ ঘূৰাই অনাটো অসম্ভৱ। আজিৰ যান্ত্রিকতাৰ যুগত সকলোৱে বিচৰা বস্তু এটাক তাৎক্ষণিকভাৱে পাব বিচাৰে। অপেক্ষা আৰু ধৈৰ্যৰ পৰিসীমা নিচেই তাকৰ। সহজলভ্য বিষয়বস্তুৰ প্ৰতি সোনকালে আকৰ্ষিত হয়। সেয়ে সাহিত্য অধ্যয়নৰ বাবে যুৱসমাজ পুথিভঁৰাললৈ যাবলৈ দ্বিধাবোধ কৰিব ধৰিছে অথবা মুদ্ৰিত আলোচনী, উপন্যাস, বাতৰিকাকত আদি অধ্যয়নৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰি আহিছে। আজিৰ এই জটিল সন্ধিক্ষণত স্মাৰ্টফোন আৰু ইন্টাৰনেটকে মাধ্যমে হিচাপে লৈ ভাষা সাহিত্য অধ্যয়নৰ প্ৰতি যুৱ সমাজক আকৰ্ষিত কৰাৰ কৌশল অৱলম্বনে সাহিত্য জগতখনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। 
        সাহিত্যৰ অধ্যয়নৰ প্ৰতি অনুৰাগ সৃষ্টি কৰাৰ নিমিত্তে অসমৰ একমাত্র ৱেব ই আলোচনী অসমীয়া সাহিত্যৰ চানেকিয়ে  এক যুগান্তকাৰী পদক্ষেপ লৈছে। ই নিশ্চয় শলাগিবলগীয়। তিনিজন যুৱকৰ অহোপুৰুষাৰ্থত আৰম্ভ হৈছিল এই আলোচনীখন । বোকাখাটৰ ৰিণ্টু কুৰ্মী, নুমলীগড়ৰ দুলাল ৰবিদাস, যোৰহাটৰ ৰিংকু ৰাজোৱাৰৰ চেষ্টাত এই আলোচনীখনে আজিৰ ৰূপ পালে।  অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত ২০২০ চনৰ ১ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনীখন ৱেবছাইট যোগে প্ৰকাশ কৰা হয় আৰু আলোচনীখনৰ প্ৰকাশক গোষ্ঠীৰ নেৰানেপেৰা প্ৰচেষ্টাত ৩টা বছৰত প্ৰায় চাৰে এঘাৰ লাখতকৈও অধিক পঢ়ুৱৈৰ মাজলৈ আলোচনীখনক আগবঢ়াই নিবলৈ সক্ষম হ'য়।
     বিভিন্ন শিতানেৰে পৰিপুষ্ট  দৈনন্দিন ৰূপত প্ৰকাশিত আলোচনীখনত  থাকে  ন-পুৰনি লিখকৰ মনোগ্রাহী লিখনি সমূহ। তদুপৰি লিখনি সমূহৰ সংৰক্ষণ ব্যবস্থাপনাই আলোচনীখনক সাহিত্য জগতৰ এক গুৰুত্বপূর্ণ অংগ কৰি তুলাত সহায়ক হৈছে। 
   ভাষা সাহিত্যৰ অধ্যয়নে মাৰ্জিত ব্যৱহাৰ শিকায়। হৃদয়ৰ কঠোৰতাক কোমলতালৈ পৰিবৰ্তিত কৰে। মনত জগাই তুলে অনাবিল আনন্দ। দেশ, সমাজ আৰু জগতখনক ভাল পাবলৈ শিকায়। বন্ধুত্ব আৰু আত্মীয়তা ভাৱাপন্নৰ এক বিশাল হৃদয় গঢ়ি তুলাৰ লগতে চিন্তাক্লিষ্ট মনক আত্মবিশ্বাস আৰু নৱউদ্যমেৰে জীপাল কৰি তুলে। সু চৰিত্ৰবান আৰু দ্বায়বদ্ধতাৰ ব্যক্তিত্বৰে গঢ় দিয়ে একো একোজন সুনাগৰিক।

অহংকাৰী মানুহ  বিচ্ছিন্ন হৈ পৰে 

◾আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ 

মানুহে কেতিয়া গৌৰৱ কৰে?
যেতিয়া তেওঁৰ উপাৰ্জনে তেওঁৰ যোগ্যতাক অতিক্ৰম কৰে।
যেতিয়া এজন ব্যক্তিয়ে নিজৰ যোগ্যতাতকৈ অধিক সাধন কৰে তেতিয়া তেওঁ নিজকে অহংকাৰে মেৰিয়াই লয়। আনহাতে, যোগ্য ব্যক্তিয়ে যেতিয়া প্ৰাপ্য লাভ কৰে তেতিয়া তেওঁ নম্ৰ হয়। ই মানুহৰ মাজত ' কৃতজ্ঞতাৰ মনোভাৱ' গঢ়ি তোলে। কাৰণ দক্ষ মানুহ সদায় নম্ৰ হয়। কেতিয়াও এনে মানুহে গৌৰৱ নকৰে।
বাঁহ যিমানেই ওখ হয় মূৰটো সিমানেই তললৈ নামি আহে।গছ যিমানেই ফল দিয়ে সিমানেই তললৈ নামি যায়।
নদী যিমানেই গভীৰ হয় সিমানেই শব্দ কম হয় । আৰু সৰু সৰু পাত্ৰবোৰ অতি সহজে গৰম হয়।
প্ৰকৃতিয়ে সদায় আমাক নম্ৰ হ'বলৈ শিকাই আছে। কিন্তু প্ৰকৃতিৰ এই শিক্ষা আমি অস্বীকাৰ কৰি আছোঁ।
আমি কেতিয়াবা দহ মহলীয়া অট্ৰালিকা এটাৰ ওপৰত থিয় হৈ ভাবোঁ যে গছবোৰ আৰু মানুহবোৰ বহুত সৰু। আমি পাহৰি যাওঁ যে দিনৰ শেষত আমি সেই মাটিত নামিবই লাগিব।
আমাৰ বহুতেই আছে , যিসকলে আমাক জখলা হিচাপে ব্যৱহাৰ কৰি ওপৰলৈ উঠি যায়। এবাৰ ওপৰলৈ উঠিলেই ভাৱে জখলাটো আৰু কিহৰ প্ৰয়োজন। তাকে ভাৱি চিৰিটো লাথি মাৰি পেলাই দিয়ে। কিন্তু যেতিয়া প্ৰকৃতিৰ অদম্য নিয়মে ওপৰৰ পৰা নমাই দিয়ে তেতিয়া লাথি মাৰি পেলাই দিয়া জখলা খন কেতিয়াও পোৱা নাযায়।
ইয়াত আচল কথাটো হ'ল- ওপৰৰ পৰা নামিবলৈ যদি চিৰি নাথাকে, পতন অনিবাৰ্য। আৰু কোনো কোনোৱে এই অৱনতিক হ্ৰাস বুলি কয়।
আচলতে অৱক্ষয়ৰ বাবে কোনো জখলাৰ প্ৰয়োজন নহয় । 
এনে পতনৰ শব্দটো সদায় ডাঙৰ।
আচলতে অহংকাৰ মাথোঁ এটা 'ভ্ৰম'।
ই এটা উচ্চ পৰ্যায়ৰ কাল্পনিক ভ্ৰম।
কিছুমানে আকৌ এই ভ্ৰমত গোটেই জীৱন কটায় । কিন্তু ইয়াৰ ফলাফল শূণ্য।
ইগো এনেকুৱা এটা বস্তু যিয়ে কেতিয়াও একো উৎপন্ন কৰিব নোৱাৰে। কেৱল ধ্বংস কৰে।
নিমিষতে ধ্বংস কৰে জীৱনৰ কৃতিত্ব।
লাহে লাহে ঘনিষ্ঠ মানুহবোৰ আঁতৰি যায় । আৰু প্ৰেমৰ সকলো সম্পৰ্ক বিছিন্ন কৰে।
অহংকাৰী মানুহবোৰ অতি অকলশৰীয়া আৰু বিচ্ছিন্ন।
তেওঁলোকৰ ওচৰৰ মানুহবোৰৰ পৰা সদায় বহু দূৰত থাকে। 
প্ৰেমৰ পৰা বহু দূৰত।
বন্ধুৰ পৰা বহু দূৰত আৰু আপোন জনৰ পৰাও বহু দূৰত থাকে।
আনকি তেওঁলোকে ভগৱানৰ পৰাও বহু দূৰত।
এনে অহংকাৰী ভ্ৰম প্ৰভাৱিত মানুহবোৰৰ প্ৰতি মোৰ বৰ কৰুনা হয়।
ভগৱানে এওঁলোকক জ্ঞানৰ পোহৰেৰে আলোকিত কৰক তাৰে কামনা কৰিলোঁ।

চুটিগল্প
অলংকাৰ      

◾নিতুমণি দাস/ঢকুৱাখনা।    

পাপৰিয়ে হতাশ মনেৰে গিৰিয়েক পুলকক ক'লে, "আজি কালি বিয়া বোৰলৈ যাবলৈকে লাজেই লাগে মানুহ বোৰে কাণ আৰু ডিঙিলৈ মন কৰে। প্রায় বিলাক মহিলাই সোণৰ নেকলেচ পিন্ধি আহে নাইবা বজাৰৰ দামী অলংকাৰ পিন্ধি আহে। মোৰ হে সোণৰ ,ৰূপৰ বা বজৰুৱা একো এপদ গহনা নাই। উদং ডিঙিটোলৈ মানুহ বোৰে চকু দিলে এনে লাগে যেন সকলোৱে মোক দুখীয়া বুলি উপহাস কৰিছে"। 

 পাপৰিৰ কথাখিনি নিৰবে শুনাৰ পিছত পুলকে ক'লে, "মোৰ উপাৰ্জন কিমান তুমি নজনা নহ'য়! কেনেকৈ সংসাৰখন চলাইছো  সেইয়াও তুমি ভালকৈয়ে জানা। গতিকে আনৰ 
বিলাসিতা বোৰ দেখি মন সৰু নক'ৰিবা। তুমি গহনা নিপিন্ধিলেও মোৰ বাবে বিশ্ব সুন্দৰী। বাহিৰৰ ৰং চং বোৰ দেখি নাভাবিবা সেই অলংকাৰ পিন্ধা সকলো তিৰোতাই বৰ সুখী বুলি। খুব অলংকাৰ পিন্ধি ঘুৰি ফুৰা বিজুমণিক চিনি পোৱা নহ'য়! তাই গিৰিকে পৰৰ তিৰোতাৰ লগত দেশে বিদেশে ঘুৰি 
ফুৰে সেই বাবেই পতি পত্নীৰ মাজত ঘোৰ কন্দল। 

আমাৰ উপাৰ্জন কম হ'লেও মৰম আৰু বিশ্বাস অসীম। মানুহৰ দৃষ্টি লৈ গুৰুত্ব দিলে কোনোদিন সুখী হ'ব নোৱাৰিবা। মানুহে যেতিয়া নিজক আনৰ লগত তুলনা কৰিবলৈ যায় তেতিয়া অসুখী হৈ পৰে আৰু হীনমন্যতাত ভোগে। গতিকে নিজক আনৰ লগত তুলনা নকৰিবা। নথকা বোৰ পাবলৈ কৰ্ম  কৰাটো ভাল কথা কিন্তু নাই বুলি হতাশ হ'ব নালাগে কাৰণ মন দুৰ্বল হ'লে সৰু কথাতে ভাঙি পৰে। 
মানুহে বিয়াত দৰা বা কইনাক শুভেচ্ছা, আশীর্বাদ দিবলৈহে যায়; অলংকাৰ বিজ্ঞাপন দিবলৈ নাযায় নহ'য়!

হেৰোৱা অতীতৰ স্মৃতি

           ◾ব্ৰহ্মদেৱ গোস্বামী 

যৌৱনৰ কাহিলী পুৱাত
দুটি ওঁঠৰ মাজেৰে সৰকি অহা
এটি মাথোঁ বাক্যই
গৈছিল মোৰ বুকু ভেদ কৰি
স্মৃতিৰ পটলৈ এতিয়াও ঘূৰি আহি
মাজে মাজে মোক কৰে আমনি ।
পাহৰোঁ বুলিও চোন পাহৰিব নোৱাৰি, 
প্ৰেমৰ স্বাক্ষৰ বহন কৰা
এটি পৃষ্ঠাৰ দলিলখন থৈছোঁ যতন কৰি,
এলান্ধু কলীয়া বাকছত
 কাপোৰৰ ভাঁজত
এতিয়াও চাওঁ মাজে সময়ে খুচৰি।

হাতৰ টিপত লুকুৱাই অনা
গুণাৰে বুটা বছা এবেগত কাপোৰ
অব্যৱহিত ভাবেই যদিও গৈছে ফিচিকি,
দলিয়াই কিন্তু দিব পৰা নাই 
সেইয়া যে মৰমৰ চিহ্ন বহন কৰা 
মোৰ প্ৰতি থকা তোমাৰ জ্বলন্ত প্ৰতিকী।

পোখাবলৈ নাপাওঁতেই প্ৰেমৰ কলিটি 
দৈণতাৰ কেৰোণে খাই 
পেলালে যদিও বীজতেই মৰহাই 
অদ্যপি মোৰ মানসপটত তুমি যেন 
এপাহি সদ্য প্ৰস্ফুটিত খৰিকাজাঁই।

মই পাগলী

◾কুমকুম গগৈ
শিৱসাগৰ, অসম

দেখিছা, এই ৰাজপথটো,
এই ৰাজপথটোৱেই মোৰ আৱাস;
সৌ যে কুকুৰকেইটা দেখিছা
সিহঁতেই মোৰ সন্তান।
তোমালোকে হাঁহিছা, বিদ্ৰূপ কৰিছা
মই পাগলী, মই প্ৰলাপ বলকিছোঁ বুলি।
নাই! মই প্রলাপ বকা নাই;
মই পাগলীও নহয়।
যেতিয়া মই হৃদয়ত এখন
নতুন পৃথিৱীৰ সপোন দেখিছিলো,
যাৰ ভূষণ আছিল প্ৰেম
তেতিয়া, প্ৰচণ্ড ঘৃণাৰে মোক
মোক ঘৰৰ পৰা উলিয়াই দিছিলা,
মই হেনো বোজা আছিলোঁ তোমালোকৰ
মই হেনো মানসিক ৰোগী ।
তীক্ষ্ণ বাক্যবানেৰে থকা সৰকা কৰা
এখন বেদনাগধুৰ হৃদয় লৈ
ওলাই আহিছিলো ঘৰৰ পৰা।
যি সময়ত প্ৰয়োজন আছিল
সহানুভূতি, আশ্ৰয়ৰ;
নোৱাৰিলা দিব সেই সময়ত।
এতিয়া আঁতৰি যোৱা,
নাহিবা বিদ্ৰূপ কৰিবলৈ।
তোমালোকে যিদৰে
বুকুত কামুৰি থৈ গ'লা সেইদৰে কিন্তু সেই কুকুৰকেইটাই
কামুৰি থৈ নাযায়।
এতিয়া মোৰ বুকুত নতুন সপোন,
ৰিক্ততাই যাৰ ভূষণ;
এতিয়া মোৰ একমাত্ৰ পৰিচয়
       "মই পাগলী"


(শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ভগ্নপ্ৰায় সাস্থ্যৰ এজনী মানসিক বিকাৰগ্ৰস্ত মহিলাক দেখি হোৱা মোৰ অনুভৱৰ আধাৰত)




জী উঠো তোমাৰ বাবে

◾দিপশিখা ৰাজকোঁৱৰ 

সকলোৰে আগত মনৰ দুখবোৰ
প্ৰকাশ নকৰি তেওঁলোকৰ সৈতে
মিছাকৈ হাঁহিবলৈ  প্ৰয়াস কৰিলেও
তোমাৰ আগত দুৰ্বলভাৱে ব্যৰ্থ হৈ পৰো ।
তোমাৰ বুজনিবোৰ শুনি বৰকৈ
উচুপি উঠিলেও ভাল লাগে মনটো
সৰু সৰু কথাতে তোমাৰ আগত
অভিমান কৰি অভিযোগবোৰ দি 
তোমাৰ খং উঠা মুখখনিলৈ চাই
প্ৰশান্তিত পুনৰ জী উঠো তোমাৰ বাবে ।
দুৰ্বল হৈ পৰা অভিমানী মনটো
একমাত্ৰ তুমিয়েই নিয়ন্ত্ৰণ কৰিব পাৰা
মোক বুজি পোৱাৰ সামৰ্থ্য আৰু
মোৰ অভিমানবোৰ সহ্য কৰাৰ শক্তি 
কেৱল তোমাৰ ওচৰতে আছে ।
মোক সুখী কৰি ৰাখিবলৈ তুমি
নিজৰ অভিমানো দমাই থোৱা
সেইবাবে হয়তো মই তোমাৰ আগত
চকুলো লুকুৱাই ৰাখিব নোৱাৰোঁ
তোমাৰ আগত মই বহুত দুৰ্বল।




 

ধূসৰৰঙী কথাবোৰ

◾হৃদয়ৰঞ্জন চেতিয়া, গাৱ-নগাহাট, চৰাইদেউ, 

বুকুৰ একোণত চিতাভস্ম হৈ
জ্বলি জ্বলি শেষ হোৱা কথাবোৰ
দুচকুৰ আগত ধোৱা বৰণীয়া হয় আৰু ক্ৰমাৎ
ধূসৰৰঙী হৈ গিলি পেলায় এখন আকাশ...

আদৰৰ গামোচাৰ আগটোত
সন্মানকণ বান্ধি ,বেগাই বাট বুলো
একেখনিয়ে গামোচা আমাৰ
যুদ্ধৰ দিনত ককালৰ টঙালি
শান্তিৰ দিনত ডিঙিৰ ভূষণ হৈ উজলি থাকে...

ধূসৰৰঙী কথাবোৰ ফুটচাইৰ দৰে 
জাতিৰ দুৰ্দিনতো বতাহ অকণ পালেই
বেগাই উৰা মাৰে;
এনে কথাবোৰে আমাক গঢ়ে
আমাক ভাঙে আৰু
ভঙা কামিহাড়ৰ পাহাৰত খোদিত হৈ ৰয়
শ্বহীদৰ স্তম্ভ হৈ....

বুৰঞ্জীৰ প্ৰতিখিলা পাতত
মামৰে ধৰে, অভিনন্দন যাত্ৰী আহে
সোমাই বৰপীৰা লৈ গাৱে-ভূঞে
বিখ্যাত মহাজনৰ কঠুৱা মাত
গাৱ-চহৰ সকলো নিমাত!

এই কথাবোৰ বিপ্লৱৰ,  জাতিৰ তেজৰ
মাটিৰ গান খেতিয়কৰ;
বেলি ডুব নিয়াৰ অনিয়মত
প্ৰচণ্ড আঘাত
ভেটা ভাঙি ভেটি যায়
তথাপি বহি থাকিলে হাতসাবটি
কবতো লাগিবই উপায় নাই...

আমি সকলো হেৰুৱাই দধীচি হও
একেখন চোতালত জেওৰা বান্ধো 
ফুচফুচাই কথা পাতো 
শকুনিক শকুন্তলা জ্ঞান কৰি
প্ৰেমত পৰো;
তাৰ পিছৰছোৱাত ইতিহাসো অসহায়!
আমিবোৰ তেনেই নিৰুপায়
ধূসৰৰঙী কথাত বাট হেৰুৱাই....

            

আঁচনি

◾শ্ৰী উৎপল দাস
       বোকাখাত কুৰুৱাবাহী

মধ্যবৃত্তক জোৰকে কানতলিয়া এটা মাৰি জোৱা এটা শব্দ হৈছে চৰকাৰী আঁচনি ।

চাল্লা তই মধ্যবৃত্ত তোৰ ক'ত যায় ফুপলা অভিমান ।

 মাহৰ পিছত মাহ ধৰি যে তই  পিন্ধি আছ চেন্দেলযোৰ আজি মুছিৰৰ ওচৰলৈ নিব হৈছে । তাকে লৈ তোৰ অভিমান, মই দামি বেন্দৰ চেন্দেল পিন্ধু  ।

মই বহুত বছৰৰ আগত হাকিম আছিলো, মোৰ ভতিজা দক্টৰ এইবোৰটো আছেই তোৰ মুখত ।

দুখিয়াও নহয় তেওঁ ধনিও নহয়, তেনে ঘৰৰ মানুহে চৰকাৰী আঁচনিৰ সুবিধা নাপায় কাৰন তেওঁ মধ্যবৃত্ত ।

বহুত দূখ কস্তধ আৰু হাজাৰ বাসনাৰ পৰা বনচিত হ'ব লগা হয় মধ্যবৃত্তই ।

কৰ্মৰ বিসাল পৃথিৱীত শ্ৰেণী বিভাজন চৰকাৰী বেচৰকাৰীৰ, বিনামূল্য আচঁনিৰ হাতোৰায়ে মধ্যবৃত্ত মূৰত ৰাম তাঙোন দি গৈছে ।
  
বেচৰকাৰী কৰ্মীৰ চৰকাৰী আচঁনিৰ অন্তভোক্ত নোহোৱালৈকে মধ্যবৃত্ত বনচিত হৈ থাকিব ।

          

তুমি অহাৰ কথা আছিল প্ৰেমিক চৰাই
                                      
✍️ ৰিংকুমণি বড়া                                             ঢকুৱাখনা     
                                                                      
          
তুমি অহাৰ কথা আছিল প্ৰেমিক চৰাই
জাৰ-জহ, হাজাৰ ধুমুহাকো নেওচি
তুমি অহাৰ কথা আছিল...... 
জানো, বৰষুণৰ চহৰত তোমাৰ নিগাজি ঠিকনা
বৰষুণ শেষ হ'ল..... 
কৃষকৰ কঙাল বুকু চিৰাল ফাঁট দিলে
তথাপিও তুমি নাহিলা....
নদীৰ পাৰত, বেলিৰ অস্তাচলত, ৰাগী লগা ধোঁৱাৰ মাজত
ক'তোৱে তোমাক নাপালোঁ...... 
গুম-গুমীয়া ঢেঁকীৰ মাত এটা বুকুত বান্ধি
তুমি বোলে জীৱনক বিচাৰি ফুৰিছা.... 
কেতিয়াবা কোনোবা চম্পাৱতীক
পলুৱাই নিয়াৰ সপোন দেখুৱাইছা
কেতিয়াবা কাৰোবাক প্ৰেমত পৰাৰ 
হুমকি দিছা.....
কেতিয়াবা আকৌ দীঘলীপুখুৰীৰ পাৰৰ
সান্ধ্য আইন ভাঙি
কোনোবা গাভৰুৰ লক্-আপত বন্দী হৈ পৰিছা
অথচ... আজিও মই পাৰুৰ বেশত........ 
টিকটিকিয়া ৰঙা শাৰী.... মেলা চুলিৰে..... 
তোমাৰ সপোনৰ আলিবাটত
ৰুই আছো কৃষ্ণচূড়া...... 
অ' মোৰ প্ৰেমিক চৰাই এবাৰটো আহা
জালুকবাৰী..... আদাবাৰী... দীঘলী পুখুৰী
সকলো চলাথ....... 
তোমাৰ মাৰ হাতৰ সৰু পৃথিৱীখনটো বিচাৰি চালো
ক'তোৱে নাপালোঁ
তোমাৰ বাবে বদনামীও হৈ চালোঁ
নিয়মৰ বাহিৰতো উভতগোৰে নাছিলোঁ
সূতাৰ দলং সাজিলোঁ
অৰণ্যৰ সিপাৰৰ আকাশ চুই চাবলৈ
তোমাৰ স'তে
মোৰ প্ৰেমিক চৰাই....... তথাপি
তুমি নাহিলা
ইখনৰ পিছত সিখন চিঠিত
তুমি কোৱাৰ দৰে নিজকে উপচাই দিছোঁ
তুমি কৈছিলা
চিঠিবোৰ ঘুৰাই নুখুজিবা
সেয়াও বিনাপ্ৰতিবাদে মানি লৈছোঁ
তথাপি.... তথাপি তুমি নাহিলা
মনত আছে মোৰ কোনোবা আবেলি
নদীৰ গড়াত বহি অসীমত চকু থৈ কৈছিলা
"অযথা বেছি মৰম নকৰিবা
যিদিনা কাৰোবাক সচাঁকৈয়ে
তোমাৰ মৰমৰ প্ৰয়োজন হ'ব
সিদিনা তোমাৰ মৰমক তেওঁ
অৰ্থহীন ভাবিব...... "
তোমাক অযথা ভালপোৱাটোৱেই মোৰ ভুল নেকি? 
অ' প্ৰেমিক চৰাই তুমি অহাৰ কথা আছিল
তুমি নাহিলা...........! 
( প্ৰিয় কবি প্ৰণৱকুমাৰ বৰ্মনৰ হাতত আদৰেৰে)


এতিয়া গাওঁত কিহৰ সাজোন কাচোঁন 

                    ◾পাপু শইকীয়া 
                     চিনাতলী (গোলাঘাট) 
                     ভ্ৰাম্যভাষ:৭০০২৬৬৬৮১৯ 

গৰুৰ চিন ঘাহঁনিত, 
মহন্তৰ চিন মাঁহনিত 
চোতালৰ জুইকুৰাই মাতি নিয়ে 
শীতৰ সেমেকা ৰাতিত। 

আঘোণ  বুলি
সোণালী সপোন দেখি
পথাৰৰ সোনোৱালী ধাননি।

পুৱাই উঠি
হাততে লৈ কাচিখনি
গাৱঁৰ ৰূপহী দাৱনী।

কুৱঁলীৰ বগা আঁচল ফালি, 
ককাইটিৰ গাত নাই তৰনি, 
বিৰিয়াত সোনগুটিৰ ঝনঝননি।

সৰু সৰু আলিয়েদি
যায় ৰূপহী পখিলি জনী, 
মুখতে তামোলৰ সেলেঙি। 

অ'মোৰ পখিলি, তোৰ বাৰু মনত আছেনে নাই, 
অ' মোৰ পখিলি, বাৰিষা দুখ কষ্টেৰে ভৰা যায়। 

আঘোনত পাই ভোগালীৰ বতৰা 
কৃষকৰ মনত কত সপোন - আশা 
শীতৰ সেমেকা দিনবোৰ ব্যস্ততাৰে ভৰা 

লাই, সৰিয়হ , পালেং, মেথি 
বেঙেনা, বিলাহী, মূলা, কবি
খৰালিৰ চাপৰি ৰুপহী শুৱনি। 



এতিয়া গাওঁবোৰ, 
নৈপৰীয়া চৰ-চাপৰিবোৰ
আকৰ্ষণৰ কেন্দ্ৰ বিন্দু,
আপোনাৰ মনটোক কৰিব পাৰে চোৰ।।


অশ্বত্থামা
=========
           
◾মিন্টু গোৱলা 
লখিমপুৰ কদম

অশ্ব শব্দৰে জন্ম মোৰ 
অলৌকিক মণিধাৰী মই
‌কোন শক্তিয়ে কৰিব নোৱাৰে 
মোক ক্ষতি

অলৌকিক মণিৰে  ধ্বংস কৰিলোঁ
 পাণ্ডৱৰ কুল সেই মহা পাপে 
আজিও দহিচে মোক
শান্তি নাপাওঁ কতো ।

গোবিনৰ অভিশাপে 
 আজি বিনায়ছে মোৰ কাণত।

আজিও অমৰ হৈ ফুৰিছো 
জগতৰ বুকুত 
মৃত্যুৰ বিচাৰি হৈছো হাবাথুৰি 
দেখা পোৱা নাই মৃত্যুৰ মুখ 
ফুৰিছো অনাই - বনাই এই জগতত।

মহা পাপী অশ্বত্থামাই 
নাপাই কতো শান্তি 
গোবিনৰ অভিশাপেই 
অমৰ কৰি ৰাখিব,
এই অশ্বত্থামাক ।


   "বীৰ লাচিত বৰফুকন"   ______________________  
◾ নৱজিৎ নাথ, 
        ছিপাঝাৰ,দৰং    
  
   অসমৰ আকাশৰ উজ্জ্বল ভোটা তৰা, 
   সাহস আৰু বীৰত্বৰে জীৱন গথাঁ,
   চিৰনমস্য এক মহান যোদ্ধা তুমিয়ে।

  অসমৰ বুৰঞ্জীৰ পাতত, 
     অসীম সাহসৰ  বলত, 
    মোগলক প্ৰতিহত কৰিব পৰা
      মহাপৰাক্ৰমি যোদ্ধা তুমিয়ে।।
 
 নিজৰ কৰ্তব্য আৰু দায়িত্ব
  নিষ্ঠাসহকাৰে পালন কৰা, 
   নিজৰ নৰিয়া দেহেৰে কেৱল 
    অসমীয়া হকে জীৱন উচৰ্গা কৰা
    মহাপৰাত্ৰুমি যোদ্বা তুমিয়ে।।                                                    

   মোগলৰ  প্ৰতিহত কৰিবলৈ 
 উওৰ গুৱাহাটী ওচৰত গড় বান্ধত
   নিজৰ মোমায়েকৰ দায়িত্বত গাফিলতিত 
   নিজৰ হেংদাং খনৰে কাটি দুচোৱা কৰা।  
 "দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি
  প্ৰতিপন্ন কৰা মহান দেশপ্ৰেমিক তুমিয়ে।।

যুদ্বৰ সুবিধাৰ্থে দলং নিৰ্মাণৰে , 
 যুদ্ধ বস্তু হিলৈ, বৰতাপ সঞ্চাৰনৰে
  অসমীয়া মাজত অসীম মনোবলৰে   ,       
  মোগলক অসমৰ পৰা  চিৰদিনৰ বাবে খেদি ,
  অসমীয়াৰ ভুমি , স্বাধীনতা আৰু প্ৰান 
    ৰক্ষা কৰা  মহান যোদ্ধা তুমিয়ে।।
    
লাচিত বৰফুকনৰ অসমীয়া আবেগ।লাচিত বৰফুকনৰ আমাৰ সাহস প্ৰতীক
 লাচিত বৰফুকনৰ প্ৰেৰনাৰ উৎস।
  লাচিত বৰফুকনৰ অৱদান 
  অসমৰ বুৰঞ্জীৰ পাতত ,  
  সদায় সোনালী আখৰ জিলিকি থাকক ।। 
            
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)