পখিলী:খণ্ড নং ০৩~বিটুমনি কোচ

©Admin
0
'পখিলী, তই ভাই- ভনী কেইটা আঁতৰাই পঠিয়াই, বাপেৰৰ সু ভৰিটোৰ বুঢ়া আঙুলিটোত জুবুৰিয়াই এবাটি পানী আন।'
মাখনী বৰমাকৰ কথাত ,তাই ভাই- ভনী কেইটা ওচৰৰ খুড়ীয়েকৰ ঘৰলৈ পঠিয়াই দেউতাকৰ ওচৰলৈ গ'ল।পানীৰ বাটিটোত দেউতাকে যেতিয়া সু -ভৰি বুঢ়া আঙুলিটো থ'লে ,ফাট মেলা লেতেৰা আঙুলিটোত সোমাই থকা মলিখিনিয়ে পানী খিনি বোকাময় কৰি পেলালে।প্ৰতিপল দেউতাকৰ ঘৃণিত মুখখন মনৰ মাজত ভাঁহি থকা তাইৰ মুখলৈ ঘৃণিত লেলাওটি বৈ আহিল।

'পানী খিনি আনিছনে?'
বৰমাকে টেটুফালি চিঞঁৰি কোৱা কথাষাৰত তাই পানী বাটিটো লৈ দৌৰি আহিল।যদিও মাকৰ ওচৰ পায়, তাই থমকি ৰ'ল।
অমংগল, অমংগল।
তাই চিটিয়াই দিয়া পানী খিনিলৈ চাই, মানুহ কেইজনীয়ে খেচখেচাই উঠিল।

হালোৱা এচাৰি ডাল হাতত লৈ বাপেকে খেদি আহিল।তাই দৌৰি পাছফালৰ পুখুৰীটোৰ কাষ পালেগৈ।ফাটমেলি থকা বুঢ়াআঙুলিটোৰ বোকাময় পানী খিনি তাই মাকক খুৱাব নোৱাৰে।লাগিলে তাৰ সলনি তাই গালি, ধমকি, মাৰ খাব ।অলপ সময় তবধ মাৰি তাই আকৌ চুপে-চাপে মাকৰ আলেখ-লেখ চাবলৈ কাষ চাপি আহিল।
মৰা এটা জন্ম হ'লেই হয়।হে প্ৰভু।কথাষাৰ ভাবি তাই বেয়া নালাগিল।কিমান আৰু গো- মূত ধুম।বায়েকেও এটা পাবলৈ আছে।

ইমান লেবেজান হ'লে কেনেকৈ হ'ব।

'মাৰে গজ-গজকৈ ৯টা জন্ম দি ডাঙৰ দীঘল কৰিলে।মাকৰ জীয়েকহে তই।'

কথাবোৰ শুনি পখিলীৰ বুকুখন ধপংকৈ উঠিল।মাকৰ কিবা এটা হ'লে কি হ'ব।তাই দুচকুৰে দুধাৰি গৰম লোতক বৈ আহিল।বাপেকে পায়চাৰি কৰি আছে।শেষ ৰাতিলৈ মৃত্যুৰ সৈতে যুজঁ দি থকা মাকজনীৰ কাষত পখিলীৰ বাহিৰে কোনো নাই।দেউতাকৰ নাকৰ ঘট-ঘট শব্দত তাই জাপ খাবলৈ ধৰা চকুহাল আকৌ মেলখাই যায়।মাকৰ মূৰত তেল পানী দি থকা পখিলীয়ে মাকৰ এই অৱস্থা কেইবাবাৰো দেখা পাইছে।তাই পানী এগিলাচ মাকৰ হাতত দি কৈ উঠিল।
'বৌটি আৰু ল'ৰা নেপাবি।
মাকে তাই হাত খন খামুচি চিৎকাৰ কৰি ঢলি পৰিল।'

◾বিটুমনি কোচ
ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)