দোমোজাত-কুমকুম গগৈ

©Admin
0
তুমি মোৰ বাবে এতিয়া এখনি আধা খোলা কিতাপ;
বুজিও নুবুজো যেন তোমাক,
শুনিও নুশুনো যেন
তোমাৰ হৃদয়ৰ ভাষা।
কেতিয়াবা  এনে লাগে যেন
পৃথিৱীৰ সকলো সুখেই তোমাৰ হাতত;
কেতিয়াবা আকৌ এনে লাগে যেন,
তোমাৰ মনত বলি থকা ধুনুহাবোৰৰ
কোনো উমানেই যেন পোৱা নাই মই।

তুমি কোৱা প্ৰতিটো শব্দ
মোৰ বাবে কেতিয়াবা
এটি গীতৰ সুললিত সুৰ;
আকৌ কেতিয়াবা
বিষাদৰ এটি নিৰৱ সুৰ।

আজি যেন তুমি এটি সাঁথৰ
মোৰ বাবে,
বুজিও যেন নুবুজো তোমাক,
বুজা নুবুজাৰ দোমোজাত যেন,
তোমাৰ হৃদয়ৰ বাহিৰতেই 
এলাগী হৈ থমকি ৰৈ গ'লো মই।।


◾কুমকুম গগৈ
শিৱসাগৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)