ডাৱৰীয়া বতৰত
বহিআছিলো আগফালৰ চোতালত
চকু দিলো ওপৰত
চাই পালো গছৰ ডালত
কি পালো মনত!
চাই থাকোতে উৰি ফুৰোতে
তোমাক পালো।
এবাৰ ৰৈ কৈ য়োৱা
তুমি নো কোন
সৌ স্বৰগৰ পৰা অহা দেৱ দূত
নে পৰিস্থানৰ পৰি
পাখী দুখনত আছে তোমাৰ
সোণৰ খনি।
চিকনি, চিকনি ঠোঁট দুটি
হীৰাৰ তৈয়াৰী ,
চমক ,চমক ঠেং দুটি
মুকুতাৰে তৈয়াৰী ,
সৰু ,সৰু পাখী দুটি
মনিৰ দি গাঁথা,,
চুল - বুলি চকু দুটি
মাৰ্বল দি গাঁথা
উৰি, উৰি কলৈ য়োৱা।
কোৱা তুমি কোন?
কি নাম দিম তোমাকে কোৱা
স্বৰ্গস্বৰী নে ৰূপেশ্বৰী !
পৃথিৱীৰ সবাতকৈ সৰু পক্ষী আমি।
নাম আমাৰ হামিংবার্ড
চমকি চমকি ঠোঁট দুটিৰে
ফুলৰ মৌ চুমো
পক্ষী জাতৰ ৰাণী বোলোতে
ভুল নহব আমাকে।
গছৰ পাতৰ মাজত আছে
আমাৰ ঘৰ,
নান্নী,মুন্নী পোৱালি দুটি
আছে আমাৰ ঘৰত।
বৰুণ দেৱতাই কোপদৃষ্টি
দিয়ে আমালৈ,
আচলৰ তলত উম দিওঁ আমি
অতি যতনেৰে ৰাখো।
সূৰ্য্য দেৱতাই যেতিয়া ভামুকিমাৰে
পাতল ছাঁত ৰাখো।
প্ৰকৃতিৰ নিয়মত যেতিয়া পাতসৰে
সিহঁতক উলিয়াই দিওঁ
এয়াই আমাৰ পৰমপৰা
পৰম ধৰ্ম আমাৰ
নিজৰ আহাৰ নিজেই বিচাৰি লয়
আমাক নেলাগে আৰু
কাৰু অন্যায় নকৰো আমি
প্ৰকৃতিৰ নিয়মত থাকোঁ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ