ছাঁই-প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী

©Admin
0
ছাঁই এটোপোলা লৈ 
বজাৰত বহিলো,
গ্ৰাহক আহিল
প্ৰশ্ন আহিল ছাঁই কিয় কিনিব?
মই ক’লো
গছপুলিত দিব, লহপহকৈ বাঢ়িব
বাচন ঘহিব, চকচকীয়া হ’ব
অঘাইটং কাৰোবাৰ মুখত সানিব
তেওঁ হয়তো বেছি লাজ পাব 
ইত্যাদি, ইত্যাদি...
এজনে ক’লে ছাঁই কোন ঠাইৰ?
মই ক’লো মন্দিৰৰ হোমৰ
তেওঁ এমুঠি ছাঁই কিনি ফোঁট ললে৷
পলমকৈ অহা এজনে সুধিলে ছাঁই ক’ৰ?
মই ক’লো শ্মশানৰ
তেওঁ সাত জাপ মাৰি আঁতৰি গ’ল৷
আকৌ এজনৰ একেই প্ৰশ্ন
ছাঁই ক’ৰ
ক’লো মোৰ ঘৰৰ
তেওঁ হাঁহিমুখে বাকী থকা ছাঁইখিনি লৈ গ’ল,
এবাৰো নুসুধিলে
মোৰ ঘৰৰ কি জ্বলি ছাঁই হ’ল...


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)