সুবাসৰ বীজ সিঁচি,
অসমী আইৰ চোতাললৈ
প্ৰকাশৰ ঢল বোৱাই অনা,
অসমীয়া আইৰ সন্তান।
তুমি গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।।
সংগীতৰ ছন্দ -ছন্দে
জনতাক নিস্পেয়িত কৰা
অসমৰ ৰনুৱা- বনুৱা,
হালোৱা- হজুৱাৰ
অমোষ শক্তি যাৰ,
অসমীয়া আইৰ সন্তান।
তুমি গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ।।
সমাজ জীৱনত
অভূতপূৰ্ব বিকাশ সাধি,
জীৱন নিৰহ জনসাধাৰণৰ স্বাৰ্থত
দুখীয়া দুখ মোছন উচৰ্গা কৰা
জীৱনৰ মহান উদ্দেশ্য যাৰ,
তুমি গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।।
আপোন দেশক প্ৰাণতকৈ
প্ৰাণ ভৰি ভাল পোৱা,
স্বদেশ আৰু স্বজাতি সুৰক্ষাহকে
দেশ মাতৃক আহ্বান জাগ্ৰত কৰা
অসমীয়া জাতিৰ মহান খনিকৰ।
তুমি গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।।
সংগীতৰ অমীয়া সুৰৰে ,
জাতীয় চেতনাৰ ভাৱ জগোৱাৰ
সুন্দৰ একমাত্ৰ পূজাৰী স্বৰূপ।
সোণৰ অসম গঢ়িবলৈ পথ দেখুওৱা,
অসমীয়া জাতিৰ সাহসৰ প্ৰতীক।
তুমি গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।।
সুন্দৰৰ পোহৰৰ সমাজজীৱন
নৱ ৰূপ সজ্জাৰ আলোকিত কৰা,
একতাৰ ডোলৰে বান্ধিব খোজা
অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তি,
বিপ্লৱী কবি বুলি খ্যাত ।
তুমি গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।।
◾নৱজিৎ নাথ,
ছিপাঝাৰ,দৰং..
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ