মই নাৰী-প্ৰিয়া বৰা

Rinku Rajowar
0
মা দেউতা অ 
 কিয় এনে কৰিলা তোমালোকে ?
কিয় নেভাৱিলা তোমালোকে ?
মোৰ আশা ,আকাংক্ষা,
মোৰ সপোনবোৰৰ কথা
মই নাৰী হ'লো বুলিয়ে...........
মোৰ কোনো আশা ,
সপোন নাছিল নেকি ?
তোমালোকে সেই সময়ত মোৰ কথা এবাৰো নুশুনিলা
তোমালোকৰ শুনিবলৈ এবাৰো সময় নহল,
তোমালোকে ভাবিলা কেৱল এই সমাজ খনৰ কথা
তোমালোকে ভয় কৰিছিলা........
কিজানিবা এই সমাজখনে মোক কলংকিনী বুলি হাঁহে
কিজানি মোক দেখিলে এই সমাজখনে ঘিণ কৰে,
তোমালোকে এই সমাজখনক লৈৱে  ব্যস্ত হলা
তোমালোকে এই সমাজখনৰ কথা ভাবিয়ে,
মোক ঠেলি দিলা একুৰা জ্বলা জুইৰ মাজলৈ।
মোৰ বহুত আশা,সপোন আছিল
কিন্তু তোমালোকে কি কৰিলা.........
তোমালোকে এই সমাজখনৰ বাবে
মোৰ আশা ,আকাংক্ষা ,
সপোনবোৰক ধুলিসাৎ দিলা,
কিন্তু এই সমাজখনে ........
 এই সমাজখনে জানো মোক শুধিছে
তই সুখীনে ,
তই কি খাইছ,
তই কেনেদৰে আছ,
নাই 
এই সমাজখনৰ এইবোৰ শুধিবলৈ সময় নাই
আৰু তোমালোকে 
এই স্বাৰ্থপৰ সমাজখনৰ কথাহে ভাবিলা,
কিন্তু মোৰ জীৱনটোৰ কথা এবাৰো নাভাবিলা।
তোমালোকৰ বাবে 
মোৰ জীৱনটোতকৈ 
এই সমাজখনহে ডাঙৰ হল
এতিয়া মোক কোনেও নুশুধে
 মই কেনেদৰে জীয়াই আছো
মই যে আজি নাৰী 
সেইবাবে চাগে,
সজাত বন্দী চৰাইৰ দৰে 
এই সংসাৰৰ মায়া জালত
 বন্দী হৈ আছো
ভুগি আছো এই সংসাৰৰ 
জালা যন্তনাত ,
পৰা নাই মই সংসাৰৰ বান্ধোনৰ পৰা মুক্ত হব
বুকুত হাজাৰ দুখ লৈ,গুপুত যন্ত্ৰণা লৈ,
আজি মই জীয়াই আছো
কাৰণ মই নাৰী।
(বৰ্তমান সমাজত এচাম মানুহৰ নাৰীৰ প্ৰতি থকা 
নিচঃমানসিকতাক দেখি লিখা এটি কবিতা)
           

◾প্ৰিয়া বৰা, যোৰহাট,অসম
            একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)