বীৰংগণা ৰূপত পূৰ্ণিমা- কণমনি নাথ

©Admin
0
পূৰ্ণিমাই পুৱাই বিচনাৰ পৰা উঠি গাঁ-ধুই পোনে পোনে গোসাঁইৰ থাপনাত শৰাই আগবঢ়ায় নিবেদন জনালে, ডাঙৰ ছোৱালী জনী পৰীক্ষাত ভবা ধৰণেৰে কৃতিত্ব অৰ্জন কৰিব পাৰে।
            কিয়নো নিজৰ স্বামীক হেৰুওৱা প্ৰায় ১০ বছৰ অতিক্ৰম কৰিলে। নিজৰ স্বামী কৰ্মস্থানৰ পৰা সন্ধিয়া ঘৰলৈ উভতি আহোতে পিছফালৰ পৰা তীব্ৰ-বেগী ট্ৰাকে মহটিয়াই নিয়ে! তৎক্ষণাৎ চিকিৎসালত নিয়া হয় যদিওঁ ডাক্তৰে মৃত ঘোষণা কৰিছিল। তেতিয়া পূৰ্ণিমাৰ আকাশ খন মূৰত ভাঙি পৰাৰ দৰেই হ'ল। দুই সন্তানক কেনেকৈ ডাঙৰ দীঘল কৰিব! একমাত্ৰ উপাৰ্জনৰ মানুহগৰাকী যেতিয়া নাই! স্বামী নোহোৱা মহিলা এগৰাকী সমাজত চলিবলৈ নানা প্ৰত্যাহ্বানৰ সম্মুখীন হবলগীয়া হয় যদিওঁ পূৰ্ণিমাই হেলাৰঙে সকলো সহ্য কৰি নানা দুখ-কষ্ট স্বীকাৰ কৰি বীৰংগণা ৰূপত আনৰ ঘৰত কাম কৰি দুই সন্তানক লালন পালনেৰে শিক্ষিতা কৰি তুলিলে।
            ডাঙৰ ছোৱালী অমৃতাই আজি স্নাতক সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আৰু সৰু লৰা বিকি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব।
কিন্তু সমাজৰ একাংশই বহু থাকিও নিজৰ সন্তানক শিক্ষিত কৰি তুলিব পৰা নাই বাবে পূৰ্ণিমাক কয়, ইমান কষ্ট কৰি লৰা- ছোৱালীক পঢ়াই কি লাভ হ'ব? ছোৱালীক সোনকালে বিয়া দি উদ্ধাৰহৈ লৰাক পঢ়োৱা। কিন্তু পূৰ্ণিমাই মানুহৰ কথাত গুৰুত্ব নিদি বীৰংগণা ৰূপতে নিজৰ কৰণীয় দায়িত্ব সঠিক ধৰণেৰে কৰি গৈছিল। পূৰ্ণিমাৰ মতে লৰা-ছোৱালী বুলি কথা নাই! সকলো সমান। মাথোঁ নিজৰ সন্তানক ভাল মানুহ ৰূপত প্ৰতিষ্ঠিত কৰা! পূৰ্ণিমাৰ অলপ কষ্ট হয় যদিওঁ সেই কথা সন্তানক উপলব্ধি হ'ব দিয়া নাছিল! মাকৰ লক্ষ্য প্ৰথমে যদি ছোৱালী অমৃতাই ভাল এটা কামত নিয়োজিত হ'ব পাৰে তেতিয়া পূৰ্ণিমাৰ কষ্ট সাৰ্থক হ'ব।
          সেইমতে অমৃতাই মাকে আগবঢ়োৱা শৰাইত গোঁসাইক সেৱা জনাই নিজৰ প্ৰৱেশ পত্ৰত উল্লেখ থকা পৰীক্ষা কেন্দ্ৰলৈ ৰাওনাহৈ পৰীক্ষাত অৱতীৰ্ণ হ'ল। আৰু পৰীক্ষাৰ অন্তত ঘৰলৈ আহি মাকক অৱগত কৰিলে, 'মা' মই এইবাৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিম পাৰিম। আপোনাৰ আৰু চিন্তাৰ কাৰণ নাই! তেতিয়া মাকৰ মুখৰ পৰা মৃদু হাঁহিৰ খোৰাক উঠিল এইবাৰ যেন পূৰ্ণিমাৰ পৰিয়াললৈ পোহৰৰ বিৰিঙনি প্ৰৱেশ কৰি সুখৰ বৰ্নিধ্যায়ৰ সূচনা হ'ব।
           যেতিয়া পৰীক্ষা আয়োগে সঠিক সময়ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে তেতিয়া অমৃতাৰ ফলাফল বিচৰা ধৰণেৰে প্ৰাপ্তি পালে। অমৃতা উচ্চ পদস্থ বিষয়াৰ ৰূপত জিলিকি উঠিল। অমৃতাৰ তেনে সফলতা দেখি গোটেই অঞ্চলতে আনন্দৰ জোৱাৰ উঠি পূৰ্ণিমাক সকলোৱে বা: বা: দি কলে, নিজৰ স্বামী অবিহনে নিজৰ সন্তানক চৰকাৰী উচ্চ পদস্থ বিষয়া ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ল। মাকৰ কাৰণে আজি অমৃতাই এনে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সকলোৱে অমৃতাক মৰমেৰে আশীৰ্বাদ কৰিলে। সকলোৰে মুখে মুখে মাথোঁ অমৃতাৰেই কথা। অৱশেষত তেনেকৈয়ে পূৰ্ণিমাৰ পৰিয়ালটিত সুখৰ বৰ্ণিধ্যায় আৰম্ভ হ'ল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)