পখিলী খণ্ড নং ০৭ -বিটুমণি কোচ

©Admin
0

গাঁৱৰ নামঘৰত ভাওনা হৈছে।উদুলি-মুদুলি পৰিৱেশ।ভাই-ভনীয়েক কেইটাক সন্ধিয়াতে ভাত পানী খুৱাই পখিলীয়ে ভাওনা চাবলৈ লৈ গ'ল।নামঘৰৰ কাষে কাষে মাটিতেই ট্ৰিপাল পাৰি গাঁৱৰ মাইকী মানুহবোৰ বহিবলৈ দিহা কৰি থৈছে।যদিও কেইবাখনো গাঁৱৰ মানুহে ভাওনা চাবলৈ অহাত, সোনকালে নগ'লে বহিবলৈ নেপায়।
ভায়েক-ভনীয়েক কেইটাক পখিলীয়ে ভালকৈ বহুৱাই ডিঙি মেলি চাৰিওফালে এবাৰ চকু মাৰিলে।

         "ঐ ছোৱালী অকণমান সিফালে যাচোঁন।"

অচিনাকি মানুহ গৰাকীৰ মাতত ভাই- ভনীকেইটা কাষলৈ চপাই তাই কুচি- মুচি বহি থাকিল।আনন্দ মুখৰ পৰিৱেশটোতো পখিলীৰ মন ভাল লগা নাই।বাৰে বাৰে তাইৰ মাকলৈ মনত পৰিছে।

ভাওনা আৰম্ভ হৈছে।কাষতে বহুৱাই লোৱা সৰু ভায়েকটোৱে তাইৰ আঠুটো সাৱটি টোপনিয়াবলৈ ধৰিলে।

কৃষ্ণৰ প্ৰবেশ ঘটিছে।নামঘৰ উৰুলিৰে মুখৰিত হ'ল।সিহঁতৰ পাছফালে বহি থকা বগীটিয়ে উল্লাসেৰে ডিঙি মেলি ক'লে,

     "ঐ পখিলী, কৃষ্ণৰ ভাওত সোনাইক সাইলাখ কৃষ্ণ যেন লাগিছে ঐ।"

"তোৰ পচন্দ হৈছে নেকি?"

পখিলীৰ কথাত চকু বেকা কৰি বগীটিয়ে তাইক হেঁচুকি দিলে।
পখিলীৰ কিবা এটা ভাল নালাগিল।
কৃষ্ণই লয়লাস ভংগীমাৰে বচন মাতি থাকোঁতে বাৰে বাৰে সিহঁতৰ ফালে চকু মাৰিছে।

     "ঐ পখিলী সোনাই ড্ৰেচ যোৰ দেখিছ।বৰ ধুনীয়া অ'।"
কথাষাৰ কৈ বগীটিয়ে তাইৰ পিঠি আৰু গলধনৰ ওচৰত আঙুলিৰে সুৰ-সুৰাই দিলে।

বগীটিৰ এই কাৰ্য্যবোৰত পখিলীৰ বৰ খঙ উঠিল।বুকুৰ মাজত কোনোবা খিনিত তাই বৰকৈ খোচা-বিন্ধা কৰিবলৈ আৰম্ভ কৰিছে।

ময়ুৰ পংখী মুকুট পিন্ধা কৃষক দেখি ভাই-ভনীয়েক কেইটাৰ টোপনি ভাঙিল।তাইৰ অশান্ত মনটো উৰা মাৰিলে, পুৱা ,গধূলি সিহঁতৰ ঘৰৰ আগেদি চাইকেল চলাই যোৱা সোনাই সুহুৰিটোলৈ।লগতে চাইকেলৰ টিলিং- টিলিং মাত।

কৃষ্ণ প্ৰস্থান হৈছে।বগীটিয়ে, উচাৎ- বিচাৎ কৰি বাহিৰলৈ ওলাই গৈছে।

নামঘৰৰ বাহিৰত কেইবাখনো মিঠাই দোকান আছে।বাপেকে খুচুৰা পইচা কেইটামান তাই হাতত দি পঠাইছিল।বগীটিয়ে বাহিৰত কি কৰিছে, তাকেই চাবলৈ তাইৰ মনটো উচপিচাবলৈ ধৰিলে।

   "মিঠাই খাবি নেকি?" 
তাই ভায়েক-ভনীয়েক কেইটাক সুধিলে।
ভায়েক-ভনীয়েক কেইটাই খাম- খাম বুলি জাপ মাৰি উঠিল।তহঁতে বহি থাক মই আনোগৈ।পখিলী বাহিৰলৈ ওলাই গ'ল।

        আগলৈ।


✍️বিটুমণি কোচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)