অন্তিম দিনটোৰ বিশেষ - শিৱানী বৰুৱা

©Admin
0

সময়ৰ চাকনৈয়াত পুনৰ অতীত হ'বলৈ গৈ আছে অন্য এটি বৰ্ষ । এই ৩৬৫ টা দিনে আমাক দি গৈছে অনামী সোৱাদ । কোনোবাটো যিমান তিক্ত ,আন কোনোবাটো আকৌ তাৰ বিপৰীতে শতগুণে মধুৰ ।প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনী খন সদায়ে সমান গধুৰ। সময়ৰ বলুকাত ক্ৰমাৎ নিশ্চিহ্ন হ'বলৈ ধৰিছে আৰু এটা ৩৬৫ দিনীয়া পৰিক্ৰমা।বহু বিপদেৰে জৰ্জৰিত হোৱা মনবোৰ পুনৰাই ঠন ধৰি উঠিছে আৰু মাথোঁ কেইটামান মুহূৰ্ততৰ পাছতে সৰাপাতৰ দৰে জীৱনৰ পৰা সৰি পৰিব অন্য এটা পৃষ্ঠা জীৱনৰ তথাপিও..তথাপিও আমি আশাবাদী ,আমি সপোনমুখী । পোৱা - নোপোৱাৰ হিচাপ ৰাখিব এৰি,সুখ-দুখ,হাঁহি-কান্দোন আটাইবোৰ পাহৰি আমি হৈ ৰওঁ আহক নতুন পথৰ পদাতিক । 
       কেতিয়াও নাভাবিব জীৱনত কেৱল দুখৰহে অভাৱ নাই । হৰ্ষ আৰু বিষাদ দুয়োটাই এই জীৱনৰে প্ৰাপ্তি ।যদি জীৱনত দুখেই নাথাকে সুখৰ মূল্য ক'ত ? মনত ৰাখিব হাজাৰ অমানিশা নেওচি পূবৰ বেলি ওলাবই ।মাত্ৰ প্ৰয়োজন ধৈৰ্য আৰু সাহসৰ সেই উদিত সূৰুযৰ আভাৰে নিজকে উজলাই তুলিবলৈ ।বৰ্ষটোৰ অন্তিমটি প্ৰভাতত আমি কামনা কৰিম আপোনাক আগতকৈও দুগুণ ধৈৰ্য আৰু সাহস দিয়ক ।দৃঢ় কৰি তোলক প্ৰতিটো খোজত ।আত্মবিশ্বাসী হওঁক ।উদযাপন কৰক জীৱনৰ প্ৰতিটো মূহুৰ্ত ।
ধন্যবাদ । 
                                      
▪️শিৱানী বৰুৱা  
     যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)