মই ৰাধা নহয়-কুমকুম গগৈ

Rinku Rajowar
0
মই ৰাধা নহয়,
যে কোনোবা কৃষ্ণৰ বাঁহীৰ সুৰে মোক বাউলি কৰিবলৈ ।
মই ৰুক্মীণীও নহয়,
কৃষ্ণক আচলৰ আঁৰত লুকুৱাই নিবলৈ।
মই এগৰাকী নাৰী,
নিজৰ প্ৰাপ্য, 
অধিকাৰৰ পক্ষে
আৰু হিংস্ৰ প্ৰেমৰ বিপক্ষে
যুদ্ধ কৰা এগৰাকী নাৰী মই।


মই শৰতৰ শেৱালী নহয়,
যে প্রতাৰিত হোৱাৰ পিছতো
নিজৰ সুবাসেৰে 
আনক মতলীয়া কৰিবলৈ;
মই ধূসৰ ফাগুনো নহয়,
সকলোৰে মন উদাস কৰি তুলিবলৈ।
মই এজোপা কুঁহিপাত মেলা বটবৃক্ষ ,
যি বসন্তৰ প্ৰেমত মোহাচন্ন।
ক্লান্ত বাটৰুৱাক আশ্ৰয় দিয়া
মাতৃ ৰূপা এজোপা বটবৃক্ষ মই।


মই বেলিও নহয় ,
যে তোমাক যাতনা দিবলৈ;
মই ধাৰাসাৰে দিয়া
 বৰষুণজাকো নহয়,
তোমাৰ সপোনবোৰ 
উটুৱায় নিবলৈ।
মই এজাক সমীৰণ,
উন্মুক্ত হৃদয়েৰে 
তোমাক ভাল পোৱা
তোমাক চেনেহ চুমা যচা
তোমাৰ প্ৰেমিকা ৰূপী এজাক সমীৰণ মই।।



◾কুমকুম গগৈ
ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শিৱসাগৰ
অসম
একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)