কৃষকৰ শাওনৰ সেউজীয়া
পথাৰত তেজক পানী কৰা,
আশাৰ এমুঠি সম্ভাৰ।
আঘোণ মানেই,
কৃষকৰ আশা এখনি জাঁলিকটা ৰিহা,
প্ৰাপ্তিৰ এক মধুৰ আনন্দ আৰু
বুকুত প্ৰেমৰ এজাক মিঠা বৰষুণ ।
আঘোণ মানেই,
কৃষকৰ বুকুত আশাৰ এজাক হেন্দোলনী ,
ঘৰলৈ লখিমীক আদৰণি আৰু
লগে ভাগে এসাঁজ ন-খোৱাৰ সময়।
আঘোণ মানেই,
কুঁৱলীয়ে ভৰা এখন তন্দাজাল আৰু
দাৱনীৰ কান্ধত সেই জিৰিক্
জিৰিক্ সুৰৰ এক বিননী।
আঘোণ মানেই,
সোনবৰণীয়া ৰ'দৰ
সোনগুটি চিক্ মিক্ ,আৰু
দাৱনীৰ মুখত ৰবাৱটেঙাৰ সোৱাদত
হাঁহিৰ এজাক খিল- খিলনি।
◾নৱজিৎ নাথ,
ছিপাঝাৰ দৰং......।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ