আজি মন মোৰ বৰকৈ আমনি কৰে,
সেই যে তুমি উৰুৱাই দিয়া
শান্তিৰ প্ৰতীক চৰাই হালৰ কথা।
নীল আকাশৰ মেঘৰ আঁৰত
সিহঁত অদৃশ্য হৈ পৰিছিল,
তেতিয়া ৰিব-ৰিব সমীৰত
তোমাৰ মেঘালি চুলিটাৰি ৰিহাৰ -
সাজত বৰকৈ সজাইছিল।
আৰু মই জুমি- জুমি চাইছিলো
তোমাৰ ৰহণক।
হঠাৎ সৰি পৰিছিল ৰিমজিম
বৰষাৰ টোপালবোৰ, তেতিয়া তুমি
দৌৰ দিছিলা ৰং-ঘৰৰ বাকৰিলৈ।
আৰু মই চলাথ কৰি ফুৰিছিলো
তোমাক বিচাৰি শিৱদৌল, জয় দৌল আৰু জেৰেঙা পথাৰত।
নিমিষতে মোৰ বুকুখন গধুৰ
হৈ পৰিছিল সেই মুহূর্তত ।
আমি বাৰু বুৰঞ্জী গৰহা এই স্থান বোৰ সঁচাকৈ পাহৰিলো নেকি !
নাই এই স্মৃতিৰ বিলুপ্তি কাহানিও
হ'ব নোৱাৰে, এই স্মৃতি অপৰাজেয়।
অৱশেষত জেৰেঙা পথাৰত
মই বিচাৰি পাইছিলো তোমাক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ