পিছে পিছে বহু দৌৰিলো, জানানে এতিয়া চোন
বৰ ভাগৰ লাগিছে
আবেলিৰ আকাশত চোন
বেলিও অস্তগামী হোৱাৰ উপক্ৰম হৈছে
সেয়ে অলপ জিৰণি লওঁগৈ ব’লা ৷
তুমি যদি যাব বিচাৰা তেন্তে যোৱা,
মই অকলশৰে বাট বুলি
নৈৰ পাৰত ক্ষন্তেক বহিব বিচাৰোঁ।
নৈৰ পানীত তোমাৰ প্ৰতিচ্ছবি বিচাৰিম ৷
ঠিক আছে দিয়া নাযাওঁ বাৰু
একেলগে আহিছিলোঁ যেতিয়া একেলগে যাম
নে কি কোৱা ?
তেতিয়াহে জীৱনৰ খলাবমা ৰাস্তাত হাতে হাত ধৰি আগবাঢ়িব পাৰিম ৷
জীৱনৰ খলা- বমা পথত
কিমান দূৰলৈ তুমি মোৰ
হাতে-হাত ধৰি যাব পাৰিবা?
পাৰিবানে আজীৱন?
নাজানো!!কিন্তু জীয়াই থকালৈকে চেষ্টা কৰিম ৷
বলা তেন্তে দুয়ো হাতে-হাত ধৰি জীৱনৰ বাট বুলো ৷
জীৱনত প্ৰেমৰ সেউজীয়া পৃষ্ঠাবোৰ
সযতনে সজাই ৰাখো চিৰদিনলৈ।
পুৱাৰ কোমল ৰ’দৰ উম লৈ
বিচাৰিম হেপাঁহৰ ৰঙীন সপোন ৷
বুজিছানে !!!
বেলি লহিয়াবলৈ এতিয়াওচোন
বহুত সময় আছে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ