পখিলী খণ্ড ২- বিটুমনি কোচ

0
পখিলীহঁতৰ ঘৰৰ চালখন উৱঁলি গৈছে।আজিৰ পৰা ভাল হ'ব।যদিও ঘৰৰ কাম বহু খিনি বাঢ়িব।
বাপেক ওলাই গৈছে।মাকে বান্ধি দিয়া ৰচীডাল টানি -টানি তাই ধেকীত ধান খুন্দাত লাগিল।মাকৰ চৰুৰ তলৰ জুইকুৰা আজি যেন জ্বলিব বিচৰা নাই।সোনকালে ভাত কেইটা খাই আজৰি হৈ নল'লে ,পাছত জেমেলা হ'ব।এপাকত তাই বাঁহনী ডৰালৈ লৰ ধৰিলে।সাউৎতকৈ তাই বাঁহৰ জেং কেইডাল মান আনি মাকৰ জুইকুৰাত ভৰাই দিলেহি।মাকৰ আজি কিবা  হৈছে নেকি? পিৰাখনতে বহি মূৰটো আঠুত ভৰাই যেন চকুলোঁ টুকিছে।মাকৰ বেদনাখিনি তাই যেন বুজি উঠিছে।

জোঁৱাই এইবাৰ হৰেন খেৰ লগাইছোঁ।কেইবা বছৰলৈও চিন্তা নাই।খেৰ মুঠিটো ওপৰলৈ দলিয়াই বাপেকে কৈ উঠিল ।

মাকৰ সমবয়সীয়া ৰংপুনাই শাহুয়েকক আই বুলি সম্বোধন আজিও ধৰিব পৰা নাই।

ঐ সোনাই তই এইফালে নামি আহ।

মাজু আই ! ই পাছত আহিছিল।যা চাহ একাপ আনগৈ।
সোনাইক চাহকাপ দিওঁতে তাইলৈ সি চোৱা চাৱনিত তাইক এটা অবুজ শিহৰনে হাত ভৰি অৱশ কৰি পেলাইছিল হঠাতে।মতা মানুহৰ চাৱনিত ইমান মোহনী শক্তি থাকে বুলি আগতে তাই জনা নাছিল।তাই লচপচকৈ ভিতৰলৈ লৰ ধৰিলে।

ঘৰটো উদং হৈছে।সেমেকা মজিয়া খনত ৰ'দ এচেৰেঙা পৰি উজ্বল হৈ পৰিছে।ভিনিয়েক ৰংপুনাই ঘৰৰ চালত হৰেন খেৰ জাপি-জাপি  খুলশালিয়েকক জোকাৰিলে।খুলশালি ঘৰৰ ভিতৰলৈ অহা- যোৱা কৰি নাথাকিবা।বাঁহৰ মাৰলি পচা।মুৰতে পৰিব।
তাই ভিনিয়েকক ভাল নাপায়।সেইবাবে একো উত্তৰ নিদি মুখ ফুলাই আঁতৰি গৈ মাকৰ কাষ পালেগৈ।
অসহ্য বেদনাত মানুহজনী চটফটাই আছে।তাই মাকক সাৱটি ধৰিলে।ডিঙিলৈকে খুন্দা মাৰি ধৰা শোকটো চেপি ৰাখি মাকে মুখখন ঘূৰাই দিলে।
তাই দৌৰি আহিল দেউতাকৰ ওচৰলৈ।

মা কিবা এটা হৈছে।

কি নহয় ! এইবোৰৰ।

দেউতাকে কথাষাৰ আওকাণ কৰিলে।তাই বুকুৰ ভিতৰৰ পৰা শোক এটা উজাই আহি সোপা মাৰি ধৰিলে।
মাকে পেটটোত ধৰি হাউলি-হাউলি ওপৰলৈ চাই হাত জোকাৰি জোৱায়েকক আঁতৰি যাবলৈ ক'লে।অৱশ্যে জোৱায়েকে কথাষাৰৰ অৰ্থ বুজিব পাৰি লৰালৰিকৈ তললৈ নামি আহিল।সোনাই নামি আহোঁতে পখিলীলৈ লক্ষ্য কৰি ক'লে, বাকী খিনি পাছত কৰি দিম।এতিয়া যাওঁ।পখিলীয়ে অনুমান  কৰিলে ,সি তাৰ চকু দুটাই তাইৰ দেহাটোত  বৰকৈ জুমি-জুমি চাইছে।
এতিয়া যাওঁ।সোনাই কথাষাৰত তাই একো উত্তৰ নিদিলেও মৌনতাৰ মাজত সন্মতি ভাৱ প্ৰকাশ পাইছিল।

বাপেকে তৰ্জন -গৰ্জন কৰি উঠিল।

অলপ সময় ধৰ্য্য ধৰিব নোৱাৰিলি।

পখিলী দৌৰি গ'ল।ওচৰৰে গাদু পেহী, মাখনী বৰমাকক খবৰটো দিবলৈ।
মুহূৰ্ততে সৰু ভৰালটোৰ কাষতে কাপোৰে আৰ-বেৰ কৰি মাকক মাইকী মানুহ কেইজনী মানে আগুৰি ধৰিলে।আগলৈ  ,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)