শিক্ষক জনে সকলোকে সম্বোধন কৰি সুধিলে,- বাৰু তোমালোকৰ মাজত কোনোবাই এই ৰেখাটো চুটি কৰিব পাৰিবা নে?
কিন্তু ইয়াত এটা চৰ্ত আছে।
চৰ্তটো হ'ল- ইয়াক তোমালোকে মচিব নোৱাৰিবা । মচি নিদিয়াকৈ কোনে চুটি কৰিব পাৰিবা?
শিক্ষকৰ এনে আচৰিত চৰ্তত ছাত্ৰ- ছাত্ৰীসকলে অসন্মতি প্ৰকাশ কৰিলে। কাৰণ মচি নিদিয়াকৈ দাগটো কমোৱাৰ কোনো উপায় তেওঁলোকৰ ওচৰত নাই।
ছাত্ৰ-ছাত্ৰীৰ পৰা কোনো সঁহাৰি নাপাই শিক্ষকে ৰেখাটোৰ তলত আন এটা সৰল ৰেখা আঁকিলে। এইটো আগৰটোতকৈ অলপ দীঘল।
শিক্ষক জনে কবলৈ ধৰিলে- বাৰু তোমালোকে এতিয়া চোৱা আগৰ দাগটো মচি নিদিয়াকৈ সৰু হৈ গৈছে!
এতিয়া বুজিলা ? কাৰোবাক কমাব বা হেৰুৱাব লগা হ'লে তেওঁক স্পৰ্শ নকৰাকৈয়ে কৰিব পাৰি!
নিজকে ডাঙৰ কৰা,
নিজকে মহৎ মানুহ কৰি গঢ়ি তোলা ,
তেতিয়া আনক সমালোচনা বা বদনাম কৰি সৰু কৰিব নালাগিব।
তুমি ডাঙৰ হ'লে তেতিয়া তেওঁ এনেই তোমাৰ ওচৰত সৰু হৈ যাব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ