দ্বাদশ শ্রেণী
আছে জানো ক'ৰবাত কবিতাৰ পৰিধি
শেষ নহয় কেতিয়াও কবিতাৰ পৃথিৱী।
মৰমবোৰে যিদৰে মৰমক বিচাৰে
শব্দবোৰে লগ লাগি তোমাকেই বিচাৰে,
ক'ত যে কবিতাৰ কলি
প্ৰেম -বিৰহৰ বাটেদি
ফুলে কবিৰ মনতে আহি।
কবিতা জানানে তুমি
তুমি যে মোৰ জীৱন লগৰী,
কিদৰে কৰো প্ৰকাশ
এবুকু মৰম তোমালে বুলি।
কিমান যে পঢ়িছোঁ
প্ৰেমৰ জীৱনী.....
দুখ বেজাৰত তুমিয়ে সাৰথি।
নিজানত যেতিয়া কৰে আমনি
সুখ-দুখৰ স্মৃতি বোৰে আহি...
জন্ম হয় এটি নতুন শব্দৰ শাৰী।
ভাগি যোৱা হৃদয়ৰ তুমিয়ে লগৰী...
জীয়াই ৰাখা সিহঁতক প্ৰেৰণা দি।
কিমান যে শব্দৰ গাঁথনি...
চুই যায় মন বোৰ তোমাৰ পৃথিৱীত থাকি।
কেতিয়াওঁ নহয় শব্দৰ টনাটনি
নতুন শব্দ ই সদায় দিয়ে চিনাকি,,
ভাল পাওঁ জানা নিজতকৈ বেছি
কেতিয়াওঁ নহয় শেষ কবিতাৰ পৃথিৱী।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ