শুভ নৱবৰ্ষ ২০২৩ - সংযুক্তা দত্ত

©Admin
0
বছৰৰ আৰম্ভণিত এটা শুভেচ্ছা নিজক দিব। এটা বছৰ আমি পোৱা মানে সেয়া হ'ল আমাৰ বাবে এক উপহাৰ। নতুন বছৰে আমাৰ বাবে নতুন নতুন আশাবোৰ লৈ আহে। ৰং বিৰঙৰ সপোন দেখুৱায়। পিছৰ বছৰত কৰি অহা কামবোৰ আৰু ভালদৰে কৰিবলৈ মন যায়। বছৰৰ লগে লগে আমাৰ বয়স বোৰো বাঢ়ি যায়। ঠিক এনেদৰে যেনেদৰে ২৪ ঘণ্টা যোৱা মানে এদিন গুচি যায় । ৩০ দিন যোৱা মানে এটা মাহ গুচি যায় । ৩৬৫ দিন ১২মাহ ৫২ সপ্তাহ গুচি যোৱা মানে এটা বছৰ শেষ হোৱা । এনেদৰেই মানুহৰ বয়স আৰু বছৰ গুচি যায়। বছৰো নৰয় আৰু বয়সো। নতুনক আদৰাৰ হেপাঁহ সকলোৰে থাকে। এনেও আমাৰ নতুন শব্দটো শুনিলেই মনটো ভাল লাগি যায়। নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ । নিজে ভালে থাকক আৰু আনকো ভালে ৰাখক।   

 ✍🏻সংযুক্তা দত্ত
 দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)