ৰিক্সাচালকৰ,
ঘৰত আছে মোৰ দুই ভগ্নী আবুল মাতৃ।
বয়স মোৰ অৰ্ধকুৰিৰ ওচৰা-ওচৰি
দেউতাৰ টান নৰিয়া আৰু মৌলিক
অভাবত হলো মই কৰ্ম মুখি।
ভোকত পৰি দুই ভগ্নী আৰু নৰিয়া
দেহৰ পিতৃয়ে কৰে চটবটনি।
কান্দি কান্দি মায়ে মোৰ চকুলৈ চাই শুধা জোলোঙাখন দিলে
মোৰ হাতত তুলি।
যাত্ৰা মোৰ জীৱনৰ,,,,,,,,,,,,,,
পথে পথে পৰিচালিত হলো মই
পথৰ ভিক্ষাৰী ।
সন্ধিয়া ঘৰ চাপো এজনী সফল
ভিক্ষাৰী হৈ,
এদিন দুদিনকৈ এনেকৈ বহুদিন
গুচি গল,
এদিন হলো মই উচ্চ ঘৰৰ বন কৰা
ছোৱালী।
কামৰ পদে পদে মালিক-মালিকিনীয়ে দিয়ে মোক
মানসিক আৰু শাৰিৰীক নিৰ্যাতন।
দিন বাগৰাৰ চেৱনিত হলো মই
গাভৰুজনী।
মাহৰ মূৰত পোৱা বেতন খিনি লৈ
ঘৰলৈ বুলি বাট লওঁ ,
পথত কোনোবাই দিয়ে সহানুভূতি, আন কোনোবাই কৰে কু দৃষ্টিৰে ভিৰ।
যিদিনাই পৃথিবী খনৰ কলা-বগা
ৰঙৰ অৰ্থ বুজি পালো সেই দিনাৰে
পৰা মোৰ আধৰুৱা শিক্ষাক জাগ্ৰত কৰিবলৈ মনত পণ ললো।
দিনৰ পোহৰত কাম কৰি ভাগৰি পৰো,
ৰাতিৰ নিৰব পৰিৱেশত
মম গচিৰ পোহৰত পৰহাৰ
সংগ্ৰাম কৰিলো।
সঁচাকৈ এদিন ৰাতিৰ এন্ধাৰ আঁতৰি সূৰুজ উদয় হল।
মোৰ পৰীক্ষাৰ ফলাফলৰ খবৰে
অঞ্চল ৰজনজনাই গল।
সাংবাদিকতাৰ ভিৰে মোৰ সতে
মালিক-মালিকিনীৰ সন্মান
উপচি ৰল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ