কষ্টৰ সমীহীন
যাৰ নাই আলাসৰ পথ
ভাগৰুৱা দেহাৰে
ঘূৰি আহে নিশা হ'লে
সকলো কৰ্মী মানুহ,
সিঁহতৰ ভাগৰ আৰু কষ্টৰ
নাই অৱসাদ।
এটা নতুন পুৱালৈ বাট চাই থাকে
মনে মনে নিজকে প্ৰশ্ন ও কৰে
কাইলৈ ক'ত পাম বা কাম।
ৰাতিবোৰ,
বৰ যন্ত্ৰণাদায়ক আৰু অধিক বেদনাদায়ক
এছাম সৰু লোকৰ চিন্তাই চিন্তা
সমাজৰ চিন্তা , পৰিয়ালৰ চিন্তা লগতে নিজৰো চিন্তা,
এই চিন্তাবোৰ কৰিবলৈ
সময় লয় নিজান ৰাতি।
এনেদৰে চিন্তা কৰি কৰিয়েই
বহুতো লোকৰ মৃত্যু হৈছে
ক'তা
একোৱেই পৰিবৰ্তন ঘটা নাই চোন
সকলো আগৰ দৰেই আছে
সঁচাকৈয়ে এই ৰাতিবোৰ
বৰ ভয়ংকৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ