সময়ৰ প্ৰাচীৰতা-প্ৰিয়া বৰা

©Admin
0
শৈশৱৰ সেই দিনবোৰলৈ  বৰকৈ 
মনত পৰে এতিয়া
সময়ৰ ডেউকাত এতিয়া বিচাৰোঁ
ধৰাৰ বুকৰ শান্তিৰ  মধূৰ মুহূৰ্তবোৰ
যিবোৰ দিনত খেলিছিলো উলাহতে
বিলাই দিছিলো মৰমৰ ৰংবোৰ ,
এতিয়া সময়ৰ  কোৱাল গতিত
পাৰ হৈ গুচিগ'ল  সেই দিনবোৰ।
এতিয়া ৰিণি ৰিণি বাজি উঠে 
মোৰ বুকুৰ অলিন্দত
সেই শৈশৱৰ সোণালী দিনবোৰ,
আইতাৰ মুখৰ ৰসাল সাধু শুনা
তামোলৰ ঢকুৱাৰে খেলা 
ধূলি বালি লৈ খেলা দৰা কইনাৰ খেলবোৰ,
সমনীয়াৰ লগত কৰা ধেমালিবোৰ
সৰু সৰু কাজীয়াবোৰ ,
খেলিবলৈ নাপালে মুখ ওফন্দাই বহি থকা
ইটোৱে সিটোক সৰু সৰু কথাতেই 
অভিমান কৰি নমতাকৈ থকা ,
এতিয়া বাৰু ক'ত গ'ল সেই............
সৰু সৰু ধেমালিবোৰ , কাজীয়াবোৰ
ক'ত গ'ল সেই সৰু সৰু মান অভিমানবোৰ ।
আকৌ এবাৰ হাবিয়াস জাগিছে
লৰালি নামৰ স্মৃতিৰ বৰষুণ জাকত তিতিবলৈ
হাহাকাৰ কৰিছোঁ জীৱনৰ আধাবাটত
শৈশৱৰ দিনবোৰ বিচাৰি,
নিঃশেষ হ'ল সেই দিন
লোৰ সজাত পৰি ৰ'ল
সময়ৰ লগত বিলীন হৈ গুচি গ'ল 
সেই ভাললগা দিনবোৰ।
নাই আৰু আজি সেই দিন, সেই মুহূৰ্তবোৰ
ৰৈ গ'ল মাথো সেই সোণালী দিনবোৰ
অতীতৰ স্মৃতি হৈ ..........,
পাহৰো বুলিয়ো আজি পৰা নাই পাহৰিব 
সেই সোণসেৰীয়া শৈশৱৰ দিনবোৰ,
এতিয়া সেই শৈশৱ বিচাৰি 
মনে হাবাথুৰি খাইছে জীৱনৰ আধাবাটত,
পাৰ হৈ গুচি গ'ল সেই  ধূলিয়ৰি শৈশৱৰ দিনবোৰ
সময়ৰ প্ৰাচীৰতাত হৃদয় ঠেকেচি ।
    
            ◾প্ৰিয়া বৰা , যোৰহাট ,অসম
             একাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)